গুৱাহাটীত প্ৰদেশ কংগ্ৰেছৰ নেশ্যনেল টেলেণ্ট হাণ্ট অভিযানৰ চূড়ান্ত সাক্ষাৎকাৰ সম্পন্ন

গুৱাহাটীত প্ৰদেশ কংগ্ৰেছৰ নেশ্যনেল টেলেণ্ট হাণ্ট অভিযানৰ চূড়ান্ত সাক্ষাৎকাৰ সম্পন্ন

ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটীৰ মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত ভাৰতীয় জাতীয় কংগ্ৰেছৰ ‘নেশ্যনেল টেলেণ্ট হাণ্ট’ অভিযানৰ চূড়ান্ত সাক্ষাৎকাৰ অনুষ্ঠিত হয়। অসমৰ ৩৫খন জিলাৰ পৰা অহা শতাধিক প্ৰতিনিধিয়ে ভাৰতৰ জাতীয় কংগ্ৰেছৰ নীতি-আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ ভাৰতীয় গণতন্ত্ৰৰ ভেটি অধিক শক্তিশালী কৰিবলৈ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ, মিডিয়া পেনেলিষ্ট আৰু গৱেষণা বিভাগত সেৱা আগবঢ়াবলৈ গুৱাহাটীৰ মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত অনুষ্ঠিত সাক্ষাৎকাৰত অৱতীৰ্ণ হয়। ভাৰতৰ জাতীয় কংগ্ৰেছৰ নেশ্যনেল টেলেণ্ট হাণ্ট অভিযানৰ অসমৰ দায়িত্বত থকা ন’ডেল কো-অৰ্ডিনেটৰ ড০ ৰাগিনী নায়ক আৰু সমন্বয়ক হৰ্ষদ শৰ্মাৰ তত্ৱাৱধানত অনুষ্ঠিত প্ৰতিযোগিতাত জুৰীৰ সদস্য হিচাপে বিশিষ্ট সাংবাদিক দেৱেন তামুলী আৰু অধিবক্তা জোনমণি খাউণ্ড উপস্থিত থাকে। দিনযোৰা এই কাৰ্যসূচীত প্ৰাৰ্থীসকলে লিখিত পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ লগতে নিৰ্দিষ্ট বিষয়ত বিতৰ্কতো অংশগ্ৰহণ কৰে। নিখিল ভাৰত কংগ্ৰেছৰ অসমৰ দায়িত্বত থকা সম্পাদক পৃথ্বীৰাজ সাথে আৰু মনোজ চৌহানৰ পৰ্যবেক্ষণত অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত আন এজন বিচাৰক হিচাপে গোপাল শৰ্মাও উপস্থিত থাকে। ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ বিভিন্ন সমস্যা আৰু আদৰ্শগত বিষয়ৰ ওপৰত প্ৰতিযোগীসকলে নিজৰ নিজৰ মতামত দাঙি ধৰে। অনুষ্ঠানটো পৰিচালনা কৰে প্ৰদেশ কংগ্ৰেছৰ সংবাদ মাধ্যম আৰু যোগাযোগ বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰা আৰু সমন্বয়ক হেপ্পী গগৈয়ে। প্ৰদেশ কংগ্ৰেছৰ উপ-সভাপতি মেহদী আলম বৰা, গৱেষণা বিভাগৰ অধ্যক্ষ অনুপম বৰুৱা, জ্যেষ্ঠ মুখপাত্ৰ ৰূপক দাস, জ্যেষ্ঠ মুখপাত্ৰ ৰূপা কলিতা, হিৰণ্য মহন্ত, মুখপাত্ৰ সম্বিত শৰ্মা, ছাইজুদ্দিন আহমেদ, অমন ৱাদুদ, মহছিন খানকে ধৰি প্ৰায়সকল সংবাদ মাধ্যম বিভাগৰ বিষয়া-কৰ্মী উপস্থিত থাকে। উল্লেখ্য যে, আজিৰ টেলেণ্ট হাণ্ট অভিযানৰ চূড়ান্ত প্ৰতিযোগিতাৰ ফলাফল শীঘ্ৰেই প্ৰকাশ কৰা হ’ব।