মিলন – কাকলি কুমাৰী

Pc Kindness Blog

মিলন

কাকলি কুমাৰী ,হাজো

তোমাৰ চকুৰ চাৱনিতেই
মোৰ সকলো সন্ধ্যা উজলি উঠে,
নীৰৱ হৃদয়ৰ গভীৰত
প্ৰেমে বোৰে যেন
লাহে লাহে কথা কয়।
তোমাৰ হাতৰ উষ্ণ স্পৰ্শত
কঁপি উঠে মোৰ নিঃশ্বাস,
ক্ষণিক মিলনতেই অনুভৱ কৰোঁ
চিৰন্তন ভালপোৱাৰ আশ্বাস।
দূৰত্বৰ বেদনাও হাৰি যায়
তোমাৰ আলিঙ্গনত,
দুটা হৃদয় এক হৈ যায়
এটা প্ৰেমৰ নিঃশব্দ মাতত।
চন্দ্ৰৰ পোহৰে সাক্ষী থাকে
আমাৰ মিলনৰ এই ক্ষণ,
জগতৰ সকলো সীমা ভাঙি
ভালপোৱাই হয় একমাত্র বন্ধন।