একান্ত নিজস্ব যুদ্ধ
চিমী বৰুৱা,মৰিগাঁও, চৰাইবাঁহী
এই যুদ্ধখন
কাৰো চকুত নপৰে,
নাই কোনো ঢোল,
নাই কোনো বিজয় ধ্বনি।
প্ৰতিদিনে
মই নিজৰে সৈতে যুঁজো—
ভয়ৰ বিপৰীতে সাহস,
নিস্তব্ধতাৰ বিপৰীতে কণ্ঠ।
হাঁহিৰ আঁৰত লুকাই থাকে
কেতিয়াবা অশ্ৰু,
শান্ত দেখুওৱা মুখখনৰ ভিতৰত
অশান্ত এক ৰণক্ষেত্ৰ।
কোনেও নাজানে
এই যুঁজৰ ঘাঁবোৰ কিমান গভীৰ,
কিন্তু প্ৰতিটো নিশাৰ পাছত
মই আকৌ উঠি অপেক্ষা কৰোঁ ।
কাৰণ এই যুদ্ধত
হাৰ মানে শেষ নহয়,
নিজকে জয় কৰা দিনটোৱেই
প্ৰকৃত বিজয়।
