২৬ ডিচেম্বৰৰ পৰা বৃদ্ধি পাব ৰে’লৰ ভাড়া

Pc Housing

২৬ ডিচেম্বৰৰ পৰা বৃদ্ধি পাব ৰে’লৰ ভাড়া

ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰতীয় ৰে’লযাত্ৰীসকলৰ বাবে ডাঙৰ খবৰ। বৃদ্ধি পাব ৰে’লৰ টিকটৰ ভাড়া।ভাৰতীয় ৰে’ল বিভাগে বছৰটোৰ এই অন্তিম মুহূৰ্তত বৃদ্ধি কৰিছে ৰে’লৰ ভাৰা। ইতিমধ্যে ভাৰতীয় ৰে’লৱেৰ তৰফৰ পৰা প্ৰকাশ কৰা হৈছে ভাৰাৰ নতুন নিৰিখ। ভাল খবৰটো হ’ল যে দৈনন্দিন যাতায়ত আৰু কম দূৰত্বৰ যাত্ৰীসকল এই পৰিৱৰ্তনৰ দ্বাৰা প্ৰভাৱিত নপৰিব যদিও দীৰ্ঘ দূৰত্বৰ যাত্ৰা এতিয়া অলপ ব্যয়বহুল হৈ পৰিব।জানিব পৰা মতে, অহা ২৬ ডিচেম্বৰৰ পৰা বৃদ্ধি পাব দূৰগামী ৰে’লযাত্ৰাৰ ভাৰা। প্রতি কিলোমিটাৰত ভাৰা বাঢ়িব দুই পইচাকৈ। ৰে’লৱেই দাবী কৰা মতে, এই নতুন বর্ধিত ভাৰাৰ ফলত বিভাগৰ ৰাজহ বাঢ়িব ৬০০ কোটি টকা। বর্ধিত ব্যয় চম্ভালাৰ বাবেই এনে সিদ্ধান্ত লোৱা হৈছে বুলি জনোৱা হৈছে।জানিব পৰা মতে, নন এচি কোচ্চত মেইল আৰু এক্সপ্ৰেছ ট্ৰেইনৰ ভাৰা প্ৰতি কিলোমিটাৰত দুই পইচাকৈ বঢ়োৱা হৈছে। আনহাতে এচি কোচ্চৰ ভাৰাও প্রতি কিলোমিটাৰত একেই হাৰত বৃদ্ধি কৰা হৈছে। বিবৃতিটোত ৰে’ল বিভাগে জনাইছে যে যিসকল যাত্রীয়ে নন এচি কোচ্চত ৫০০ কিলোমিটাৰ পর্যন্ত ভ্রমণ কৰিব, তেওঁলোকে অতিৰিক্ত ১০ টকা ভৰিব লাগিব। অৱশ্যে দূৰগামী যাত্ৰাৰ ভাৰা বাঢ়িলেও লোকেল ট্ৰেইনৰ ভাৰা বঢ়োৱা হোৱা নাই। বঢ়োৱা হোৱা নাই মাহেকীয়া টিকটৰ ভাৰা। সাধাৰণ শ্ৰেণীত ২১৫ কিলোমিটাৰ পৰ্যন্ত ভ্ৰমণৰ বাবেও কোনো ভাৰা বৃদ্ধি কৰা হোৱা নাই বুলি জনোৱা হৈছে। বিবৃতিটোত কোৱা হৈছে যে দেশৰ ৰে’ল যোগাযোগৰ ক্ষেত্ৰত সুৰক্ষাসহ বিভিন্ন ব্যয় বৃদ্ধি পাইছে। কৰ্মীসকলৰ বাবে খৰচ বাঢ়িছে ১ লাখ ১৫ হাজাৰ কোটি টকা। তদুপৰি পেন্সনৰ বাবে খৰচ বৃদ্ধি পাইছে ৬০ হাজাৰ কোটি টকা। ২০২৪-২৫ বিত্তীয় বৰ্ষত ৰে’লৰ মুঠ খৰচ বৃদ্ধি পাইছে ২ লাখ ৬৩ হাজাৰ কোটি টকা।