অসম আন্দোলনৰ ৮৬০ শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি প্রধানমন্ত্ৰী মোদীৰ

অসম আন্দোলনৰ ৮৬০ শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি প্রধানমন্ত্ৰী মোদীৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  অসম আন্দোলনৰ শ্বহীদসকলৰ স্মৃতিত গুৱাহাটীৰ পশ্চিম বৰাগাঁৱত ৰাজ্য চৰকাৰে নিৰ্মাণ কৰা শ্বহীদ স্মাৰক ক্ষেত্রত দেওবাৰে পুৱা উপস্থিত হয় প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদী ৷ প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে অসম আন্দোলনত প্রাণ আহুতি দিয়া বীৰ শ্বহীদসকলৰ প্ৰতি গভীৰ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে। ব্ৰহ্মপুত্ৰৰ বুকুত পুৱা সম্পন্ন হোৱা ‘পৰীক্ষা পে’ চর্চা’ কাৰ্যসূচীৰ পিছতেই প্ৰধানমন্ত্ৰীগৰাকীয়ে বৰাগাঁৱৰ শ্বহীদ স্মাৰক উদ্যানত উপস্থিত হৈ অসম আন্দোলনত শ্বহীদ হোৱা ৮৬০ গৰাকী বীৰ শ্বহীদৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি শ্বহীদ বেদীত পুষ্পাঞ্জলি তর্পণ কৰে।শ্বহীদ স্মাৰকক্ষেত্ৰত উপস্থিত হৈ প্রধানমন্ত্রী মোদীয়ে অসম আন্দোলনৰ প্রথমগৰাকী শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ আবক্ষ প্রতিমূর্তিত পুষ্পমাল্য অর্পণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। অসম আন্দোলনৰ জাতীয় শ্বহীদলৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে শ্রদ্ধাঞ্জলি তর্পণ কৰা অৱস্থাত ২০ গৰাকী শিল্পীয়ে পৰিৱেশন কৰে প্ৰয়াত শিল্পী, ভাৰতৰত্ন ভূপেন হাজৰিকাৰ অমৰ সৃষ্টি ‘শ্বহীদ প্ৰণামো তোমাক’ শীর্ষক গীতটি।

প্ৰধানমন্ত্ৰীগৰাকীয়ে শ্বহীদ স্মাৰকক্ষেত্ৰত উপস্থিত হোৱাৰ পূৰ্বেই উপস্থিত আছিল মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্য, কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল, মন্ত্রী অতুল বৰা আদিকে ধৰি ৰাজ্য চৰকাৰৰ কেইবাগৰাকী মন্ত্ৰী-বিধায়কসহ বহু গণ্যমান্য লোক। শ্বহীদ স্মাৰকক্ষেত্ৰত পুষ্পমাল্য প্রদানেৰে শ্রদ্ধাঞ্জলি জনোৱাৰ উপৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে স্মাৰকক্ষেত্ৰৰ সংগ্ৰহালয়ত থকা ৮৬০ গৰাকী শ্বহীদৰ আবক্ষ প্রতিমূর্তি খোজকাঢ়ি গৈ পৰিদৰ্শন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। এই পৰিদৰ্শন কালত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই অসম আন্দোলনৰ গতি-প্রকৃতি তথা ইতিহাস সন্দর্ভত বিস্তৃতভাবে প্রধানমন্ত্রীক অৱগত কৰে। অসম আন্দোলনৰ শ্বহীদসকলৰ স্মৃতিত নিৰ্মাণ কৰা শ্বহীদ স্মাৰকক্ষেত্ৰত শ্বহীদসকলৰ প্ৰতি প্ৰধানমন্ত্ৰীয়ে জনোৱা শ্রদ্ধাঞ্জলি কার্যসূচী সন্দর্ভত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমযোগে কয়- ‘মোৰ লগতে সমূহ অসমবাসীৰ বাবে আজিৰ দিনটো খুবেই আৱেগিক।

আজি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে শ্বহীদ স্মাৰক ক্ষেত্ৰত জাতিৰ অস্তিত্ব ৰক্ষাৰ যুঁজত শ্বহীদ বৰণ কৰা অসমী আইৰ সন্তানসকলক শ্রদ্ধাঞ্জলি জ্ঞাপন কৰি শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ আবক্ষ মূর্তিত মাল্যার্পণ কৰোঁতে স্বাভাৱিকতেই মোৰ অসমৰ ইতিহাসৰ সেই অন্ধকাৰ দিনবোৰ স্মৃতিপটত ভাহি উঠিছিল, যেতিয়া কংগ্ৰেছে ৰাজ্যৰ শাসনত থাকি অসমখনক সকলো দিশৰ পৰা লুণ্ঠন কৰিছিল, অনুপ্ৰৱেশক উৎসাহিত কৰিছিল, অসমী আইৰ সন্তানসকলক হত্যা কৰিছিল আৰু অসমক আর্থিক দেউলীয়াৰ গহ্বৰলৈ ঠেলি দিছিল। ইয়াৰ বিপৰীতে আজিৰ অসমত উন্নয়নৰ আনন্দ উদ্যাপন কৰা হৈছে। প্রধানমন্ত্রীয়ে স্বয়ং অসমৰ অস্তিত্ব ৰক্ষাৰ বাবে আত্মবলিদান দিয়া লোকসকলৰ ত্যাগক স্মৰণ কৰিছে আৰু অসমৰ বিকাশৰ ক্ষেত্ৰত আগৰ সকলো প্ৰধানমন্ত্ৰীৰ তুলনাত বহুগুণ অধিক আগ্ৰহ আৰু নিষ্ঠাৰে জড়িত হৈ অসমৰ উন্নয়নৰ বাবে নিজক সমর্পণ কৰিছে। প্ৰধানমন্ত্ৰীৰ নেতৃত্ব আৰু অকুণ্ঠ সহযোগিতাৰ বাবে অসম আজি আগুৱাই গৈছে, ই আমাৰ বাবে এক বিশেষ সৌভাগ্য। ‘ডাবল ইঞ্জিন’ চৰকাৰৰ বৃহত্তৰ প্ৰয়াসৰ অংশ হিচাপে শান্তি, সম্প্রীতি আৰু সমৃদ্ধিৰে ভৰপূৰ এ ফৰ আছাম গঢ়ি তোলাৰ এই উন্নয়নী যাত্রাত মই নিজকে এক অংশ হিচাপে গর্ব অনুভৱ কৰোঁ।’

আনহাতে বৰাগাঁৱৰ শ্বহীদ স্মাৰকক্ষেত্ৰলৈ আহি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে অসম আন্দোলনৰ শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱা কাৰ্যৰ বাবে প্রধানমন্ত্রীক কৃতজ্ঞতা জনাইছে মন্ত্রী অতুল বৰাই। এক বিবৃতিযোগে মন্ত্ৰী বৰাই কয় যে অসম আন্দোলন কেৱল অসমৰে অস্তিত্ব ৰক্ষাৰ আন্দোলন নাছিল। ই আছিল দেশবাসীক অনুপ্ৰৱেশকাৰীৰ আগ্রাসনৰ বিৰুেদ্ধে সচেতন কৰাৰ এক সুদূৰপ্ৰসাৰী আন্দোলন। বিশ্বকঁপোৱা অসমীয়া জাতি ৰক্ষাৰ মহাসংগ্ৰাম অসম আন্দোলনৰ মহান শ্বহীদসকলৰ স্মৃতিত গুৱাহাটীৰ পশ্চিম বৰাগাঁৱত নির্মিত শ্বহীদ স্মাৰকক্ষেত্ৰত আজি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী উপস্থিত হৈ ৮৬০ গৰাকী শ্বহীদৰ প্রতি শ্রদ্ধার্ঘ্য অর্পণ কৰিলে। অসমৰ জাতীয় জীৱনৰ বাবে আজিৰ দিনটো এক ঐতিহাসিক দিন হিচাপে চিহ্নিত হৈ ৰ’ব। অসম চুক্তি ৰূপায়ণ বিভাগৰ মন্ত্ৰী হিচাপে আমাৰ বাবেও এই দিনটো বিশেষ হৈ ৰ’ব। জাতি ৰক্ষাৰ এই আন্দোলনত আমিও জড়িত আছিলোঁ বাবেই বহু স্মৃতি মনত সজীৱ হৈ আছে। প্ৰথমবাৰৰ বাবে এই স্মৃতিসৌধত প্রধানমন্ত্রীয়ে উপস্থিত হৈ স্বদেশ, স্বজাতি ৰক্ষাৰ বাবে আত্মবলিদান দিয়া শ্বহীদসকলৰ ত্যাগ, সাহসক মূৰ্ত কৰি তুলিলে। শ্বহীদ স্মাৰকক্ষেত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই শ্রদ্ধাসূচক খোজ অসমবাসীৰ বাবে সদায় স্মৰণীয় আৰু প্ৰেৰণাদায়ক হৈ থাকিব।