সমাজৰ অসুখ
ইভা গন্ধীয়া ফুকন
কালজয়ী গৱেষণাৰে সভ্যতাৰ পাৰ
জাকি মাৰি উজাগৰী নক্ষত্ৰমণ্ডল
উজাগৰী হৃদয় স্পন্দন
আৰ্তজনৰ হুমুনিয়াহ
বন্ধ কোঠাত ধনবান সদাগৰৰ টকাৰ দলিচা
নিৰ্যাতিতা নিপীড়িতা ধৰ্ষিতাৰ আৰ্তনাৰ
চুবুৰীত হুলস্থুল
ডাইনী হত্যা
পুলিচ প্ৰশাসনৰ ভেঙুচালি
পুৰণা ফাইলৰ ধূসৰ পৃষ্ঠা
কাৰ বুকুত চলে চোৰাং কাঠৰ বেহা
চোৰাং চিকাৰীৰ গড় হত্যা
ধোঁৱাচাংত সেউজ ধৰণী ,গড় ৰক্ষাৰ শ্লোগান
বাল্য বিবাহৰ অপৰাধত
ৰঙাঘৰত আলহীৰ ভিৰ
পত্নী সন্তান দিশহাৰা
ঘৰৰ চৌকাত নজ্বলে জুই
স্বপ্নবাহী সোঁতৰ খোজত
কিশোৰ -কিশোৰী ড্ৰাগছ আসক্ত
ককা -আইতাৰ বৃদ্ধ আশ্ৰমত অপেক্ষা
কেতিয়া আহিব
সিপুৰীলৈ যোৱাৰ দিনটি
সমাজৰ অসুখ
বেজৰ বেজালি ভেল্কিবাজি
পতিৰ হাতত পত্নী
পত্নীৰ হাতত পতি
পৰকীয়া প্ৰেমৰ বিলাসিতা
এচেম্বলিত শাসক শোষকৰ অৰিয়াঅৰি
মাটিৰ মানুহৰ আৰ্তনাদ
চৰকাৰী আঁচনিৰ প্ৰমাদ
মুনাফাৰ হিচাব -নিকাচ
আমনি আসক্তি ধৰ্মৰ আবেষ্টনী, মুদ্ৰাস্ফিতি
বঢ়াই গৈ থাকে মৌলিক স্বীকাৰ্য নিয়মাৱলী
দেনা -পাওনাৰ দিনলিপিত সাঁথৰ ভঙাপতা
এখন মকৰাজাল চাই চাই
আঁকি আছোঁ সমাজৰ ছবি
নিৰূপণ কৰি আছোঁ জীৱন পৰিক্ৰমা।
