দুদিনীয়া ভ্রমণসূচীৰে আজি অসমত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী মোদী
ৰঙিলী বাৰ্ত্তাসেৱা- দুদিনীয়া কাৰ্যসূচীৰে আজি অসমত উপস্থিত হ’ব প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী। দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে অসমত প্রায় ১৫,৬০০ কোটি টকাৰ প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। প্ৰধানমন্ত্ৰীৰ আগমনক লৈ সমগ্ৰ গুৱাহাটী মহানগৰীত এতিয়া চলিছে যুদ্ধকালীন তৎপৰতা। দুদিনীয়া কাৰ্যসূচীৰে আজি বিয়লি ৩ বজাত লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অৱতৰণ কৰিব লগা প্রধানমন্ত্রী মোদীয়ে উদ্বোধন কৰিব বিমান বন্দৰটোৰ নতুন টার্মিনেলটো। ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰতৰত্ন লোকপ্রিয় গোপীনাথ বৰদলৈৰ ৮০ ফুট উচ্চতাৰ প্ৰতিমূর্তি এটা উন্মোচন কৰিব। উল্লেখ্য যে প্রধানমন্ত্রীয়ে উদ্বোধন কৰিবলগীয়া লোকপ্রিয় গোপীনাথ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নতুন টার্মিনেলটো হ’ব ভাৰতৰ প্ৰথমটো প্রাকৃতিক বিষয়ক বিমানবন্দৰ টার্মিনেল। প্রায় ১.৪ লাখ বর্গমিটাৰ বিস্তৃত এই নতুন টার্মিনেল ভৱনটোক বছৰি ১.৩ কোটি যাত্রীক পৰিচালনা কৰিব পৰাকৈ ডিজাইন কৰা হৈছে। ইয়াৰ ৰানৱে’, এয়াৰফিল্ড ছিষ্টেম, এপ্র’ণ আৰু টেক্সিৱে’ৰ ব্যাপক উন্নীতকৰণ কৰা হৈছে। প্রাকৃতিক বিষয়ত দেশৰ প্ৰথমটো বিমান টার্মিনেল হিচাপে সাজি উলিওৱা এই টার্মিনেল ভৱনত সংযোজন হৈছে বেম্ব’ অৰ্কিডক লৈ অসমৰ জৈৱ-বৈচিত্র্য আৰু সাংস্কৃতিক ঐতিহ্যৰ প্ৰতিফলন ঘটিছে। টার্মিনেলটোত উত্তৰ-পূবৰ স্থানীয়ভাৱে উপলব্ধ ১৪০ মেট্রিকটন বাঁহ ব্যৱহাৰ কৰা হৈছে। সমান্তৰালভাৱে সংযোজন কৰা হৈছে কাজিৰঙাৰ সেউজীয়া প্ৰাকৃতিক দৃশ্য, জাপি, গঁড়ৰ প্ৰতীক আৰু কপৌ ফুলকে ধৰি ৫৭ বিধ অর্কিড স্তম্ভ। নতুন টার্মিনেলটোত যাত্ৰীসকলৰ সা-সুবিধা আৰু ডিজিটেল উদ্ভাৱনৰ ক্ষেত্ৰত নতুন মান নির্ধাৰণ কৰা হৈছে। বিশেষকৈ ছিকিউৰিটা স্ক্রিনিঙৰ বাবে ফুল ব’ডি স্কেনাৰ, স্বয়ংক্রিয় বেগেজ পৰিচালনা, ফাষ্টট্রেক ইমিগ্রেচন আৰু আন সুবিধাসমূহ। প্রধানমন্ত্রীয়ে এই নতুন টার্মিনেল উদ্বোধনৰ পাছতেই এক বিশাল ৰাজহুৱা সভাতো অংশগ্ৰহণ কৰিব। ইয়াৰ পিছতেই প্ৰধানমন্ত্ৰীগৰাকীয়ে বশিষ্ঠস্থিত ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত উপস্থিত হৈ দলীয় কাৰ্যকৰ্তাৰ সৈতে বাৰ্তালাপত মিলিত হ’ব। ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰীগৰাকীক দলীয় কাৰ্যালয়ৰ এক কিলোমিটাৰ আঁতৰৰ পৰা যুৱ মৰ্চাৰ কাৰ্যকৰ্তাসকলে ৰোডশ্ব’ৰে আদৰি আনিব। আনহাতে ২১ ডিচেম্বৰৰ পুৱা ৯.৪৫ বজাত প্রধানমন্ত্রীয়ে বৰাগাঁওস্থিত শ্বহীদ স্মাৰক ক্ষেত্ৰলৈ গৈ অসম আন্দোলনৰ শ্বহীদসকলক শ্রদ্ধাঞ্জলি জ্ঞাপন কৰিব। ইয়াৰ পিছতেই প্ৰধানমন্ত্ৰীগৰাকীয়ে ব্ৰহ্মপুত্ৰৰ বুকুত ক্রুজৰ ওপৰত ৰাজ্যৰ ২৫গৰাকী মেধাৱী শিক্ষার্থীক লৈ অনুষ্ঠিত কৰিব পৰীক্ষা পে চর্চা কাৰ্যসূচী। প্রধানমন্ত্ৰীগৰাকীয়ে এই কাৰ্যসূচীৰ বাবেই গুৱাহাটী প্ৰৱেশদ্বাৰেৰে সাজু কৰি ৰখা চিলাৰায় নামৰ ক্রুজখনত কৰিব পৰীক্ষা পে চর্চা অনুষ্ঠানৰ। প্ৰধানমন্ত্ৰীগৰাকীয়ে অনুষ্ঠিত কৰা পৰীক্ষা পে চর্চা এই কার্যসূচীয়ে নদী পর্যটনত এক নতুন মাত্ৰা প্ৰদান কৰিব বুলি আশা কৰা হৈছে। ইয়াৰ পিছতেই প্ৰধানমন্ত্ৰীগৰাকীয়ে ডিব্ৰুগড় অভিমুখে উৰা মাৰিব। ডিব্ৰুগড়ৰ বিমানবন্দৰৰ পৰাই নামৰূপ অভিমুখে যাত্ৰা কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে ২১ ডিচেম্বৰৰ বিয়লিৰ ভাগত অসম ভেলী ফার্টিলাইজাৰ এণ্ড কেমিকেল কোম্পানী লিমিটেডৰ এম ‘নিয়া-ইউৰিয়া প্ৰকল্পৰ ভূমি পূজন কৰিব। এই ভূমি পূজনৰ পিছতেই নামৰূপত আন এক বিশাল ৰাজহুৱা সভা সম্বোধন কৰিব প্রধানমন্ত্রীয়ে। উল্লেখ্য যে নামৰূপত স্থাপন হ’ব লগা নতুন সাৰ প্রকল্পটোৱে অসমৰ লগতে চুবুৰীয়া ৰাজ্যকেইখনৰ সাৰৰ প্ৰয়োজনীয়তা পূৰণ কৰাৰ লগতে সাৰৰ আমদানিৰ ওপৰত নিৰ্ভৰশীলতা হ্রাস কৰিব। সমান্তৰালভাৱে নিয়োগ সৃষ্টি আৰু আঞ্চলিক অর্থনীতি উন্নয়নৰ ক্ষেত্ৰত অনুঘটক হিচাপে থিয় দিব প্রকল্পটো। প্রকল্পটো ঔদ্যোগিক পুনৰুজ্জীৱন আৰু কৃষি কল্যাণৰ মূল স্তম্ভ হিচাপে চিহ্নিত হ’ব। নামৰূপৰ পৰাই দিল্লী অভিমুখে যাত্রা কৰিব প্রধানমন্ত্রী মোদীয়ে। ইফালে প্ৰধানমন্ত্ৰীৰ এই আগমনক লৈ নামনি আৰু উজনি অসমত ব্যাপক নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে। বিশেষকৈ নামৰূপত অনুষ্ঠিত হ’ব লগা ৰাজহুৱা সভাত এক লাখতকৈ অধিক দর্শক উপস্থিত থাকিব। তাৰ বাবে নিৰাপত্তা ব্যৱস্থাও কটকটীয়া কৰি তোলা হৈছে। প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্বত থকা এছপিজিৰ দুটাকৈ দল দুদিন আগতে উপস্থিত হৈ গুৱাহাটী আৰু নামৰূপত প্ৰধানমন্ত্ৰীৰ নিৰাপত্তা ব্যৱস্থাৰ তদাৰক কৰিছে। ব্ৰহ্মপুত্ৰৰ ওপৰত হ’ব লগা পৰীক্ষা পে চৰ্চাৰ বাবে যোৱা ৪৮ ঘণ্টাত গুৱাহাটীৰ ব্ৰহ্মপুত্ৰৰ বুকুত অসম আৰক্ষীৰ লগতে অর্ধসামৰিক বাহিনীৰ লোক, এনডিআৰএফ-এছডিআৰএফৰ জোৱানেও তদাৰক আৰম্ভ কৰিছে। পৰীক্ষা পে চর্চা হ’বলগা চৰাইদেউ ২ ডব্লিউবি ১৭৩৪ নামৰ জাহাজখনত আধাঘণ্টা ধৰি অতিবাহিত কৰিব লগা প্ৰধানমন্ত্ৰীগৰাকীৰ বাবে ব্ৰহ্মপুত্ৰত ব্যাপক নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে। ইফালে প্ৰধানমন্ত্ৰীৰ আগমনক কেন্দ্ৰ কৰি গুৱাহাটীক সজাই পৰাই তোলা হৈছে। ৰাজ্যিক বিজেপিৰ কাৰ্যালয়লৈ আহিব লগা প্রধানমন্ত্ৰীগৰাকীক সাধাৰণ ৰাইজে যাতে প্রত্যক্ষ কৰিব পাৰে তাৰ বাবেই ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত নিৰ্মাণ কৰা হৈছে প্লেটফর্ম।আনহাতে, প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে অসম ভ্রমণ সন্দর্ভত সামাজিক মাধ্যমত লিখিছে- ২১ ডিচেম্বৰত মই ঐতিহাসিক অসম আন্দোলনৰ সময়ত প্ৰাণ আহুতি দিয়া বীৰ শ্বহীদসকলৰ প্ৰতি উৎসর্গিত শ্বহীদ স্মাৰক ক্ষেত্ৰত শ্রদ্ধাঞ্জলি জনাম। ইয়াৰ পিছত অসম ভেলী ফার্টিলাইজাৰ এণ্ড কেমিকেল কোম্পানী লিমিটেডৰ এম’নিয়া-ইউৰিয়া সাৰ প্ৰকল্পৰ ভূমি পূজনৰ বাবে ডিব্ৰুগড়ৰ নামৰূপত উপস্থিত থাকিম। এইটো এটা গুৰুত্বপূৰ্ণ প্রকল্প, যিয়ে অসমৰ লগতে অন্যান্য ৰাজ্যৰ সাৰৰ প্ৰয়োজনীয়তা পূৰণ কৰাত সহায় কৰিব। একে সময়তে ই আমদানি হ্ৰাস কৰিব, যাৰ ফলত আত্মনিৰ্ভৰশীলতা বৃদ্ধি পাব।
