অনুগল্প
বদনামী
ৰিমী হাজৰিকা,মাজুলী
ভাৰাক্ৰান্ত মনেৰে সাগৰিকা বাহিৰৰ কোঠালীটোতে বহিল। মনত তাইৰ অলেখ প্ৰশ্ন।তাইৰ বৰ্তমান ২০ বছৰীয়া গাভৰু, গতিকে যিকোনো কথা বুজিব পৰা সামৰ্থ তাইৰ আছে। কিন্তু সকলো কথা বুজি পায় ও তাইৰ কাকো কৈফয়ৎ দিবলৈ নাযায়। কাৰণ তাই জানে যে বৰ্তমানৰ পৃথিৱীত কাকো কোনো কথাৰ প্ৰত্যুত্তৰ দিয়াটো সহজ নহয়, কাৰণ তাই কিমান জনক বুজাব, কিমান জনক উত্তৰ দিব। সুদীৰ্ঘ ১৮ টা বছৰত জীৱনে তাইক বহু কথা শিকালে,বহু অভিজ্ঞ কৰিলে ।
মাত্ৰ দুবছৰ বয়সতেই মাতৃহাৰা হোৱা সাগৰীকাই দেউতাকৰ মৰমত ডাঙৰ দীঘল হৈছিল যদিও মাকৰ অভাৱ বাৰুকৈয়ে উপলব্ধি কৰিছিল । তাই সৰুতেই অকলশৰে জীৱনৰ পাতনি মেলিছিল। কোনো কথা কাকো নোকোৱাকৈ,কাৰো ওচৰত পুতৌৰ পাত্ৰ নোহোৱাকৈ তাই নিজক এখন ডাঠ আৱৰণৰ মাজত ৰাখিছিল,য’ত দুখ সুখ একোৱে স্পৰ্শ কৰিব নোৱাৰা হৈছিল তাইক।
কিন্তু এদিনৰ সেই ঘটনাই সলনি কৰি পেলাইছিল সকলো। সেইদিনা আছিল অমাৱস্যা। হোষ্টেলৰ সকলো ছোৱালী আড্ডাত ব্যস্ত। তেনেতে তাই এখোজ আগুৱাই গৈছিল নিৰ্জনতাৰ বাবে। তাই গম নোপোৱাকৈ ওলায় গৈছিল গেটৰ বাহিৰত থকা শেৱালী জোপাৰ তললৈ। তেনেতে তাইক কোনোবাই পাছফালৰ পৰা মুখত সোপা দি ধৰিছিল। তাৰ পাছত আৰু তাই নাজানে। তাই যেতিয়া সাৰ পাই উঠে তেতিয়া নিজক আৱিস্কাৰ কৰিছিল হস্পিতালৰ বেদত। তাই নামৰ আগত আহি পৰিছিল এটা শব্দ ‘বদনামী’।
তেতিয়াৰ পৰা তাই আৰু কঠিন হৈ পৰিছিল। মানুহে তাইৰ চৰিত্ৰৰ ওপৰত আঙুলি উঠাই ছিল।আজি সম্পূৰ্ণ এমাহৰ পাছত সুস্থ হৈ হোষ্টেল যাবলৈ ওলাই থমকি ৰ’ল তাই । তাই তেতিয়াই অনুভৱ কৰিছিল যে তাইৰ নিচিনা বদনামী ছোৱালী এজনী এনে এখন সমাজত জীয়াই থকা কিমান কঠিন।
