কাৰ্বি আংলং স্বায়ত্ত পৰিষদক দুৰ্নীতি-অনিয়মে ছানি ধৰিছে

কাৰ্বি আংলং স্বায়ত্ত পৰিষদক দুৰ্নীতি-অনিয়মে ছানি ধৰিছে
ডিফুত কাৰ্বি আংলং জিলা কংগ্ৰেছৰ সংবাদমেল

ৰঙিলী বাৰ্ত্তাসেৱা- কংগ্ৰেছ দলে কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ কাৰ্যকালত গুৰুতৰ আৰ্থিক অনিয়ম আৰু বৃহৎ পৰিসৰৰ দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰি স্বতন্ত্ৰ উচ্চ-স্তৰীয় তদন্তৰ ব্যৱস্থা কৰিবলৈ দাবী জনায়। জিলা কংগ্ৰেছৰ কাৰ্যালয়ত অনুষ্ঠিত এক যুটীয়া সংবাদমেলত কাৰ্বি আংলং জিলা মিডিয়া বিভাগৰ অধ্যক্ষ চেৰিছমা ৰংপিপি আৰু প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ মোহন ৰংপিয়ে দাবী কৰে যে ২০১৬-১৭ৰ পৰা ২০২৫-২৬ চনলৈকে উন্নয়নৰ বাবে পৰিষদলৈ দিয়া প্ৰায় ১০,০০০ কোটি টকাই কাৰ্বি আংলংৰ সাধাৰণ জনতাৰ বাবে প্ৰকৃত উন্নয়ন কঢ়িয়াই আনিব পৰা নাই। নেতৃদ্বয়ে অভিযোগ কৰে যে পৰিষদৰ ভিতৰত দুৰ্নীতি ভয়াৱহভাৱে বৃদ্ধি পাইছে। তেওঁলোকে কয় যে বছা বছা দুই-এজন ঠিকাদাৰক বাদ দি বাকী ঠিকাদাৰসকলে পাবলৈ থকা ধন অনাদায় হৈয়েই আছে। বিশেষকৈ কাচে এণ্টাৰপ্ৰাইজ আৰু মেচাৰ্ছ ইংলং এণ্টাৰপ্ৰাইজৰ নাম উল্লেখ কৰি কোৱা হয় যে এই প্রতিষ্ঠান দুটাক বাৰে বাৰে ধন আদায় দিয়া হৈছে, যাৰ ফলত টেণ্ডাৰ আৰু বিলিং প্ৰক্ৰিয়াৰ স্বচ্ছতাক লৈ প্ৰশ্ন উত্থাপিত হৈছে। তেওঁলোকে পৰিষদৰ বিৰুদ্ধে নতুন প্ৰকল্পবোৰ কাৰ্বি আংলঙৰ বাহিৰৰ ঠিকাদাৰক দিয়া বুলিও অভিযোগ কৰে। কামবোৰৰ হিচাপ অতিৰিক্তভাৱে বেছিকৈ দেখুওৱা হৈছে বুলিও অভিযোগ কৰে। পৰিষদখন সাংবিধানিক স্বায়ত্ত সংস্থাৰ পৰিৱৰ্তে ব্যক্তিগত কোম্পানীত পৰিণত হৈছে বুলিও কংগ্ৰেছ নেতাদ্বয়ে অভিযোগ কৰে। এই সন্দৰ্ভত মোহন ৰংপীয়ে কয়, “পৰিষদখন সম্পূৰ্ণৰূপে বিক্ৰী হৈ গৈছে, কাৰ্বি আংলংৰ মাটি আৰু প্ৰাকৃতিক সম্পদ কৰ্প’ৰেট সংস্থালৈ হস্তান্তৰ কৰি জনজাতিৰ অধিকাৰ আৰু ভৱিষ্যত বিপন্ন কৰা হৈছে।”