অখিল গগৈৰ বিৰুদ্ধে এজাহাৰ দাখিল এছআইটিৰ

অখিল গগৈৰ বিৰুদ্ধে এজাহাৰ দাখিল এছআইটিৰ

ৰঙিলী বাৰ্ত্তাসেৱা- অখিল গগৈৰ বিৰুদ্ধে এছআইটিয়ে দাখিল কৰিলে এজাহাৰ । প্ৰাণৰ শিল্পী জুবিন গাৰ্গক ন্যায় প্ৰদানৰ বাবে আঢ়ৈ মাহজোৰা তদন্তৰ অন্তত ৰাজ্য চৰকাৰে গঠন কৰি দিয়া বিশেষ তদন্তকাৰী গোট চমুকৈ এছআইটিয়ে হত্যাকাণ্ডৰ অন্যতম ৫ অভিযুক্ত ক্রমে শ্যামকানু মহন্ত, সিদ্ধার্থ শৰ্মা, শেখৰজ্যোতি গোস্বামী, অমৃতপ্রভা মহন্ত আৰু সন্দীপন গাৰ্গৰ বিৰুদ্ধে দাখিল কৰা অভিযোগনামাৰ কিয়দংশ সামাজিক মাধ্যমযোগে প্ৰচাৰ কৰিছিল বিধায়ক অখিল গগৈয়ে । অকল প্ৰচাৰ কৰাই নহয়, বিধায়ক গগৈয়ে এছআইটিৰ তদন্ত, অভিযোগনামা সন্দৰ্ভত অপব্যাখ্যাও আগবঢ়াইছিল। বিধায়ক গগৈৰ এই কাণ্ডৰ বিৰুদ্ধে এছআইটিৰ মুখ্য তদন্তকাৰী বিষয়া ড° ৰ’জী কলিতাই অপৰাধ শাখাত এখন এজাহাৰ দাখিল কৰিছে। ভাৰতীয় ন্যায় সংহিতাৰ ২৩৬/২৩৮/২৪০/২২১/৩৫৩নং ধাৰাৰ অধীনত ১৩/২৫ নম্বৰত অপৰাধ শাখাই গোচৰটো ৰুজু কৰিছে। অভিযোগ অনুসৰি প্রত্যায়িত প্রতিলিপি নোহোৱাকৈ বিধায়ক গগৈয়ে অভিযোগনামাখন সামাজিক মাধ্যমত প্ৰচাৰ কৰাৰ লগতে আচামীক অভিযুক্ত কৰাৰ সলনি ৰক্ষণাবেক্ষণ দিয়াৰ চেষ্টা চলাইছিল বুলি বিশেষ সূত্ৰৰ পৰা জানিব পৰা গৈছে। মিছা তথ্যৰে অভিযোগনামাখন সন্দৰ্ভত বিধায়ক গগৈয়ে অপপ্ৰচাৰ আৰু অপব্যাখ্যা চলোৱা বুলি অনুভৱ কৰিয়েই অভিযোগ অপৰাধ শাখাত দাখিল কৰা হৈছে।