প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভ্ৰমণক লৈ বাজপেয়ী ভৱনত মুখ্যমন্ত্ৰীৰ বৈঠক
ৰঙিলী বাৰ্ত্তাসেৱা- বিধানসভা নিৰ্বাচনৰ পূৰ্বে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণ ৰাজনৈতিক দিশৰ পৰা বিশেষ তাৎপর্যপূর্ণ যদিও প্রধানমন্ত্ৰীৰ এই ভ্রমণ সবাতোকৈ চৰ্চিত হৈ পৰিছে পৰীক্ষা পে’ চর্চা কার্যসূচীক লৈ। অহা ২০ ডিচেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীত উপস্থিত হ’বলগা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এইবাৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে পৰীক্ষা পে’ চর্চা কাৰ্যসূচীত অংশ ল’ব। ২১ ডিচেম্বৰৰ পুৱাৰ ভাগত ব্ৰহ্মপুত্র নদীত ‘চৰাইদেউ’ নামৰ ক্রুজখনৰ ওপৰত হ’বলগা এই পৰীক্ষা পে’ চর্চা কাৰ্যসূচীয়ে আকৰ্ষণ কৰিছে সমগ্র দেশক। ইয়াৰ পূৰ্বেও প্ৰধানমন্ত্ৰীৰ পৰীক্ষা পে’ চর্চা কার্যসূচী অনুষ্ঠিত হৈছিল যদিও প্ৰথমবাৰৰ বাবে নদীৰ বুকুত ২৫ গৰাকী ছাত্ৰ-ছাত্ৰীৰ সৈতে হ’বলগা এই পৰীক্ষা পে’ চর্চা কাৰ্যসূচী অসমৰ বাবে হ’ব অধিক গুৰুত্বপূৰ্ণ। এই কথা উল্লেখ কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা- প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে প্ৰথমবাৰলৈ কাজিৰঙা ভ্ৰমণৰ পাছতে বিশ্বৰ বিভিন্ন প্রান্তত পর্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ আছিল কাজিৰঙা। প্ৰধানমন্ত্ৰীৰ কাজিৰঙা ভ্ৰমণৰ পাছতে ৰাষ্ট্ৰীয় উদ্যানখনলৈ বৃদ্ধি পাইছিল পৰ্যটকৰ। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ নদীৰ প্ৰতি বিশেষ আকর্ষণ আছে। যাৰ বাবে এইবাৰ পৰীক্ষা পে’ চর্চা অনুষ্ঠান ব্ৰহ্মপুত্ৰৰ বুকুত অনুষ্ঠিত হ’ব। প্রধানমন্ত্ৰীগৰাকীয়ে ক্রুজৰ ওপৰত কৰিবলগা পৰীক্ষা পে’ চর্চা এই কাৰ্যসূচীৰ পাছত অসমত নদী পৰ্যটকৰ সংখ্যাও বৃদ্ধিৰ সম্ভাৱনা আছে। আনহাতে প্ৰধানমন্ত্ৰীগৰাকীৰ অসম ভ্রমণ সন্দৰ্ভত বিস্তৃত তথ্য সদৰী কৰি মুখ্যমন্ত্রী ড° শর্মাই কয় যে ২০ ডিচেম্বৰত গুৱাহাটীত উপস্থিত হ’বলগা প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে লোকপ্রিয় গোপীনাথ বৰদলৈৰ প্রতিমূর্তি এটা উন্মোচন কৰিব। ইয়াৰ পিছতে প্রধানমন্ত্ৰীগৰাকীয়ে দ্বিতীয় কাৰ্যসূচী হিচাপে গুৱাহাটী আন্তর্জাতিক বিমানবন্দৰৰ নতুন টার্মিনেলটো উদ্বোধন কৰিব। এই উপলক্ষে প্রধানমন্ত্রীৰ উপস্থিতিত অনুষ্ঠিত হ’ব এক বিশাল ৰাজহুৱা সভা। এই ৰাজহুৱা সভাত প্রধানমন্ত্রীয়ে সম্বোধন কৰাৰ পিছত তেওঁ বশিষ্ঠস্থিত ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়লৈ আহি কাৰ্যকৰ্তাসকলৰ লগত এক বার্তালাপত মিলিত হ’ব। মুখ্যমন্ত্ৰীয়ে কয় ৰাজ্যিক বিজেপিৰ কাৰ্যালয়লৈ অহা প্রথমগৰাকী প্রধানমন্ত্রী হ’ব। ৰাজ্যিক বিজেপিৰ ইতিহাসত প্রথমবাৰলৈ কার্যালয়লৈ আহিব। প্রধানমন্ত্রী মোদী অথবা প্রয়াত প্রাক্তন প্রধানমন্ত্রী অটল বিহাৰী বাজপেয়ীও অসমলৈ আহিছিল যদিও ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত ইয়াৰ পূৰ্বে কোনো প্রধানমন্ত্রী অহা নাছিল। এয়া ৰাজ্যিক বিজেপিৰ বাবে পৰম সৌভাগ্য যে প্রধানমন্ত্রী মোদীয়ে নিজেই কার্যালয়লৈ আহিবলৈ আগ্রহ প্রকাশ কৰিছে। প্ৰধানমন্ত্ৰীগৰাকী যিহেতু প্ৰথমবাৰৰ বাবে ৰাজ্যিক বিজেপিৰ কাৰ্যালয়লৈ আহিব, সেয়েহে বিজেপি কার্যালয় পোৱাৰ এক কিলোমিটাৰ আগৰে পৰা তেওঁক সন্মান জনাই কার্যকর্তাসকলে ৰোড শ্ব’ৰে তেওঁক আদৰি আনিব। আনহাতে ২১ ডিচেম্বৰত পুৱাৰ ভাগত প্রধানমন্ত্ৰীগৰাকীয়ে ব্ৰহ্মপুত্ৰৰ ওপৰত ২৫ গৰাকী ছাত্ৰ-ছাত্ৰীৰ সৈতে পৰীক্ষা পে’ চর্চা কার্যসূচীত অংশ ল’ব। এই কাৰ্যসূচীৰ পাছতে প্রধানমন্ত্রীয়ে বৰাগাঁৱত থকা শ্বহীদ স্মাৰক প্রকল্পলৈ আহি অক্ষয় বস্তিত শ্রদ্ধাঞ্জলি জনাব আৰু শ্বহীদ স্মাৰকত থকা শ্বহীদ গেলেৰীলৈ গৈ ৮৬০ গৰাকী শ্বহীদৰ প্রথমগৰাকী শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ প্ৰতিমূর্তিত মাল্য অর্পণ কৰিব। প্ৰধানমন্ত্ৰীগৰাকীয়ে যেতিয়া অক্ষয় বস্তিত শ্রদ্ধাঞ্জলি জনাব, নেপথ্যত আমাৰ শিল্পীসকলে ‘শ্বহীদ প্রণামো’ শীর্ষক গীতটি পৰিৱেশন কৰিব। এই কার্যসূচী সমাপ্ত কৰিয়েই প্রধানমন্ত্রীয়ে ডিব্ৰুগড়লৈ যাত্ৰা কৰিব। ডিব্ৰুগড়ৰ পৰা নামৰূপত উপস্থিত হৈ প্রধানমন্ত্রীয়ে নামৰূপত ১২ লাখ মেট্রিকটন ইউৰিয়া উৎপাদন কৰিব পৰা নতুন এটা সাৰ কাৰখানাৰ ভূমিপূজন সম্পূৰ্ণ কৰিব। ইয়াৰ পিছতে প্ৰধানমন্ত্ৰীগৰাকীয়ে নতুন দিল্লীলৈ উভতি যাব।
