ছাত্ৰৰ নৈতিক চৰিত্ৰ গঠনত সমাজৰ ভূমিকা – নলিনী ৰঞ্জন ভূঞা

Pc Allison Academy

ছাত্ৰৰ নৈতিক চৰিত্ৰ গঠনত সমাজৰ ভূমিকা

নলিনী ৰঞ্জন ভূঞা,জামুগুৰিহাট, শোণিতপুৰ

মানৱ জীৱনৰ ক্ৰমবিকাশৰ গতিত ছাত্ৰ-জীৱনৰ সময় ছোৱাকেই আটাইতকৈ গুৰুত্বপূৰ্ণ, স্পৰ্শকাতৰ আৰু সম্ভাৱনাময় সময় হিচাপে গণ্য কৰা হয়। এজোপা গছৰ ভৱিষ্যৎ যেনেকৈ পুলিটোৰ যতনৰ ওপৰত নিৰ্ভৰ কৰে, ঠিক তেনেদৰে এখন দেশ বা জাতিৰ ভৱিষ্যতৰ ৰূপৰেখা নিৰ্ণয় হয় সেই দেশৰ ছাত্ৰ সমাজৰ চৰিত্ৰ আৰু নৈতিকতাৰ ওপৰত। নৈতিকতা বুলি ক’লে আমি কেৱল কিছুমান নিয়ম-কানুন মানি চলাটোকে বুজিলে নহব, ই হ’ল মানুহৰ অন্তৰাত্মাৰ পৰা নিগৰি অহা এক বিশেষ গুণ, যিয়ে সত্য, ন্যায়, দয়া, মমতা, সততা আৰু সহনশীলতাৰ দৰে মানৱীয় প্ৰমূল্যবোধক গুৰুত্ব প্ৰদান কৰে। কিন্তু সাম্প্ৰতিক সময়ত ছাত্ৰ সমাজৰ মাজত এই নৈতিক প্ৰমূল্যবোধৰ দ্ৰুত অৱক্ষয় ঘটা দেখা গৈছে। একাংশ ছাত্ৰ-ছাত্ৰীৰ অশালীন আচৰণ, জ্যেষ্ঠক অৱমাননা, অসহিষ্ণুতা আৰু অসামাজিক কাৰ্যকলাপত লিপ্ত হোৱাৰ ঘটনাই সচেতন মহলক চিন্তিত কৰি তুলিছে। এইটো ঠিক যে ছাত্ৰ-ছাত্ৰী সকলৰ এনে নৈতিক স্খলনৰ বাবে একমাত্ৰ তেওঁলোকেই জগৰীয়া নহয় ৷ ছাত্ৰ-ছাত্ৰী সকল  সমাজৰ এক অবিচ্ছেদ্য অংশ ৷ সমাজৰ প্ৰতিটো উপাদান– পৰিয়াল, শিক্ষানুষ্ঠান, চুবুৰীয়া, গণমাধ্যম আৰু ৰাজনৈতিক পৰিৱেশে ছাত্ৰ-ছাত্ৰী সকলৰ মনস্তত্ত্ব গঢ় দিয়াত নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰে। সেয়েহে ছাত্ৰ-ছাত্ৰীৰ নৈতিকতাৰ সংকট প্ৰকৃততে আমাৰ সমাজ ব্যৱস্থাৰ এটা গুৰুত্বপূৰ্ণ নেতিবাচক প্ৰতিচ্ছবি।

এগৰাকী ছাত্ৰ বা ছাত্ৰীৰ নৈতিক শিক্ষাৰ ভেটিটো নিৰ্মাণ হয় তেওঁৰ নিজৰ ঘৰখনত। পৰিয়ালক শিশুৰ প্ৰথম বিদ্যালয় বুলি কোৱা হয়, য’ত মাক-দেউতাক আৰু পৰিয়ালৰ জ্যেষ্ঠ সদস্য সকল হ’ল- প্ৰথম পথ-প্ৰদৰ্শক। আমাৰ অতীতৰ যৌথ পৰিয়াল ব্যৱস্থাত ককা-আইতাৰ সান্নিধ্যত শিশুৱে নীতিবচন মূলক সাধুকথা আৰু মহৎ লোকৰ জীৱনী শুনি ডাঙৰ হৈছিল, যিয়ে তেওঁলোকৰ কোমল মনত নৈতিকতাৰ বীজ ৰোপণ কৰিছিল। কিন্তু আধুনিকীকৰণৰ ধাম খুমীয়াত আমাৰ সমাজ ব্যৱস্থা দ্ৰুতগতিত সলনি হৈছে। একক পৰিয়ালৰ ধাৰণাই গা কৰি উঠাৰ লগে লগে শিশুৱে নৈতিক শিক্ষা লাভৰ সেই প্ৰাথমিক উৎসটোৰ পৰা বঞ্চিত হ’বলগীয়া হৈছে। বৰ্তমান সময়ত সৰহ সংখ্যক অভিভাৱকেই জীৱন সংগ্ৰাম আৰু কেৰিয়াৰ গঢ়াৰ দৌৰত ইমানেই ব্যস্ত হৈ পৰিছে যে সন্তানক গুণগত সময় দিয়াৰ অৱকাশ তেওঁলোকৰ নোহোৱা হৈছে । ইয়াৰ পৰিৱৰ্তে অভিভাৱক সকলৰ মাজত নিজৰ সন্তানক আনৰ সন্তানতকৈ শ্ৰেষ্ঠ বুলি প্ৰতিপন্ন কৰাৰ এক অসুস্থ প্ৰতিযোগিতা আৰম্ভ হৈছে। ‘মোৰ সন্তানটোৱে পৰীক্ষাত কিমান নম্বৰ পালে’– এইটোৱেই সম্প্ৰতি একমাত্ৰ আশাকৰা বিষয় হৈ পৰিছে ৷ ইয়াৰ বিপৰীতে ‘মোৰ সন্তানটো কিমান ভাল মানুহ হ’ল’ সেই লৈ চিন্তা কৰাৰ প্ৰয়োজন নোহোৱা হৈছে। যেতিয়া শিশুৱে দেখা পাই যে– মাক-দেউতাকে সমাজত প্ৰতিষ্ঠা লাভৰ বাবে কেনে ধৰণৰ অসৎ উপায় অৱলম্বন কৰিছে বা ঘৰৰ ভিতৰত পাৰস্পৰিক শ্ৰদ্ধাৰ অভাৱ ঘটিছে, তেতিয়া তেওঁলোকৰ মনতো সেইবোৰ নেতিবাচক ধাৰণাই খোপনি পুতি লয়। অভিভাৱকৰ আচৰণ আৰু চিন্তাধাৰাই সন্তানৰ মনত দাপোনৰ দৰে ক্ৰিয়া কৰে ৷ গতিকে ঘৰখনৰ পৰিৱেশ কলুষিত হলে, সেই পৰিবেশত ডাঙৰ দীঘল হোৱা  ছাত্ৰ বা ছাত্ৰী গৰাকীৰ পৰা আমি উচ্চ নৈতিকতা আশা কৰাটো বিড়ম্বনাৰ বাহিৰে আন একো হব নোৱাৰে ।

বিদ্যালয় হৈছে ছাত্ৰ-ছাত্ৰীৰ দ্বিতীয় পৰিয়াল। বিদ্যালয়ত কেৱল পাঠ্যক্রমৰ জ্ঞান দিয়াই নহয়, জীৱনৰ মূল্যবোধ শিকোৱাটোও শিক্ষকৰ কৰ্তব্য। গতিকে শিক্ষক সকলৰ কান্ধত পৰে সৰ্ববৃহৎ দ্বায়িত্ব ৷ প্ৰাচীন ভাৰতীয় পৰম্পৰাত গুৰু-শিষ্যৰ সম্পৰ্ক আছিল অতি পবিত্ৰ আৰু  আধ্যাত্মিক ৷ কিন্তু বৰ্তমানৰ শিক্ষা ব্যৱস্থা ক্ৰমাগত ভাৱে যান্ত্ৰিক আৰু ব্যৱসায়িক ব্যৱস্হালৈ  ৰূপান্তৰিত হৈছে। জ্ঞান অৰ্জনৰ পবিত্ৰ মন্দিৰ স্বৰূপ শিক্ষানুষ্ঠান সমূহ  একোটা ‘ডিগ্ৰী উৎপাদনৰ কাৰখানা’লৈ পৰিৱৰ্তিত হৈছে। বৰ্তমানৰ পাঠ্যক্ৰমত বিজ্ঞান, গণিত আৰু প্ৰযুক্তি বিদ্যাৰ ওপৰত যিমান গুৰুত্ব দিয়া হয়, সিমান গুৰুত্ব চৰিত্ৰ গঠন বা নৈতিক শিক্ষাৰ ওপৰত দিয়া নহয়। পৰীক্ষাৰ নম্বৰ সৰ্বস্ব শিক্ষা ব্যৱস্থাই ছাত্ৰ-ছাত্ৰীক কেৱল মেধাৱী হোৱাৰ প্ৰতিযোগিতালৈহে আগবঢ়াই দিছে ৷ কিন্তু সহানুভূতিশীল মানুহ হ’বলৈ কোনো ধৰণৰ প্ৰচেষ্টা চলোৱা নহয় । শ্ৰেণী কোঠাত ছাত্ৰ-ছাত্ৰীৰ মাজত গঢ়ি উঠা তীব্ৰ প্ৰতিযোগিতাই তেওঁলোকক ঈৰ্ষা পৰায়ণ আৰু আত্মকেন্দ্ৰিক কৰি তুলিছে। তদুপৰি, শিক্ষক সমাজৰ একাংশৰ আচৰণো আজিকালি গ্ৰহণ যোগ্য নহয় । যেতিয়া এজন ছাত্ৰই দেখা পাই যে– তেওঁৰ শিক্ষাগুৰু জনে নৈতিকতা বিসৰ্জন দি কেৱল অৰ্থ উপাৰ্জনৰ বাবে টিউচন বা কোচিং চেণ্টাৰত ব্যস্ত হৈ পৰিছে  বা শিক্ষকজনৰ নিজৰ চৰিত্ৰগত দোষ আছে, তেতিয়া ছাত্ৰজনৰ মনত শিক্ষকৰ প্ৰতি থকা শ্ৰদ্ধা ভক্তি নোহোৱা হৈ যায়। শিক্ষাৰ প্ৰকৃত উদ্দেশ্য হ’ল– মানুহৰ অন্তৰ্নিহিত সম্ভাৱনাক বিকশিত কৰি এজন সম্পূৰ্ণ মানুহ গঢ়ি তোলা ৷ কিন্তু বৰ্তমানৰ ব্যৱস্থাই কেৱল কিছুমান দক্ষ যন্ত্ৰমানৱ সৃষ্টি কৰিছে যাৰ মাজত নৈতিকতাই অলপো স্থান লাভ কৰা নাই ৷

শিক্ষা সমাপ্ত কৰি ছাত্ৰ – ছাত্ৰী সকলে যিখন সমাজত সোমাই পৰে সেই সমাজৰ সামগ্ৰিক বাতাবৰণেও তেওঁলোকৰ মানসিকতাত গভীৰ প্ৰভাৱ পেলায়। মানুহ সামাজিক প্ৰাণী আৰু ছাত্ৰ সমাজো ইয়াৰ ব্যতিক্ৰম নহয়। এখন সুস্থ সমাজত ছাত্ৰ- ছাত্ৰী সকলে জ্যেষ্ঠ জনৰ পৰা মৰম আৰু শাসন দুয়োটাই পায়। কিন্তু পৰিতাপৰ বিষয় যে আমাৰ সামাজিক বান্ধোন বোৰ লাহে লাহে শিথিল হৈ পৰিছে। চুবুৰীয়াৰ লগত থকা সম্পৰ্ক বোৰ কৃত্ৰিম হৈ পৰিছে। আগৰ দিনত কোনো ছাত্ৰ বা ছাত্ৰীয়ে  ভুল কাম কৰিলে চুবুৰীয়া বা সমাজৰ জ্যেষ্ঠ জনে শাসন কৰাৰ অধিকাৰ আছিল, কিন্তু আজিৰ সমাজত ‘মোৰ ল’ৰা বা ছোৱালীক শাসন কৰিবলৈ সিহত কোন ?’ এই ধৰণৰ মনোভাৱ আহি পৰাৰ পৰাই দেখি শুনিও সকলোৱে মৌন হৈ থাকিবলৈ ললে । এই সামাজিক নিৰ্লিপ্ততাই ছাত্ৰ-ছাত্ৰীক বিপথে যোৱাত অৰিহণা যোগাইছে । আজি কালি কাষৰ ঘৰ খনৰ ল’ৰা-ছোৱালীৰ বেয়া দেখিলেও নেদেখা ভাও ধৰি থকা পৰিবেশ আহি পৰিছে ৷ তাৰোপৰি, সমাজত বৰ্তমান বস্তুবাদী চিন্তাধাৰাই ইমানেই শিপাইছে যে মানুহৰ মৰ্যাদা এতিয়া জ্ঞান বা চৰিত্ৰৰ দ্বাৰা নিৰ্ণয় নহয় ৷ নিৰ্ণয় হয়– ধন-সম্পত্তি আৰু ক্ষমতাৰ দ্বাৰা। যেতিয়া এজন সম্ভাৱনাপূৰ্ণ ছাত্ৰই দেখে যে– সমাজৰ আটাইতকৈ দুৰ্নীতিগ্ৰস্ত মানুহজনেই সমাজত মূল সন্মানৰ আসনখন লাভ কৰি আছে বা অসৎ উপায়েৰে ধন ঘটা ব্যক্তি জনেই সমাজৰ নেতা হৈছে, তেতিয়া তেওঁৰ মনত সততাৰ প্ৰতি বিশ্বাস হেৰাই যায়। সমাজে নিজেই যেতিয়া দুৰ্নীতিক স্বীকাৰ কৰি লয় আৰু নৈতিকতাক দুৰ্বলতা বুলি গণ্য কৰে, তেতিয়া ছাত্ৰ সমাজে নৈতিক পথত চলা অনুপ্ৰেৰণাৰ পৰা বঞ্চিত হয় ৷ সমাজৰ চাৰিওফালে বিৰাজমান হিংসা, প্ৰৱঞ্চনা আৰু অনৈতিক কাৰ্যকলাপে ছাত্ৰ-ছাত্ৰীৰ মনত বিৰুপ ধাৰণাৰ সৃষ্টি কৰে আৰু জীয়াই থাকিবলৈ হ’লে বা সফল হ’বলৈ হ’লে এনেবোৰেই একমাত্ৰ পথ বুলি পতিয়ন যাবলৈ বাধ্যত পৰে ৷

বৰ্তমানৰ বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ অভূতপূৰ্ব উন্নতিৰ এই সময়ছোৱাত  ছাত্ৰ সমাজৰ নৈতিকতাত আটাইতকৈ ভয়াৱহ প্ৰভাৱ পেলাইছে আধুনিক গণমাধ্যম আৰু ইণ্টাৰনেটৰ অবাধ ব্যৱহাৰে। তথ্য প্ৰযুক্তিৰ বিপ্লৱে আমাৰ হাতৰ মুঠিলৈ সমগ্ৰ বিশ্বখনক আনি দিছে সঁচা, কিন্তু ইয়াৰ লগে লগে অপসংস্কৃতিকো আদৰি আনিছে। স্মাৰ্টফোন আৰু ইণ্টাৰনেটৰ সহজলভ্যতাই ছাত্ৰ সমাজক ভাৰ্চুৱেল বা কাল্পনিক জগতৰ বাসিন্দা কৰি পেলাইছে। দেখা গৈছে– সামাজিক মাধ্যমৰ জৰিয়তে বিয়পি পৰা ভুৱা বাতৰি, ঘৃণা আৰু অসহিষ্ণুতাই ছাত্ৰৰ মন বিষাক্ত কৰি তুলিছে। ইণ্টাৰনেটত উপলব্ধ হিংসাত্মক দৃশ্য, অশ্লীলতা আৰু অপৰাধমূলক সমলবোৰে ছাত্ৰৰ মানসিকতা বিকৃত হোৱাত অৰিহণা যোগাইছে । পূৰ্বতে যি সময়ত ছাত্ৰ-ছাত্ৰীয়ে খেলপথাৰত খেলি বা কিতাপ পঢ়ি সময় কটাইছিল, এতিয়া সেই সময় তেওঁলোকে হাতত ম’বাইল লৈ কটায়। ইয়াৰ ফলত তেওঁলোকৰ শাৰীৰিক বিকাশ বাধাগ্ৰস্ত হোৱাৰ লগতে মানসিকভাৱেও তেওঁলোক অকলশৰীয়া হৈ পৰিছে। বাস্তৱ জগতৰ মানৱীয় সম্পৰ্ক, আবেগ-অনুভূতি আৰু সামাজিক দায়িত্ববোধৰ পৰা তেওঁলোক বহু দূৰলৈ আঁতৰি গৈছে। ‘ৰিল’ বা চুটি ভিডিঅ’ চোৱাৰ অভ্যাসৰ ফলত ছাত্ৰৰ ধৈৰ্য শক্তি কমি গৈছে আৰু তেওঁলোকে কম সময়তে ফলাফল বিচাৰি হাহাকাৰ কৰিবলৈ লৈছে , যাৰ ফলত তেওঁলোকে অনৈতিক কাম কৰিবলৈ কুণ্ঠাবোধ নকৰা হৈছে । ফলত বহু প্ৰতিভাশালী ছাত্ৰৰ ভৱিষ্যৎ অন্ধকাৰ হৈ পৰিছে।

সুষ্ঠ ৰাজনৈতিক বাতাবৰণেও ছাত্ৰ-ছাত্ৰীৰ নৈতিকতা গঠনৰ ক্ষেত্ৰত অৰিহণা যোগায় ৷ ছাত্ৰ সকল স্বভাৱতে আৱেগ প্ৰৱণ আৰু বিপ্লৱী মনৰ অধিকাৰী। তেওঁলোকে সদায় সমাজৰ আগ স্হানত থকা ব্যক্তি বা নেতাসকলক আদৰ্শ হিচাপে ল’ব বিচাৰে। কিন্তু বৰ্তমান ৰাজনৈতিক ক্ষেত্ৰখনত নীতি আৰু আদৰ্শৰ চৰম অৱনতি ঘটিছে। ৰাজহুৱা জীৱনত নেতা সকলৰ ভণ্ডামি, প্ৰতিশ্ৰুতি ভংগ আৰু ক্ষমতাৰ অপব্যৱহাৰ দেখি ছাত্ৰ সমাজ হতাশগ্ৰস্ত হৈ পৰাতো স্বাভাৱিক । ছাত্ৰ সংগঠন সমূহৰ কাৰ্যকলাপেও কেতিয়াবা বিতৰ্কৰ সুত্ৰপাত ঘটায় ৷ ছাত্ৰাৱস্থাতে  কিছু সংখ্যকে শিক্ষাতকৈ দলীয় ৰাজনীতি আৰু ক্ষমতাকেন্দ্ৰিক চিন্তাত বেছি গুৰুত্ব দিয়াৰ ফলত মূল লক্ষ্যৰ পৰা আতৰি আহে ৷ সমাজ পৰিচালনা কৰা ব্যক্তি সকলে যদি সততা আৰু ত্যাগৰ নিদৰ্শন দাঙি ধৰিব নোৱাৰে, তেন্তে ছাত্ৰ-ছাত্ৰীয়ে কাক অনুকৰণ কৰিব ? যেতিয়া ছাত্ৰ-ছাত্ৰীয়ে লক্ষ্য কৰে যে– নীতি-নিয়ম কেৱল দুৰ্বলৰ বাবেহে, প্ৰভাৱশালীৰ বাবে নহয়, তেতিয়া তেওঁলোকৰ মনত বিদ্ৰোহৰ ভাৱ জাগি উঠে আৰু তেওঁলোকেও আইন বা নিয়মক অমান্য কৰিবলৈ কুণ্ঠাবোধ নকৰা হয় । দৰাচলতে সমাজৰ শীৰ্ষস্থানত থকা লোক সকলৰ নৈতিক অধঃপতনৰ প্ৰভাৱ পোনপটীয়াকৈ নৱপ্ৰজন্ম অৰ্থাৎ ছাত্ৰ সমাজলৈ বিয়পি পৰে।

নৈতিকতাহীন শিক্ষা আৰু চৰিত্ৰহীন ছাত্ৰ সমাজ আৰু এখন দেশৰ বাবে আটাইতকৈ ডাঙৰ ভাবুকি স্বৰূপ। ইয়াৰ পৰিণাম সুদূৰ প্ৰসাৰী আৰু ভয়াৱহ হয় । এজন ছাত্ৰ যিমানেই মেধাৱী নহওক কিয়, যদি তেওঁৰ নৈতিক চৰিত্ৰ সঠিক নহয় , তেতিয়া তেওঁ সমাজৰ বাবে সম্পদ নহৈ বোজা স্বৰূপ হৈ পৰে।  বৰ্তমান সমাজত ক্ৰমাগত ভাৱে বৃদ্ধি পাই অহা  বৃদ্ধ পিতৃ-মাতৃক অৱহেলা কৰাৰ ঘটনা, পথ দুৰ্ঘটনাত আহতক সহায় নকৰাৰ মানসিকতা বা তুচ্ছ কাৰণতে সংঘটিত হোৱা অপৰাধবোৰ নৈতিক স্খলনৰ পৰিণাম। নৈতিকতাৰ অভাৱতে আজিৰ ছাত্ৰ সমাজ মানসিকভাৱে দুৰ্বল হৈ পৰিছে, যাৰ ফলত সামান্য বিফলতাতে তেওঁলোকে আত্মহত্যাৰ দৰে চৰম পথ বাচি ল’বলৈ কুণ্ঠাবোধ নকৰে। এখন সমাজত যদি নৈতিকতাৰ ভেটি দুৰ্বল হয়, তেতিয়া অৰ্থনৈতিক বা প্ৰযুক্তিগতভাৱে যিমানেই উন্নতি নহওক কিয়, সেই সমাজ কেতিয়াও শান্তিপূৰ্ণ আৰু সুন্দৰ হ’ব নোৱাৰে।

দৰাচলতে ছাত্ৰ-ছাত্ৰীৰ নৈতিক অৱক্ষয়ৰ বাবে তেওঁলোককে দোষ দি হাত সাৰি যোৱাটো উচিত নহয় । ইয়াৰ বাবে প্ৰয়োজন এক সামগ্ৰিক জাগৰণ আৰু শুদ্ধ পথ গ্ৰহণ। এই সমস্যা সমাধানৰ বাবে সমাজৰ প্ৰতিটো স্তৰৰ পৰা একত্ৰিত প্ৰচেষ্টাৰ প্ৰয়োজন। অভিভাৱকে সন্তানক ‘ডাঙৰ মানুহ’ কৰাৰ সপোন ৰচিলেই নহ’ব, ‘ভাল মানুহ’ হোৱাৰ প্ৰচেষ্টা চলাব লাগিব। ঘৰখনত এনে  পৰিৱেশ গঢ়ি তুলিব লাগিব য’ত– সত্য আৰু সততাই সৰ্বোচ্চ স্থান পায়। সম্প্ৰতি শিক্ষা ব্যৱস্থাত আমূল পৰিৱৰ্তনৰে পাঠ্যক্ৰমত নৈতিক শিক্ষা আৰু আধ্যাত্মিক দৰ্শনৰ অন্তৰ্ভুক্তিকৰণ জৰুৰী হৈ পৰিছে। শিক্ষক সমাজে ছাত্ৰ-ছাত্ৰীৰ বন্ধু আৰু পথ-প্ৰদৰ্শক হিচাপে দায়িত্ব পালন কৰি তেওঁলোকক জীৱনৰ প্ৰকৃত মূল্যবোধ শিকালেহে প্ৰকৃত শিক্ষা সম্পূৰ্ণ হ’ব। সমাজৰ সচেতন নাগৰিক সকলে ছাত্ৰৰ বাবে সুস্থ বিনোদন আৰু সৃষ্টিশীল কামৰ পৰিৱেশ সৃষ্টি কৰা প্ৰয়োজন ৷  সাহিত্য, সংস্কৃতি আৰু ক্ৰীড়াৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীক সমাজমুখী কৰি গঢ়ি তুলিব পাৰিলে তেওঁলোকৰ মনৰ পৰা নেতিবাচক চিন্তাবোৰ আঁতৰি যোৱাত সহজ হব ।  সমাজত সৎ আৰু নিষ্ঠাৱান লোকক স্বীকৃতি প্ৰদান কৰিও নতুন প্ৰজন্মক আদৰ্শ দেখুৱাব পৰা যায় ৷

পৰিশেষত ক’ব পাৰি যে– ছাত্ৰ সমাজ হ’ল কুমাৰৰ চাকত থকা কেঁচা মাটিৰ দৰে। এই মাটিক যেনে ধৰণেৰে গঢ় দিয়া হয়, সি তেনে আকৃতিয়েই লব। তেনে ধৰণেৰে ছাত্ৰ-ছাত্ৰীক গঢ় দিয়াৰ দায়িত্ব আৰু কৰ্তব্য আমাৰ গোটেই সমাজখনৰ। ছাত্ৰৰ নৈতিকতা সমাজৰ দাপোন স্বৰূপ ৷ যদি সমাজখন পৰিষ্কাৰ হয়, তেন্তে সেই দাপোনত ছাত্ৰৰ প্ৰতিচ্ছবিও উজ্জ্বল হৈ জিলিকি উঠিব। আজিৰ ছাত্ৰই কাইলৈ দেশৰ নাগৰিক হব,  প্ৰশাসক বা সমাজ নিৰ্মাতা হ’ব । তেওঁলোকৰ চৰিত্ৰ যদি সুদৃঢ় হয়, তেন্তে আমাৰ দেশৰ ভৱিষ্যৎ সুৰক্ষিত হব । সেয়েহে আমি সকলোৱে মিলি আমাৰ ব্যক্তিগত স্বাৰ্থ আৰু সংকীৰ্ণতা পৰিহাৰ কৰি এখন সুস্থ, সবল আৰু নৈতিকতাৰে ভৰপূৰ সমাজ গঢ়ি তুলিবলৈ আগবাঢ়ি অহাতো আমাৰ পৰম কৰ্তব্য হোৱা উচিত ৷

লেখক অৱসৰপ্ৰাপ্ত শিক্ষক, উত্তৰ জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়) , জ্যেষ্ঠ সাংবাদিক,  প্ৰতিষ্ঠাপক সম্পাদক — শোণিতপুৰ জিলা সাংবাদিক সন্থা ৷)