মাজুলী মহাবিদ্যালয়ত যতীন্দ্ৰ কুমাৰ বৰগোহাঞিৰ স্মৃতিদিৱস পালন

মাজুলী মহাবিদ্যালয়ত যতীন্দ্ৰ কুমাৰ বৰগোহাঞিৰ স্মৃতিদিৱস পালন

‘বৰগোহাঞি আছিল এগৰাকী সঁচা মানৱতাবাদী’—ডঃ দেৱজিৎ শইকীয়া

বিকাশ শইকীয়া, মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা-  যোৰহাট জগন্নাথ বৰুৱা মহাবিদ‍্যালয়ৰ অৰ্থনীতি বিজ্ঞান বিভাগৰ প্ৰাক্তন অধ্যাপক, এগৰাকী আগশাৰীৰ চিন্তাবিদ, সাহিত্যিক, সাংবাদিক যতীন্দ্ৰ কুমাৰ বৰগোহাঞিৰ ত্ৰয়োদশ মৃত্যু দিৱস উপলক্ষে আজি মাজুলী মহাবিদ্যালয়ত এখন বিশেষ স্মৃতিচাৰণ সভা অনুষ্ঠিত কৰা হয়।  মহাবিদ্যালয়ৰ ‘শিক্ষাৰত্ন অতুল চন্দ্ৰ গোস্বামী গ্ৰন্থাগাৰ’ৰ ‘যতীন্দ্ৰ কুমাৰ বৰগোহাঞি স্মৃতি-ষড়ংগ’ত অনুষ্ঠিত উক্ত সভাৰ আৰম্ভণিতে প্ৰয়াত শিক্ষাবিদজনৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলনেৰে তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ দেৱজিৎ শইকীয়াই। ইয়াৰ পিছতেই গ্ৰন্থাগাৰিক প্ৰদীপ চন্দ্ৰ দাসে অনুষ্ঠানত উপস্থিত থকা বিশিষ্ট অতিথিসকলক আনুষ্ঠানিকভাৱে আদৰণি জনায়। সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ নৰেন চন্দ্ৰ ঠাকুৰীয়াই প্ৰয়াত বৰগোহাঞিৰ ব্যক্তিত্ব সম্পৰ্কে এক চমু আলোকপাত কৰাৰ লগতে তেওঁৰ জীৱনকালত সংগৃহীত গ্ৰন্থসমূহ মাজুলী মহাবিদ‍্যালয়লৈ দান কৰি যতীন্দ্ৰ কুমাৰ বৰগোহাঞিৰ পত্নী হৰপ্ৰিয়া বাৰুকিয়াল বৰগোহাঞিয়ে এক মহৎ কৰ্ম সম্পন্ন কৰা বুলি কয়। আন এজন বিশিষ্ট অতিথি তথা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ সৰ্বেশ্বৰ হাজৰিকাই যতীন্দ্ৰ কুমাৰ বৰগোহাঞিক লগ পোৱাৰ সময়ৰ কথা স্মৰণ কৰি তেখেতৰ ব্যক্তিত্বৰ জ্যোতিয়ে ছাত্ৰ-ছাত্ৰীসকলক চিৰদিন আলোকিত কৰি ৰাখিব বুলি উল্লেখ কৰে। সভাপতিৰ ভাষণত অধ্যক্ষ ডঃ দেৱজিৎ শইকীয়াই কয়— “যতীন্দ্ৰ কুমাৰ বৰগোহাঞি আছিল এগৰাকী সঁচা মানৱতাবাদী। পাণ্ডিত্য আৰু আপোচবিহীন মনোৰথ আছিল তেওঁৰ ভূষণ। দৰিদ্ৰ জনতাৰ পক্ষত অৱস্থান কৰিবৰ নিমিত্তেই তেওঁ মহাবিদ‍্যালয়ৰ অধ্যাপকৰ দৰে লোভনীয় চাকৰি ইস্তফা দি জনসাধাৰণৰ মাজলৈ গুচি গৈছিল।” অধ‍্যক্ষজনে বৰগোহাঞিৰ ব‍্যক্তিগত পুথিভঁৰালৰ সমুদায় গ্ৰন্থ সংগ্ৰহ কৰি মহাবিদ‍্যালয় পৰিয়াল ধন‍্য হোৱা বুলি উল্লেখ কৰাৰ লগতে এই মহান দানৰ বাবে মাজুলীবাসী চিৰদিন দাতা-পৰিয়ালবৰ্গৰ ওচৰত কৃতজ্ঞ হৈ থাকিব বুলিও কয়। সভাত উপস্থিত থাকি মহাবিদ্যালয়ৰ প্ৰশাসনিক সমন্বয়ক প্ৰশান্ত শইকীয়া, শৈক্ষিক সমন্বয়ক অজিত কুমাৰ শইকীয়া, অভ‍্যন্তৰীণ মান নিশ্চিকৰণ কোষৰ সমন্বয়ক বসন্ত বৰা, শিক্ষক গোটৰ সভাপতি ডঃ ব্ৰজেন চন্দ্ৰ নেওগ, সম্পাদক ডঃ অনুপ কুমাৰ দলে, প্ৰাক্তন শিক্ষাৰ্থী সন্মিলনৰ সম্পাদক তুলসী ৰাজখোৱা, ঢকুৱাখনা মহাবিদ্যালয়(স্বায়ত্তশাসিত)ৰ উপাধ‍্যক্ষ চিত্ৰ কুমাৰ কোচ, সেই মহাবিদ‍্যালয়ৰ অসমীয়া বিভাগৰ অধ‍্যাপক নিৰঞ্জন দাস, মাজুলী জিলা সাংবাদিক সন্থাৰ সভাপতি দিবাকৰ শইকীয়া, কমলাবাৰীৰ ৰূপবৰণ চিত্ৰকলা বিদ‍্যালয়ৰ অধ‍্যক্ষ দীপু বৰা আদি বিশিষ্ট ব্যক্তিসকলে প্ৰয়াত শিক্ষাবিদজনৰ মহানুভৱতাক স্মৰণ কৰে। সভাত অধ্যাপক ডঃ ৰাজেন চন্দ্ৰ বৰা, ইন্দিৰা বড়া, সুৰেন চন্দ্ৰ দাস, ডঃ দুলাল হাজৰিকা, কাৰ্তিক নাথ, ডঃ দেৱজ‍্যোতি ভট্টাচাৰ্য, ডঃ বিশাল ভূঞা, সুদৰ্শনা ফুকন, মাজুলী জিলা অসম যুৱ ছাত্ৰ পৰিষদৰ উপ-সভাপতি পৱিত্ৰ বৰা, কমলাবাৰীৰ ব‍্যৱসায়ী-সমাজ সেৱক মনোহৰ ব‍্যাস, কাৰ্যালয়ৰ জ‍্যেষ্ঠ সহায়ক পদ্মধৰ বৰুৱা, কাৰ্যালয় সহায়ক দেৱজিৎ বৰুৱা প্ৰমুখ‍্যে শতাধিক শিক্ষাৰ্থী উপস্থিত থাকে। উল্লেখ‍্য, বিশিষ্ট অৰ্থনীতিবিদজনৰ বিয়োগৰ পাছত তেওঁৰ ব্যক্তিগত পুথিভঁৰালৰ ছহেজাৰৰো অধিক গ্ৰন্থ তেওঁৰ পত্নী, বিশিষ্ট লেখিকা হৰপ্ৰিয়া বাৰুকিয়াল বৰগোহাঞি আৰু পৰিয়ালবৰ্গই মাজুলীৰ দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীসকলৰ উপকাৰত অহাকৈ মাজুলী মহাবিদ্যালয়ৰ গ্ৰন্থাগাৰলৈ দান কৰি মহানুভৱতাৰ পৰিচয় দিছিল। বৰগোহাঞি পৰিয়ালৰ সেই বদ্যানতাৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি মাজুলী মহাবিদ্যালয়ে গ্ৰন্থাগাৰৰ এটি কক্ষ ‘যতীন্দ্ৰ কুমাৰ বৰগোহাঞি স্মৃতি-ষড়ংগ’ নামেৰে নামকৰণ কৰি প্ৰতিবছৰে ১৮ ডিচেম্বৰ তাৰিখটো তেওঁৰ স্মৃতি-দিৱস হিচাপে পালন কৰি আহিছে।