নামৰূপ সাৰ কাৰখানাত বৰ্তমান কৰ্মৰত কৰ্মচাৰীৰ ভৱিষ্যত নিশ্চিত কৰক- ৰাইজৰ দল

নামৰূপ সাৰ কাৰখানাত বৰ্তমান কৰ্মৰত কৰ্মচাৰীৰ ভৱিষ্যত নিশ্চিত কৰক- ৰাইজৰ দল
কৃষকৰ আয় দুগুণ কৰিম বুলি শাসনলৈ অহা বিজেপি দলে প্ৰধানমন্ত্ৰীৰ সভাৰ বাবে নষ্ট কৰিলে হাজাৰ হাজাৰ বিঘা কৃষিভূমি

ৰঙিলী বাৰ্ত্তাসেৱা- ৰাইজৰ দলৰ মুখ্য কাৰ্যালয়ৰ পৰা আজি সংবাদ মেল সম্বোধন কৰে ৰাইজৰ দলৰ সাধাৰণ সম্পাদক চিন্ময় বড়াই। অহা ২১ ডিচেম্বৰ ২০২৫ তাৰিখে প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ আৰু নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থটো গোটৰ আধাৰশিলা স্থাপন সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত সংবাদ মেল সম্বোধন কৰে বড়াই। বড়াই কয় যে, নামৰূপ কাৰখানাৰ তৃতীয়টো গোটৰ উৎপাদন এতিয়াও বন্ধ হৈ আছে। কিছুদিন আগতে সংঘটিত এটা বিধ্বংসী অগ্নিকাণ্ডত ক্ষতিগ্ৰস্ত হোৱাৰ পিছৰে পৰাই উৎপাদন বন্ধ হৈ আছে নামৰূপ সাৰ কাৰখানাৰ তৃতীয়টো গোটৰ। ১৯৮৭ চনত উৎপাদনক্ষম হোৱা এই তৃতীয়টো গোটৰ অধিকাংশ যন্ত্ৰৰে ম্যাদ বহু দিনৰ আগতেই উকলি গৈছিল। তাৰ পৰিৱৰ্তে এটা চতুৰ্থ গোট স্থাপন কৰি সাৰ কাৰখানাটো জীয়াই ৰখাৰ লগতে অসমৰ সাৰৰ বজাৰখনৰ চাহিদা পূৰণ কৰাৰ দাবী সাৰ কাৰখানাৰ শ্ৰমিক ইউনিয়নৰ লগতে বিভিন্ন দল সংগঠন আৰু ৰাইজে কৰি আহিছিল। ২০০৬ চনত তেতিয়াৰ সাৰ মন্ত্ৰী ৰাম বিলাস পাচোৱান ডাঙৰীয়াই নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থটো গোট স্থাপন কৰাৰ লগতে আধাৰশিলাও শীঘ্ৰেই কৰা হ’ব বুলি প্ৰতিশ্ৰুতি দিছিল। ২০০৬ চনৰ পৰা অৱশেষত ২০২৫ত হ’বলৈ গৈ আছে। বিজেপি চৰকাৰ ক্ষমতালৈ অহাৰ পিছতেই ২০১৫ চনৰ ২১মে তাৰিখে এটা কেবিনেট সিদ্ধান্ত লৈছিল যে নামৰূপ সাৰ কাৰখানাটো পুনৰোজ্জীৱিত কৰি চতুৰ্থটো গোট স্থাপন কৰা হ’ব। নৰেন্দ্ৰ মোদী চৰকাৰে ২০১৫ চনতেই লোৱা কেবিনেট সিদ্ধান্ত এতিয়া আধাৰশিলালৈ আহিছে। আমি সকলোৱে অৱগত যে সাৰ কাৰখানাতো এটা Public sector undertaking। ইয়াত সম্পূৰ্ণ এশ শতাংশ কেন্দ্ৰীয় চৰকাৰৰ শ্বেয়াৰ আছে। তাৰ বিপৰীতে এতিয়া সাৰ কাৰখানাৰ চতুৰ্থটো গোটত কেন্দ্ৰীয় চৰকাৰৰ সংস্থা BVFCL ৰ অংশীদাৰীত্ব থাকিব মাত্ৰ ১১%। নতুনকৈ গঠন কৰা AVFCCL ত ৪০% থাকিব অসম চৰকাৰৰ অংশীদাৰীত্ব , BVFCLৰ থাকিব ১১% অংশীদাৰীত্ব, OIL ৰ থাকিব ১৮% অংশীদাৰীত্ব, HURLৰ থাকিব ১৩% অংশীদাৰীত্ব, NFLৰ থাকিব ১৮% অংশীদাৰীত্ব। দহ হাজাৰ ছশ কোটি টকাৰ প্রকল্পটো নিৰ্ধাৰিত সময়ত কাৰ্যক্ষম হৈ উঠিলে অসমৰ লগতে নামৰূপৰ এটা দীৰ্ঘদিনীয়া অভাৱ পূৰণ হ’ব। নিশ্চিতভাবে এইটো এটা ভাল খবৰ। এই ভাল খবৰৰ লগতে বেয়া খবৰ- বৰ্তমান BVFCLৰ অধীনত কৰ্মৰত কৰ্মচাৰী সকল অনিশ্চয়তাত ভুগিছে। তাৰ সম্পৰ্কে সকলো মৌন। চৰকাৰ কিম্বা বিভাগীয় বিভাগ। শ্ৰমিক ইউনিয়নৰ বাৰম্বাৰ দাবী আৰু অনুৰোধৰ প্ৰতি গুৰুত্ব দিয়া নাই চৰকাৰে। তাত বৰ্তমান কৰ্মৰত প্ৰায় ৪০০ জন নিয়মীয়া কৰ্মচাৰীৰক নতুনকৈ গঠন কৰা কোম্পানীটোৱে তেওঁলোকক নতুন প্ৰতিষ্ঠানটোত কামত নিয়োজিত কৰিব নে নকৰিব সেই সন্দৰ্ভতো কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাই। নকৰাটোৱেই প্ৰায় নিশ্চিত কৰাৰ দৰে কথা হৈছে। সুদীৰ্ঘ দিনৰ পৰা চতুৰ্থ গোট স্থাপনৰ দাবী কৰি অহা আৰু এই যুঁজ খনক সন্মুখৰ পৰা নেতৃত্ব দিয়া এই কৰ্মচাৰী সকলৰ ভৱিষ্যত এতিয়া অন্ধকাৰ। তাৰ বাহিৰেও তাত থকা প্ৰায় ১২০০ জন ঠিকাভিত্তিক কৰ্মচাৰীৰ জীৱনলৈও আহিছে সংকট। এতিয়ালৈকে চুক্তি হোৱা কোনো MOUত এই সন্দৰ্ভত কোনো কথা উল্লেখ নাই। নতুন প্ৰকল্পটোত নিয়োগ আৰু ঠিকা সন্দৰ্ভত সাৰ কাৰখানাৰ প্ৰাক্তন কৰ্মচাৰী সকলৰ সন্তান সকলক আৰু নামৰূপৰ স্থানীয় লোকক প্ৰথম প্ৰাধান্য দিবলৈ দাবী জনায়।উল্লেখযোগ্য যে যি সময়ত OIL, COAL India limited ৰ কৰ্মচাৰীয়ে 7th pay scale ৰ অধীনত দৰমহা পাই সেই সময়ত কিন্তু আজিও BVFCLৰ কৰ্মচাৰী সকলক 6th Pay scaleৰ অধীনতেই দৰমহা দি থকা হৈছে। লগতে বড়াই এক RTI ৰ তথ্য উল্লেখ কৰি কয় যে, BVFCL ৰ হাতত বৰ্তমান মাটি আছে ফেক্টৰী- ৬৫০ বিঘা, আৱাসিক অঞ্চল,বজাৰ, স্কুল, চিকিৎসালয় আদিক লৈ প্ৰায় ১৯৬১ বিঘা সৰ্বমুঠ ২৬১১ বিঘা মাটি আছে। সেই মাটি AVFCLক গতাই দি তেওঁলোকে ১১% অংশীদাৰীত্ব পাইছে। কোনো বহিৰাগত মানুহৰ হাতলৈ যাতে এই মাটি যাব নোৱাৰে তাত ব্যাপক দৃষ্টি ৰাখিব ৰাইজৰ দলে। এই মাটি খিনি কোনো বণিয়া অথবা বহিৰাগত মানুহৰ হাতলৈ যাতে যাব নোৱাৰে তাৰ বাবে চৰকাৰক দাবী জনাই ৰাইজৰ দলে। লগতে প্ৰধানমন্ত্ৰীৰ আগমনৰ বাবে ইতিমধ্যে শ শ বিঘা কৃষিভূমি নষ্ট কৰক লৈও সৰৱ হয় ৰাইজৰ দলৰ। সাধাৰণ সম্পাদক বড়াই কয় যে, খেতিয়কৰ শ্ৰমৰ মূল্য বুজি নোপোৱা এই চৰকাৰে বিশাল জনসভাৰ নামতেই শ শ বিঘা কৃষিভূমি বলপূৰ্বকভাবে নষ্ট কৰি পেলোৱাটো দুৰ্ভাগ্যজনক কথা। কেৱল নষ্ট কৰাই নহয় বিতুমিন, শিল বালি পেলাই পথ বনাই পেলোৱা সেই কৃষিভূমিবোৰ ভৱিষ্যতে খেতিৰ অনুপযোগী হৈ পৰিব। খেতিয়কৰ অনুমতি অবিহনে বলপূৰ্বক ভাবে চৰকাৰৰ মানুহ লগাই কৰা এই কামৰ তীব্ৰ বিৰোধিতা কৰে ৰাইজৰ দলে। খেতিয়ক সকলক উচিত ক্ষতিপূৰণ দিয়াৰ লগতে MSP ৰ দৰত প্ৰতিবিঘা মাটিৰ বিপৰীতে নষ্ট হোৱা ধানৰ মূল্য দিবলৈ দাবী কৰে ৰাইজৰ দলে। প্ৰধানমন্ত্ৰীৰ সভাৰ পাছত ব্যৱহাৰ কৰা প্ৰতি খন পথাৰৰ এটা এটা শিল বালি তথা আৱৰ্জনা আঁতৰাই পূৰ্বৰ সীমা নিৰ্ধাৰণ কৰি মাটিৰ মালিকক গটাই দিবলৈও দাবী জনাই। তেওঁ উল্লেখ কৰে যে এই পথাৰবোৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই সততে কৈ থকা কোনো অচিনাকি লোকৰ নহয়, এইয়া কোনোবা বড়া, শইকীয়া অথবা গগৈৰহে পথাৰ। কৃষকৰ উপাৰ্জন দুগুণ কৰিম বুলি শাসনলৈ অহা দলটোক সাৰ কাৰখানাত উৎপাদিত হ’ব লগা সাৰ কোনখন পথাৰত দিব বুলিও তেওঁ প্ৰশ্ন উত্থাপন কৰে।