বিলাসিতাৰ দহনত বিয়া

কুণ্ডিল হাজৰিকা যোৰহাট, টীয়ক
বিয়াৰ বতৰ আহিলেই আমাৰ সমাজত এক নব্য ধৰণৰ উল্লাস আৰু আড়ম্বৰে দেখা দিয়ে, যিটোৱে আজিকালি এক সামাজিক প্ৰতিযোগিতাৰ ৰূপ লৈছে। চিৰাচৰিত পৰম্পৰা আৰু মূল্যবোধক পিচলৈ ঠেলি দি, অসমীয়া বিয়াই এতিয়া এক মিশ্ৰ সংস্কৃতি আৰু বিলাসী প্ৰদৰ্শনৰ বিশাল মঞ্চত পৰিণত হৈছে। এই পৰিৱৰ্তন কেৱল এজন ব্যক্তিৰ অনুভৱ নহয়, বৰং ই সমগ্ৰ মধ্যবিত্ত সমাজৰ এক গভীৰ প্ৰতিফলন।
শেহতীয়া সময়ত বিয়াৰ আয়োজন কেৱল এটি দিনৰ মাঙ্গলিক অনুষ্ঠান হৈ থকা নাই। ই আজিকালি কেইবাদিনীয়াকৈ চলি থকা এক বিস্তৃত কাৰ্যসূচীলৈ পৰিণত হৈছে। নিমন্ত্ৰণী পত্ৰত বিয়াৰ দিনৰ সলনি তিনি-চাৰিদিনীয়া কৰ্মসূচী ছপোৱাটো যেন এক নৱতম ‘ট্ৰেণ্ড’। এই সমাৱেশবোৰত প্ৰদৰ্শিত হোৱা আড়ম্বৰ সঁচাকৈয়ে মন কৰিবলগীয়া:
বিলাসিতাৰ পেণ্ডেল: সাধাৰণ ৰভাৰ সলনি আজি হাজাৰ হাজাৰ টকা ব্যয় কৰি সজোৱা হয় ৰাজকীয় পেণ্ডেল, য’ত সাধাৰণ অতিথিয়ে বহিবলৈও সংকোচবোধ কৰে।
খাদ্য সম্ভাৰৰ প্ৰাচুৰ্য: একোখন বিয়াত ভিন্ন ৰাজ্য আৰু ভিন্ন দেশৰ খাদ্যৰ তালিকা সন্নিৱিষ্ট কৰা হয়, যিটোৱে বিয়াৰ মূল উদ্দেশ্যতকৈ খাদ্যৰ প্ৰদৰ্শনকে অধিক গুৰুত্ব দিয়ে।
পেছাদাৰী সেৱাৰ জয়জয়কাৰ: উচ্চ হাৰৰ পাৰিশ্ৰমিকেৰে নিযুক্ত পেছাদাৰী ফটোগ্ৰাফাৰৰ বিশাল বাহিনী, নামী-দামী মেক-আপ আৰু মেহেন্দী আৰ্টিষ্টৰ ভিৰ – এইবোৰ হৈ পৰিছে বৰ্তমানৰ বিয়াৰ অপৰিহাৰ্য অংশ।
সাংস্কৃতিক সংমিশ্ৰণ: মূল অসমীয়া পৰম্পৰাৰ বাহিৰেও, বৰবিহ সদৃশ কিছুমান অনা-অসমীয়া সংস্কৃতিৰ পৰা ধাৰে লোৱা নতুন ৰীতি-নীতিও এই তালিকাত যোগ হৈছে, যিবোৰৰ সৈতে আমাৰ মূল সংস্কৃতিত কোনো সম্পৰ্কই নাই।
এইবোৰৰ চূড়ান্ত ফলস্বৰূপে, সাধাৰণ বা নিম্ন-মধ্যবিত্ত পৰিয়ালৰ লোকসকল এই অনুষ্ঠানবোৰলৈ গ’লে এক গভীৰ হীনমন্যতাত ভোগে। ৰাজকীয় আদৱ-কায়দা আৰু অপৰিসীম খৰচৰ এই দৃশ্যবোৰৰ সন্মুখত, বহুতো মধ্যবিত্ত পৰিয়ালৰ মনত এই প্ৰশ্নই দোলা দি যায়: “আমাৰ সাধ্য কিমান? আমি কি সঁচাকৈয়ে এই বিলাসী প্ৰবাহৰ সৈতে মিলি যাব পাৰিমনে?” ৰভাৰ তলত বহিবলৈ, বা বিলাসী খাদ্য সম্ভাৰ গ্ৰহণ কৰিবলৈকো নিজৰেই সংকোচবোধ হয়, কাৰণ এই আড়ম্বৰৰ সৈতে নিজৰ আৰ্থিক স্থিতিৰ কোনো মিল বিচাৰি পোৱা নাযায়।
দুখৰ বিষয় যে, এই আড়ম্বৰৰ আঁৰত বহুতো পৰিয়ালে কেৱল সামাজিক হেঁচা আৰু ট্ৰেণ্ডৰ সৈতে মিলি যোৱাৰ স্বাৰ্থত নিজৰ সাধ্যৰ সীমা অতিক্ৰম কৰি বিৰাট বিত্তীয় বোজা ল’বলগীয়া হয়। যিসকল ব্যক্তিয়ে জীৱনৰ আৰম্ভণিতে দাৰিদ্ৰ্য আৰু অভাৱৰ জুঁই সহি আহিছে, তেওঁলোকে জানে যে সাধাৰণ জীৱন যাপন কৰোঁতেই প্ৰতিমাহে EMI, বিভিন্ন দান-বৰঙণি, আৰু ঘৰুৱা খৰচবোৰে কেনেকৈ শেষৰফালে ধাৰ কৰিবলগীয়া অৱস্থা এতিয়াও সৃষ্টি কৰে। খেৰৰ জুপুৰিৰ পৰা লোন লৈ কোনোমতে পকী ঘৰলৈ অহা এজন ব্যক্তিৰ পক্ষে, বিয়াৰ নামত ইমান হাত উজান দি খৰচ কৰাৰ বাবে সাহস বা কলিজা দুয়োটাই নাথাকে।
আমি পাহৰিব নালাগিব যে আমাৰ মা-দেউতাহঁতৰ দিনৰ অনাড়ম্বৰ বিয়াবোৰো সুন্দৰভাৱে চলিছিল। সেইবোৰ আছিল প্ৰকৃত মিলন আৰু আত্মীয়তাৰ উৎসৱ, য’ত হৃদয়ৰ উষ্মতা আছিল, টকাৰ পয়োভৰ নহয়। সাধ্যৰ বাহিৰত গৈ বিৰাট কিবাকিবি কৰি জীৱনটোৰ কাৰণে নতুনকৈ ধাৰ এসোপাত পোঁত যোৱাটো কোনোমতেই বিচক্ষণতাৰ পৰিচায়ক নহয়। বিয়াৰ সাধাৰণ পৰম্পৰাখিনি পালন কৰি, সাধ্য অনুসৰি সৰলতাৰে আৰু সাংস্কৃতিক সন্ধিয়াৰ আয়োজন নকৰাকৈও এখন বিয়া সফলতাৰে অনুষ্ঠিত কৰিব পাৰি।
এইটো উপলব্ধি কৰাৰ সময় আহিছে যে ব্যক্তিগত স্বাচ্ছন্দ্য, আৰ্থিক নিৰাপত্তা, আৰু ভৱিষ্যতৰ সুৰক্ষা – সাময়িক সামাজিক প্ৰদৰ্শন বা তথাকথিত ট্ৰেণ্ডতকৈ বহু বেছি মূল্যৱান। অভাৱৰ জুয়ে শৈশৱ দহা প্ৰতিগৰাকী ব্যক্তিৰেই এয়া এক আন্তৰিক অনুভৱ। আমাৰ সমাজত বিয়াৰ নামত অপব্যয় কৰাৰ এই তথাকথিত ট্ৰেণ্ডটোৰ পৰা আঁতৰি আহি, আমি এক সুস্থিৰ আৰু দায়িত্বশীল উদাহৰণ দাঙি ধৰিব লাগিব, য’ত সুখ আৰু মিলনক, বিলাসিতাই গ্ৰাস কৰিব নোৱাৰে।
