লুথ্রা ভাতৃদ্বয়ক দিল্লী বিমানবন্দৰৰ পৰা গ্ৰেপ্তাৰ গোৱা আৰক্ষীৰ
ৰঙিলী বাৰ্ত্তাসেৱা- অৱশেষত ভাৰতলৈ ওভতাই অনা হ’ল গোৱাৰ নৈশ ক্লাবৰ ভয়াৱহ অগ্নিকাণ্ডৰ দুই অভিযুক্ত সৌৰভ আৰু গৌৰৱ লুথাক। থাইলেণ্ডৰ পৰা দিল্লী বিমানবন্দৰত উপস্থিত হোৱাৰ লগে লগে গোৱা আৰক্ষীয়ে তেওঁলোকক গ্ৰেপ্তাৰ কৰে । উল্লেখ্য যে ৬ ডিচেম্বৰৰ মাজনিশা গোৱাৰ আৰপোৰাৰ নৈশ ক্লাব ‘বাৰ্ছ বাই ৰোমিঅ’ লেন’ত সংঘটিত অগ্নিকাণ্ডত ২৫জন লোকৰ মৃত্যু হয়। এই ঘটনাৰ কেইঘণ্টামানৰ পিছতেই দুই ভাতৃয়ে ভাৰত এৰি থাইলেণ্ডলৈ পলায়ন কৰে। তাৰ পিছৰ পৰাই তেওঁলোকক ভাৰতলৈ ওভতাই অনাৰ বাবে প্ৰক্ৰিয়া আৰম্ভ হয়। দুই ভাতৃৰ সন্ধানত প্ৰথমে ইণ্টাৰপ’লৰ দ্বাৰস্থ হয় গোৱা আৰক্ষী। ইণ্টাৰপ’লৰ তৰফৰ পৰা লুথা ভাতৃদ্বয়ৰ বিৰুদ্ধে ব্লু কৰ্মাৰ নটিচ জাৰি কৰা হয়। গোৱা আৰক্ষীয়েও লুক আউট চাকুলাৰ (এলঅ’চি) জাৰি কৰে। তাৰ মাজতেই বেংককৰ ভাৰতীয় দূতাবাসে থাইলেণ্ড কর্তৃপক্ষৰ সৈতে যোগাযোগ কৰে। এইক্ষেত্রত পূর্ণ সহযোগিতা আগবঢ়ায় থাইলেণ্ড কর্তৃপক্ষই। প্রথমে দুই অভিযুক্তৰ পাছপ’ৰ্ট আৰু ভিছা বাতিল কৰা হয়। তাৰ পিছত ৯ ডিচেম্বৰত ফুকেটৰ এখন হোটেলৰ পৰা তেওঁলোকক আটক কৰে থাইলেণ্ডৰ অভিবাসন দপ্তৰে। তেতিয়াৰ পৰা দুয়োকে ভাৰতলৈ প্রত্যর্পণৰ চেষ্টা চলায় ভাৰত চৰকাৰে। থাইলেণ্ড কর্তৃপক্ষৰ পৰা এইক্ষেত্ৰত সেউজ সংকেত লাভ কৰে। সেইমৰ্মে মঙলবাৰে ইণ্ডিগ’ৰ বিমানেৰে দুয়োকে ভাৰতলৈ অনা হয় আৰু দিল্লী বিমানবন্দৰতে গোৱা আৰক্ষীয়ে তেওঁলোকক গ্ৰেপ্তাৰ কৰে।
