জানি শুনিও মদ্যপান কৰা উচিত নে?
নলিনী ৰঞ্জন ভূঞা,জামুগুৰিহাট, শোণিতপুৰ
ঈশ্বৰ প্ৰদত্ত বিচাৰ-বুদ্ধি আৰু বিবেক হ’ল মানুহৰ সৰ্বশ্ৰেষ্ঠ সম্পদ। এই বিবেকেই আমাক ভাল-বেয়া, উচিত-অনুচিতৰ পাৰ্থক্য বিচাৰ কৰিবলৈ শিকায়। কিন্তু বৰ্তমানৰ আধুনিক সমাজত এটা অত্যন্ত আচৰিত আৰু দুৰ্ভাগ্যজনক বিষয় হ’ল–মানুহে নিজৰ অমূল্য বিবেকক উপেক্ষা কৰি ধ্বংসৰ পথেদি আগবাঢ়ি গৈছে। তাৰেই এক জ্বলন্ত উদাহৰণ হ’ল– মদ্যপান বা সুৰাসক্তি। আজিৰ সমাজত এটা প্ৰশ্ন অতি প্ৰাসংগিক হৈ পৰিছে ৷ সেইটো হ’ল– ‘জানি শুনিও মদ্যপান কৰা উচিত নে?’ আপাত দৃষ্টিত প্ৰশ্নটোৰ উত্তৰ অতি সহজ যেন লাগিলেও ইয়াৰ অন্তৰালত লুকাই আছে মানৱ চৰিত্ৰৰ এক জটিল ৰহস্য আৰু সমাজৰ বাবে এক গভীৰ সংকট। সুৰাৰ বটলৰ গাত স্পষ্টকৈ লিখা থাকে যে– ই স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক ৷ তথাপিও শিক্ষিত-অশিক্ষিত নিৰ্বিশেষে বৃহৎ সংখ্যক লোকে এনে সতৰ্কবাণীক উপলুঙা কৰি জানি শুনিয়েই এই মাৰাত্মক বিষপান কৰি আছে। আমাৰ এই লেখাত মদ্যপানৰ আত্মঘাতী প্ৰৱণতাৰ কাৰণ আৰু ইয়াৰ ভয়াবহ পৰিণামৰ বিষয়ত এটি আলোচনা আগবঢ়াবলৈ চেষ্টা কৰা হৈছে ।
মদ্যপান কেৱল ব্যক্তিগত অভ্যাস বা চখ নহয় ৷ ই এক সামাজিক ব্যাধি, যিয়ে মানুহৰ জীৱনৰ প্ৰতিটো দিশক ধীৰে ধীৰে অকামিলা কৰি পংগু কৰি পেলায়। এজন ব্যক্তিয়ে প্ৰথম বাৰৰ বাবে মদ্যপান কৰাৰ অন্তৰালৰ কাৰণটো হ’ল– ব্যক্তি জনে হয়তু কৌতুহল বশতঃ মদ্যপানৰ প্ৰতি আকৃষ্ট হৈছে নতুবা বন্ধু-বান্ধৱৰ অনুৰোধত সেই পদক্ষেপ লৈছে ৷ কিছুমানে আকৌ মনৰ দুখ পাতলাবলৈ,টোপনি নাহিলে বা মানসিক চাপ কমাবলৈ সুৰাৰ আশ্ৰয় লয়। কিন্তু তেওঁলোকে এই কথা বুজি নাপায় যে– সুৰা হ’ল এনে এক বন্ধন, য’ত এবাৰ সোমাই গ’লে ওলাই অহা অত্যন্ত কঠিন। চিকিৎসা বিজ্ঞানৰ মতে– মদ হ’ল এনে এবিধ পানীয়, যাৰ সেৱনৰ দ্বাৰা ক্ষন্তেকীয়া আনন্দ লাভৰ অন্তৰালত সোমাই থাকে অসংখ্য শাৰীৰিক, মানসিক আৰু সামাজিক বিপদ ৷ মদে মগজুক সৰ্বাধিক ক্ষতিকৰে। সুৰাত থকা ইথাইল এলক’হল নামৰ ৰাসায়নিক পদাৰ্থ বিধে মানুহৰ কেন্দ্ৰীয় স্নায়ুতন্ত্ৰক পোন পটীয়া ভাৱে আক্ৰমণ কৰে। ই মগজুৰ স্বাভাৱিক কাৰ্যক্ষমতা হ্ৰাস কৰি দিয়ে, যাৰ ফলত মানুহৰ চিন্তা কৰাৰ শক্তি, সিদ্ধান্ত লোৱাৰ ক্ষমতা আৰু শৰীৰৰ ভাৰসাম্য নষ্ট হৈ যায়। দীঘলীয়া সময়লৈ অধিক মাত্ৰাত মদ্যপান কৰিলে স্নায়ুতন্ত্ৰৰ স্থায়ী ক্ষতি হ’ব পাৰে ৷ মদ্যপানে যকৃতৰ ওপৰত বিপুল চাপৰ সৃষ্টি কৰে। প্ৰথমে যকৃতত অস্বাভাৱিক ভাৱে চর্বি জমা হৈ ‘ফেটি লিভাৰ’ হয় ৷ পিছত হেপাটাইটিছ আৰু সবাতোকৈ বিপদজনক ৰোগ–‘লিভাৰ চিৰিঅ’ছিচ’ হ’ব পাৰে। এই ৰোগৰ কোনো সহজ নিৰাময়ৰ চিকিৎসা নাই আৰু ইয়াৰ শেষ পৰিণতি হ’ল অকাল মৃত্যু ৷ অতিৰিক্ত মদ্যপান হৃদ্ৰোগৰ অন্যতম প্রধান কাৰণ। ই উচ্চ ৰক্তচাপ সৃষ্টি কৰে, হৃদ্স্পন্দন অস্থিৰ কৰি তোলে আৰু মাংশপেশীৰ শক্তি কমাই দিয়ে ৷ হার্ট এটেক আৰু ষ্ট্ৰ’কৰ সম্ভাৱনা বৃদ্ধি কৰে। মদে পাকস্থলী আৰু পাচনতন্ত্ৰৰ অভ্যন্তৰীণ স্তৰক ক্ষতিগ্ৰস্ত কৰে। ইয়াৰ ফলত গেছট্ৰাইটিছ, পেট ফুলা, এচিডিটি আৰু বমি-বমি ভাৱৰ দৰে সমস্যা দেখা দিব পাৰে। লগতে অগ্ন্যাশয়ত প্রদাহ (Pancreatitis) হোৱাৰ সম্ভাবনাও থাকে, যি অত্যন্ত বেদনাদায়ক আৰু বিপদজনক অৱস্থা। ইয়াৰ উপৰিও খাদ্যনলী, ডিঙি আৰু মুখৰ কৰ্কট ৰোগ সৃষ্টিত সুৰাৰ ভূমিকাৰ বিষয়ে নতুনকৈ কোৱাৰ প্ৰয়োজন নাই । লগতে মদে ভিটামিন আৰু পুষ্টিৰ শোষণ কমাই দিয়ে, যাৰ ফলত দেহত অপুষ্টিকৰ সমস্যা দেখা যায়। অতিৰিক্ত মদ সেৱনে দীৰ্ঘম্যাদী ভাৱে উদ্বেগ, বিষণ্নতা, হিংস্ৰতা আৰু আচৰণগত সমস্যাৰ জন্ম দিয়ে। আনহাতে মদে লাহে লাহে ব্যক্তিৰ ব্যক্তিত্ব, নিয়ন্ত্ৰণ ক্ষমতা আৰু সামাজিক জীৱনতো নেতিবাচক প্ৰভাৱ পেলায়।
জানি-শুনি এনে এবিধ দ্ৰব্য গ্ৰহণ কৰাটো কেতিয়াও যুক্তিসংগত হ’ব নোৱাৰে। নিজৰ শৰীৰ আৰু মনৰ ওপৰত নিজেই অত্যাচাৰ চলোৱাটো এক অমার্জনীয় অপৰাধ ৷ ইমানবোৰ মাৰাত্মক ৰোগৰ সৃষ্টি হ’ব পাৰে বুলি জানিও যেতিয়া এজন মানুহে প্ৰতিদিনে পুৱা- গধুলি সুৰাৰ বটলটো হাতত তুলি লয়, তেতিয়া তেওঁ প্ৰকৃততে নিজৰ মৃত্যুৰ দলিলত নিজেই চহী কৰাৰ দৰে হয়গৈ ৷ শৰীৰটো ঈশ্বৰৰ দান, তাক সুস্থ ৰখাটো আমাৰ কৰ্তব্য ৷ কিন্তু মদ্যপানেৰে তাক ধ্বংস কৰাটো প্ৰকৃতিৰ নিয়মৰ বিৰুদ্ধে যোৱা এক কাৰ্য। সেয়ে জানি-শুনি এনে এবিধ দ্ৰব্য গ্ৰহণ কৰাটো কেতিয়াও যুক্তিসংগত হ’ব নোৱাৰে। নিজৰ শৰীৰ আৰু মনৰ ওপৰত নিজেই অত্যাচাৰ চলোৱাটো এক অমার্জনীয় অপৰাধ।
সুৰাৰ প্ৰভাৱ কেৱল শৰীৰতে সীমাবদ্ধ নাথাকে, ই মানুহৰ মানসিক জগত খনকো তচনচ কৰি পেলায়। বহুতে যুক্তি দৰ্শায় যে– তেওঁলোকে ভাগৰ পলুৱাবলৈ বা দুশ্চিন্তা পাহৰিবলৈ মদ্যপান কৰে। কিন্তু এয়া এক চৰম মিছা ধাৰণা আৰু আত্ম প্ৰৱঞ্চনা। সুৰাই সাময়িক ভাৱে মগজুক অসাৰ কৰি দিয়ে বাবে মানুহে সমস্যাবোৰ কিছু সময়ৰ বাবে অনুভৱ নকৰে সঁচা ৷ কিন্তু নিচা ভঙাৰ পাছত সেই সমস্যাবোৰে পুনৰ আগুৰি ধৰে । ইয়াৰ ফলত সৃষ্টি হয়- চৰম হতাশা, বিষাদ গ্ৰস্ততা আৰু মানসিক অস্থিৰতা । নিয়মিত মদ্যপায়ী ব্যক্তি সকলৰ মেজাজ খিংখিঙিয়া হৈ পৰে, স্মৃতিশক্তি কমি যায় আৰু ধৈৰ্য শক্তি নোহোৱা হৈ পৰে। আটাইতকৈ ডাঙৰ কথা হ’ল, মদ্যপানে মানুহৰ লজ্জাবোধ আৰু নৈতিকতাৰ ভেটিটো খহাই পেলায়। সুৰাসক্ত অৱস্থাত এজন মানুহে নিজৰ বয়স, স্থান বা সম্পৰ্কৰ মৰ্যাদা পাহৰি যিকোনো অশালীন আচৰণ কৰিবলৈ কুণ্ঠাবোধ নকৰে। যি পানীয়ই মানুহক সমাজৰ চকুত হেয় প্ৰতিপন্ন কৰে আৰু যাৰ ফলত মানুহে নিজৰ ব্যক্তিত্ব হেৰুৱাই পেলায়, তেনে দ্ৰব্য গ্ৰহণ কৰা কেতিয়াও উচিত হ’ব নোৱাৰে।
মদ্যপানৰ ফলত হোৱা পাৰিবাৰিক অশান্তি আৰু দুৰ্দশা আমাৰ সমাজৰ এক কৰুণ ছবি। এখন সুখৰ সংসাৰ ধ্বংস হ’বলৈ এজন মদ্যপায়ী সদস্যই যথেষ্ট। ঘৰৰ মুৰব্বীজনে যেতিয়া সুৰাৰ ৰাগীত মাতাল হৈ ঘৰলৈ আহে, তেতিয়া সেই ঘৰখনত নৰকৰ যন্ত্ৰণা আৰম্ভ হয়। পত্নীৰ ওপৰত নিৰ্যাতন, মাৰধৰ আৰু অকথ্য গালি-গালাজ— এইবোৰ বহুতো পৰিয়ালৰ নিত্য নৈমিত্তিক ঘটনা। এনে পৰিৱেশত পৰি আটাইতকৈ ডাঙৰ বলি হয়– ঘৰৰ কণমানি ল’ৰা-ছোৱালী সকল । মদপী পিতৃৰ বলিয়ালি দেখি সিহঁতৰ কোমল মনত যি ভীতি আৰু মানসিক আঘাতৰ সৃষ্টি হয়, সেয়া গোটেই জীৱন থাকি যায়। যি শিশুৱে ঘৰত দেউতাকক মাতাল অৱস্থাত দেখে, ভৱিষ্যতে সেই শিশুৱেও একে পথ লোৱাৰ বা বিপথে যোৱাৰ সম্ভাৱনা প্ৰৱল হৈ পৰে। ইয়াৰ উপৰিও, সমাজত মদ্যপায়ী ব্যক্তিৰ পৰিয়ালক মানুহে সন্মানৰ চকুৰে নাচায়। ওচৰ-চুবুৰীয়া আৰু সমাজৰ অৱহেলাৰ পাত্ৰ হৈ জীয়াই থকাটো পৰিয়ালৰ আন নিৰপৰাধী সদস্য সকলৰ বাবে অত্যন্ত যন্ত্ৰণাদায়ক। গতিকে কেৱল নিজৰ ক্ষন্তেকীয়া সুখৰ বাবে গোটেই পৰিয়ালটোক অন্ধকাৰলৈ ঠেলি দিয়াটো জানো এজন বিবেকবান মানুহৰ কাম হ’ব পাৰে?
অৰ্থনৈতিক দিশৰ পৰা মদ্যপানৰ কুপ্ৰভাৱ দৰিদ্ৰতাৰ এক প্ৰধান কাৰণ। বিশেষকৈ আমাৰ সমাজৰ নিম্ন আৰু মধ্যবিত্ত শ্ৰেণীৰ লোক সকলৰ বাবে মদ্যপান এক অভিশাপ। এজন শ্ৰমিকে দিনটোত হাড়ভঙা পৰিশ্ৰম কৰি যি টকা উপাৰ্জন কৰে, তাৰ এক বৃহৎ অংশ যদি সন্ধিয়া সুৰাৰ দোকানত খৰচ কৰে, তেন্তে সেই পৰিয়ালটোৰ উন্নতি কেতিয়াও হ’ব নোৱাৰে। ল’ৰা-ছোৱালীৰ শিক্ষা, পুষ্টিকৰ খাদ্য বা পৰিয়ালৰ জৰুৰী প্ৰয়োজন পূৰণ কৰাৰ সলনি সেই ধন যেতিয়া মদৰ বটলত খৰচ হৈ যায় , তেতিয়া দাৰিদ্ৰতাই কেতিয়াও পিছ নেৰা হয় । ইয়াৰ উপৰিও আৰম্ভ হয়– মদ্যপান জনিত ৰোগৰ চিকিৎসাৰ খৰচ। একোটা পৰিয়ালৰ গোটেই জীৱনৰ সঞ্চিত ধন শেষ হৈ যায় কেৱল এই কু-অভ্যাসৰ ফলত হোৱা বেমাৰৰ চিকিৎসা কৰোঁতে। বহু সময়ত দেখা যায় যে– ঘৰৰ একমাত্ৰ উপাৰ্জনক্ষম ব্যক্তিজনৰ অকাল মৃত্যুৰ পাছত গোটেই পৰিয়ালটো বাটৰ ভিখাৰী হ’বলগীয়া হয়। অৰ্থনৈতিক স্বচ্ছলতা অবিহনে কোনো সমাজ বা জাতি আগুৱাব নোৱাৰে আৰু মদ্যপান হ’ল সেই স্বচ্ছলতাৰ প্ৰধান শত্ৰু।
সমাজৰ বিসৃংখলতা আৰু অপৰাধ প্ৰৱণতা বৃদ্ধিৰ মূলতেও আছে এই মদ নামৰ পানীয় বিধ । দৈনিক বাতৰি কাকতৰ পাত লুটিয়ালেই দেখিবলৈ পোৱা যায় যে– মাৰপিট, হত্যা, ধৰ্ষণ আৰু ডকাইতিৰ দৰে বহুতো জঘন্য অপৰাধৰ লগত সুৰাৰ প্ৰত্যক্ষ বা পৰোক্ষ সম্পৰ্ক আছে। সুৰাই মানুহৰ হিতাহিত জ্ঞান শূন্য কৰি দিয়ে, যাৰ ফলত মানুহে আবেগৰ বশৱৰ্তী হৈ এনে কাম কৰে যিবোৰ সুস্থ অৱস্থাত কেতিয়াও নকৰিলে হেঁতেন। ইয়াৰ উপৰিও পথ দুৰ্ঘটনাৰ এক বুজন অংশ কেৱল মদ্যপান কৰি গাড়ী চলোৱাৰ ফলত সংঘটিত হয়। ‘মদ্যপান কৰি গাড়ী চলোৱা আইন মতে দণ্ডনীয় অপৰাধ’ ৷ তথাপিও মানুহে এই নিয়মক অমান্য কৰে। মদ্যপায়ী চালকৰ বাবে কেৱল তেওঁৰ জীৱনেই নহয়, ৰাস্তাৰে গৈ থকা নিৰীহ পথচাৰী বা আন বাহনৰ যাত্ৰীও মৃত্যুৰ মুখত পৰে। আনৰ জীৱনক বিপদাপন্ন কৰাৰ অধিকাৰ কাৰো নাই। সমাজত শান্তি-শৃংখলা বজাই ৰখাৰ স্বাৰ্থত মদ্যপানৰ দৰে সমাজ বিৰোধী কাৰ্যৰ পৰা বিৰত থকাটো প্ৰতিজন নাগৰিকৰ দায়িত্ব।
বৰ্তমান সময়ত আটাইতকৈ চিন্তনীয় বিষয়টো হ’ল– আমাৰ নৱপ্ৰজন্মৰ মাজত ক্ৰমান্বয়ে বৃদ্ধি পোৱা সুৰাৰ জনপ্ৰিয়তা। আজিকালি বিবাহ অনুষ্ঠান, জন্মদিন বা যিকোনো উৎসৱ-পাৰ্বনত সুৰাৰ ব্যৱহাৰ এক ফেশ্বন বা আভিজাত্যৰ প্ৰতীক হৈ পৰিছে। যুৱক-যুৱতী সকলে ভাবিবলৈ লৈছে যে– হাতত সুৰাৰ গিলাচ নাথাকিলে আধুনিক হব নোৱাৰি । এই মানসিকতা সমাজৰ ভৱিষ্যতৰ বাবে অতি মাৰাত্মক। যি সময়ত ছাত্ৰ-ছাত্ৰী বা যুৱক-যুৱতী সকলে দেশ গঠনৰ কামত, নিজৰ কেৰিয়াৰ গঢ়াৰ কামত ব্যস্ত থাকিব লাগিছিল, সেই সময়ত তেওঁলোক সুৰাৰ নিচাত আচ্ছন্ন হৈ থকাটো দেশৰ বাবে দুৰ্ভাগ্যজনক। মদ্যপানে যুৱ প্ৰজন্মৰ সৃষ্টিশীলতা, কৰ্মস্পৃহা আৰু মেধা শক্তি ধ্বংস কৰি পেলায়। এখন দেশৰ মেৰুদণ্ড হ’ল– যুৱশক্তি ৷ কিন্তু সুৰাই সেই মেৰুদণ্ডক ঘুণে ধৰা কাঠৰ দৰে ফোঁপোলা কৰি পেলাইছে। আমাৰ ঐতিহ্য আৰু সংস্কৃতিয়ে কেতিয়াও এনে আচৰণক সমৰ্থন নকৰে। আমাৰ সংস্কৃতিয়ে সংযম আৰু সাত্বিক জীৱন যাপনৰ ওপৰত গুৰুত্ব দিয়ে। পশ্চিমীয়া অপসংস্কৃতিৰ অন্ধ অনুকৰণ কৰি আমি আমাৰ নিজৰ শিপাডাল কাটি পেলাবলৈ আৰম্ভ কৰিছো৷ যিটো কেতিয়াও গ্ৰহণযোগ্য হব নোৱাৰে ।
এই সমস্যাৰ সমাধান কেৱল আইন প্ৰণয়নৰ দ্বাৰা সুৰা নিষিদ্ধ কৰি কৰাটো সম্ভৱ নহয়। ইয়াৰ বাবে প্ৰয়োজন এক সামাজিক জাগৰণ আৰু ব্যক্তিগত সচেতনতাৰ। চৰকাৰে ৰাজহ সংগ্ৰহৰ স্বাৰ্থত সুৰাৰ ব্যৱসায়ক বৈধতা দিছে সঁচা, কিন্তু ইয়াৰ দ্বাৰা হোৱা সামাজিক ক্ষতিৰ পৰিমাণ ৰাজহৰ পৰিমাণতকৈ বহুগুণে বেছি। চৰকাৰৰ লগতে সমাজৰ প্ৰতিটো স্তৰৰ মানুহে ইয়াৰ বিৰুদ্ধে থিয় দিব লাগিব। বিদ্যালয় আৰু মহাবিদ্যালয় সমূহত ছাত্ৰ-ছাত্ৰী সকলক সুৰাৰ কুফল সম্পৰ্কে বিস্তৃত জ্ঞান দিয়াটো অত্যন্ত জৰুৰী। অভিভাৱক সকলেও নিজৰ সন্তানৰ আচৰণ আৰু সংগৰ ওপৰত চকু ৰখা উচিত। মদ্যপানৰ আসক্তিত থকা লোক সকলক ঘৃণা বা অৱহেলা কৰাৰ সলনি তেওঁলোকক এই অন্ধকাৰ জগতৰ পৰা ওলাই অহাত সহায় কৰাটো আমাৰ মানবিক দায়িত্ব। চিকিৎসা আৰু পৰামৰ্শৰ জৰিয়তে বহুতো লোকে এই নিচাৰ পৰা মুক্ত হৈ সুস্থ জীৱনলৈ ঘূৰি আহিছে, যিটো আমাৰ বাবে এক আশাৰ বতৰা।
পৰিশেষত ক’ব পাৰি যে— ‘জানি শুনিও মদ্যপান কৰা’ কাৰ্যটো কোনো ফালৰ পৰাই সমৰ্থনযোগ্য হব নোৱাৰে । ই এক ধীৰ গতিৰ আত্মহত্যা আৰু সামাজিক অপৰাধ। মানৱ জীৱন অত্যন্ত দুৰ্লভ আৰু মূল্যবান। এই জীৱনক ক্ষন্তেকীয়া আনন্দৰ বাবে বিষাক্ত সুৰাৰ বটলত বিসৰ্জন দিয়াটো মূৰ্খামিৰ পৰিচায়ক। আমাৰ বিবেক, আমাৰ জ্ঞান আৰু আমাৰ মানৱতাই আমাক সদায় ধ্বংসৰ পৰা সৃষ্টিৰ পিনে, আন্ধাৰৰ পৰা পোহৰৰ পিনে যাবলৈ নিৰ্দেশ দিয়ে। আনহাতে সুৰাপানে আমাক বিপৰীত দিশলৈ টানি নিয়ে। গতিকে,নিজৰ বাবে, নিজৰ পৰিয়ালৰ বাবে আৰু আমাৰ ভৱিষ্যত প্ৰজন্মৰ সুৰক্ষাৰ বাবে মদ্যপানৰ দৰে ক্ষতিকাৰক অভ্যাসক চিৰদিনৰ বাবে বিদায় দিবলৈ সংকল্প লোৱাটো উচিত। সকলোৱে সচেতন হৈ এই অভ্যাস পৰিহাৰ কৰক। ভাল জীৱনৰ বাবে সুস্থ অভ্যাস গ্ৰহণ কৰক। বৰ্তমান সময়ত আমাৰ সকলোৰে বাবে এইয়াই হব উপযুক্ত সংকল্প ৷
(লেখক অৱসৰপ্ৰাপ্ত শিক্ষক, উত্তৰ জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়) , জ্যেষ্ঠ সাংবাদিক, প্ৰতিষ্ঠাপক সম্পাদক — শোণিতপুৰ জিলা সাংবাদিক সন্থা ৷
