ৰাজীৱ ভৱনত ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ, জ্যেষ্ঠ নেতা ৰিপুন বৰাৰ গুৰুত্বপূৰ্ণ সংবাদমেল
”জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ চাৰ্জশ্বিট দাখিলত ‘সাপো মৰক লাঠিও নাভাঙক’ নীতি লৈছে চৰকাৰে’’
”জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ অভিযুক্ত সাৰি গ’লে ইতিহাসে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ক্ষমা নকৰিব’’
ৰঙিলী বাৰ্ত্তাসেৱা- অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক ন্যায় প্ৰদানৰ দাবীত অটল আছে অসম প্ৰদেশ কংগ্ৰেছ কমিটী। প্ৰাণৰ শিল্পীগৰাকীৰ হত্যাকাণ্ডৰ গোচৰত এছআইটিয়ে যি চাৰ্জশ্বিট দাখিল কৰিছে সেই সন্দৰ্ভত আজি এক সংবাদমেলযোগে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ, কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰিপুন বৰাই। ৰাজীৱ ভৱনত আয়োজিত সংবাদমেলখনত বৰাই কয় যে অসম চৰকাৰে চাৰ্জশ্বিটখন দিব লাগে কাৰণেই দিয়াৰ ব্যৱস্থা কৰিছে৷ যেতিয়ালৈকে চাৰ্জশ্বিটখন হাতত আহি নপৰে তেতিয়ালৈকে সম্পূৰ্ণকৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা উচিত নহয় বুলি মন্তব্য কৰি তাৎক্ষণিক প্ৰতিক্ৰিয়া হিচাপে বৰাই কয় যে এই চাৰ্জশ্বিটৰ পৰা কেৱল দুটা কথা সাব্যস্ত হৈছে। ”সকলো ৰাইজে জুবিন গাৰ্গক ন্যায় দিবলৈ দাবী উত্থাপন কৰি আহিছে৷ সকলো ৰাইজৰ মুখ বন্ধ কৰিবলৈ লোকচক্ষুত যাতে চৰকাৰে জবাবদিহি নহয় প্ৰথমে তাৰ ব্যৱস্থা কৰিছে৷ চৰকাৰে দায় সাৰিবৰ কাৰণে এখন চাৰ্জশ্বিট নিয়মমাফিক দিব লাগে কাৰণে দিছে৷ চাৰ্জশ্বিট দাখিলৰ ক্ষেত্ৰত চৰকাৰ আৰু আৰক্ষী বিভাগৰ এনে এটা স্থিতি দেখা গ’ল যে যাক গাঁৱলীয়া ভাষাত ‘সাপো মৰক লাঠিও নাভাঙক’ বুলি কয়।’’-বৰাই কয়। দ্বিতীয়তে, হিমন্ত বিশ্ব শৰ্মা চৰকাৰ আৰু বিজেপিয়ে চাৰ্জশ্বিটৰ জৰিয়তে বলটো আদালতলৈ ঠেলি দিলে বুলিও কয় কংগ্ৰেছ নেতাগৰাকীয়ে। বৰাই কয়, এতিয়া তেওঁলোকে কথাই প্ৰতি এটাই কথা ক’ব যে এতিয়া ন্যায়ৰ বাবে আমাৰ ওচৰলৈ নাহিবা৷ জুবিন অনুৰাগীসকলক ক’ব যে আন্দোলন নকৰিবা৷ আমি আমাৰ কাম কৰি দিলো৷ এতিয়া ন্যায় আদালতে দিব৷ এইধৰণে যাতে চৰকাৰ আৰু মুখ্যমন্ত্ৰীয়ে ক’ব পাৰে সেই উদ্দেশ্যৰেই কালিৰ চাৰ্জশ্বিটখন দিয়া হৈছে৷ মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে ক’লেই যে আমি আমাৰ কাম কৰিলো৷ এছআইটিয়ে এছআইটিৰ কাম কৰিলে৷ ন্যায় দিয়াৰ কামটো আদালতৰ৷ গাৰ পৰা দোষটো আৰু দায়িত্বটো এৰুৱাবৰ বাবে দিব লাগে কাৰণেই চাৰ্জশ্বিট এখন দি বলটো আদালতলৈ ঠেলিলে৷ বৰাই আৰু কয়, যিবিলাক ধাৰা লগাইছে তাৰ ভিতৰত দুটা ধাৰাহে গুৰুত্বপূৰ্ণ৷ এটা হৈছে ১০৩, যিটো হত্যাৰ ধাৰা৷ আনটো হৈছে ১০৫৷ বাকী যিবোৰ ভাৰতীয় ন্যায় সংহিতাৰ ধাৰা লগাইছে সেইবোৰ হৈছে অপৰাধমূলক ষড়যন্ত্ৰ, ধনৰ লেন-দেন আদিৰ৷ ৰিপুণ বৰাই সংবাদমেলত নিথাৰি হত্যাকাণ্ডৰো উদাহৰণ ডাঙি ধৰে৷ তেওঁ কয় যে দেশ স্বাধীন হোৱাৰে পৰা আজিলৈকে ভাৰতত সসংঘটিত নিথাৰি হত্যাকাণ্ডই সকলোতকৈ ডাঙৰ হত্যাকাণ্ড৷ হত্যাকাৰী দুজন হৈছে চুৰিন্দৰ কোহলী আৰু মণিন্দৰ সিং পান্ধেৰ৷ কিমান সাংঘাতিক৷ কিশোৰক ৰাস্তাৰ পৰা ধৰি আনি হত্যা কৰি মাংস ভক্ষণ কৰিছিল৷ ১৬টা কিশোৰক হত্যা কৰিছিল৷ এইটো হৈছে আটাইতকৈ জঘন্য অপৰাধ৷ ইয়াতকে জঘন্য একো হ’ব নোৱাৰে৷ নিম্ন আদালতে ১৬টা হত্যাকাণ্ডৰ বাবে সুৰিন্দৰ কোহলীক মৃত্যুদণ্ড দিয়ে৷ চুৰিন্দৰ কোহলীক সাতজনৰ হত্যাকাণ্ডৰ বাবে মৃত্যুদণ্ড দিছে৷ কিন্তু এই মৃত্যুদণ্ড এলাহাবাদ উচ্চ ন্যায়ালয়েত খাৰিজ হয়৷ তেওঁলোক দোষমুক্ত হয়৷ চৰকাৰ উচ্চতম ন্যায়ালয়লৈ গ’ল৷ উচ্চতম ন্যায়ালয়তো তেওঁলোকক মুকলি কৰি দিলে৷ ইমান ডাঙৰ হত্যাকাণ্ডৰ পিছতো কোনো একচন নহ’ল৷ এয়া কিয় হ’ব পাৰিলে? এনে হোৱাৰ কাৰণ হৈছে চাৰ্জশ্বিট৷ যিটো তদন্তকাৰী সংস্থাই চাৰ্জশ্বিট দিছিল, সেই চাৰ্জশ্বিট দুৰ্বল আছিল৷ ক্ৰুটিপূৰ্ণ আছিল৷ আদালত আৱেগৰ দ্বাৰা পৰিচালিত নহয়, কাৰো প্ৰতি মৰম-সহানুভূিত নেদেখুৱাই৷ আদালত আইনৰ মতে যায়৷ ইয়াৰ আলমতে আমি ক’ব খুজিছো যে জুবিন গাৰ্গৰ গোচৰত যিবোৰ ধাৰা লগাইছে এনে লাগিছে যেন চৰকাৰে দিব লাগে কাৰণে এখন চাৰ্জশ্বিট দিছে৷ চৰকাৰে পালমৰা, দায়সৰা চাৰ্জশ্বিট দিছে৷ ‘সাপো মৰক লাঠিও নাভাঙক’ ধৰণে চাৰ্জশ্বিট দিছে৷ আৰু চৰকাৰে গৌৰৱ কৰিছে যে এতিয়া আমি আমাৰ কাম কৰিলো৷ এতিয়া আমাৰ দায়িত্ব নাই৷ এতিয়া আদালতৰ ওপৰত কথা৷ ক্ৰিমিনেল গোচৰত এজন মানুহক আদালতে শাস্তি দিবলৈ হ’লে সন্দেহৰ ভিত্তিত হ’লে নহ’ব৷ সন্দেহ কৰি কলেই নহ’ব এয়া হত্যাকাণ্ড৷ যদি আমি চাৰ্জশ্বিটত প্ৰমাণ কৰিব পাৰো যে সন্দেহৰ উৰ্ধত গৈ কথাখিনি হৈছে তেতিয়াহে শাস্তি পাব৷ ধাৰা লগালেই নহ’ব৷ ৩৭০০ পৃষ্ঠা হ’লেই নহ’ব৷ হোটেলৰ বিল, বিমানৰ টিকট আদি দিলেই নহ’ব৷ দেখাত মানুহক দেখুৱাইছে যে আমি ৩৭০০ পৃষ্ঠাৰ চাৰ্জশ্বিট দিছো৷ তাত কি আছে? তাত আছে ছিংগাপুৰৰ হোটলৰ বিল, ৰেলৰ টিকট, তাত যি টেক্সি ব্যৱহাৰ কৰিছিল তাৰ বিল আছে৷ এনেকুৱা ধৰণৰ নথিয়ে আমাক কোনো সহায় নকৰে৷ কেৱল কথাবোৰ চাৰ্জশ্বিটত লিখিলেই নহ’ব৷ লিখা কথাবোৰ হয় বুলি কোৱা মানুহ ওলাব লাগিব৷ হত্যাত ব্যৱহাৰ হোৱা সামগ্ৰী জব্দ কৰিব লাগিব৷ কাৰোবাক গুলী কৰি মাৰিলে খালি কাৰ্টিজ কেইটাকে আৰক্ষীয়ে উদ্ধাৰ কৰে৷ কিন্তু জুবিন গাৰ্গে যিখন য়টত গৈছিল সেইখনকে আজিলৈ জব্দ কৰা হোৱা নাই৷ যদি হত্যাত ব্যৱহৃত বস্তুৱেই জব্দ নকৰে তেন্তে আদালতত কি হ’ব৷ গতিকে এইখন এখন পালমৰা চাৰ্জশ্বিট হৈছে৷ ঘটনাস্থলীলৈ এছআইটি গ’ল নে বুলি প্ৰশ্ন কৰে বৰাই৷ ঘটনাস্থলীয়েই নহয় তাত যি হোটেলত আছিল তাৰ হোটেলৰ কৰ্মচাৰীক জেৰা কৰিব লাগে৷ কোৱা হৈছে যে গোটেই ৰাতি পাৰ্টী চলিছিল৷ হোটেলৰ মেনেজাৰক জেৰা কৰিব লাগিছিল৷ য়টৰ সকলো যাত্ৰীক জেৰা কৰা নহ’ল৷ যদি জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ অভিযুক্ত সাৰি যায় তেন্তে ইতিহাসে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ক্ষমা নকৰে বুলিও কয় ৰিপুন বৰাই।
