খানাপাৰাস্থিত অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত লাইখুঁটা স্থাপন

Pc Ukhrul Times

অসম গ্ৰন্থমেলা, গুৱাহাটীঃখানাপাৰাস্থিত অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত লাইখুঁটা স্থাপন

ৰঙিলী বাৰ্ত্তাসেৱা-গ্ৰন্থপ্ৰেমী ৰাইজৰ বছৰজোৰা প্ৰতীক্ষাৰ অন্ত পেলাই অহা ২৪ ডিচেম্বৰৰ পৰা আৰম্ভ হ’ব অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই ৰাজ্য চৰকাৰে ঘোষণা কৰা “গ্ৰন্থ-বৰ্ষ”ৰে সংগতি ৰাখি যৌথভাৱে আয়োজনৰ প্ৰস্তুতি চলোৱা অসম গ্ৰন্থমেলা, গুৱাহাটী ৷ মহানগৰীৰ খানাপাৰাস্থিত অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত অহা ২৪ ডিচেম্বৰৰ পৰা ইংৰাজী নৱবৰ্ষ ২০২৬ ৰ ৬ জানুৱাৰীলৈ অনুষ্ঠি হ’ব গ্ৰন্থমেলাখন ৷ আজি ( ১৪ ডিচেম্বৰ, ২০২৫) দিনৰ ১১বজাত খানাপাৰাস্থিত অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত গ্ৰন্থমেলাখনৰ লাইখুঁটা স্থাপন কৰা হ’ব ৷ লাইখুঁটা স্থাপন কৰিব গুৱাহাটী মহানগৰ আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্তই ৷ এই অনুষ্ঠানত বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকিব অসম পশু চিকিৎসা বিজ্ঞান বিশ্ববিদ্যালয়ৰ উপাচাৰ্য নিৰঞ্জন কলিতা আৰু অসমপ্ৰকাশনপৰিষদৰ উপাধ্যক্ষ সুমন্ত চলিহা । এই অনুষ্ঠানত গ্ৰন্থমেলাত যোগদানৰ বাবে ইতিমধ্যে আৱেদন কৰা সমূহ প্ৰকাশক তথা গ্ৰন্থ বিক্ৰেতাক উপস্থিত থকাৰ বাবে আমন্ত্ৰণ জনোৱা হৈছে। পৰিষদৰ সচিবে এক বিবৃতিযোগে এই লাইখুটা স্হাপন অনুষ্ঠানৰ কথা সদৰী কৰিছে ৷