কোটিটকীয়া ট্রেডিং কেলেংকাৰি গোচৰত চিবিআই আদালতত পুনৰ হাজিৰ চুমি

কোটিটকীয়া ট্রেডিং কেলেংকাৰি গোচৰত চিবিআই আদালতত পুনৰ হাজিৰ চুমি

ৰঙিলী বাৰ্ত্তাসেৱা-  প্রায় দুহাজাৰ কোটিৰো অধিক টকাৰ ট্রেডিং কেলেংকাৰিৰ লগত জড়িত চুমি বৰা, তেওঁৰ স্বামী তার্কিক বৰা আৰু বিশাল ফুকনক পুনৰ চিবিআই আদালতত হাজিৰ কৰা হয়। ইয়াৰ জৰিয়তে চিবিআই আদালতে বহু কোটিটকীয়া অনলাইন ষ্টক ট্রেডিং কেলেংকাৰিৰ শুনানি আৰম্ভ কৰিছে। আদালতে ট্রেডিং কেলেংকাৰিৰ আন এজন অভিযুক্ত অভিজিৎ চান্দকো হাজিৰ হ’বলৈ নিৰ্দেশ দিছিল যদিও তেওঁ আদালতত উপস্থিত হ’ব নোৱাৰিলে। আদালতে গোচৰটোৰ শুনানি আৰম্ভ কৰি অভিযুক্ত আটাইকেইজনকে অহা ৭ জানুৱাৰীত পুনৰ হাজিৰ হোৱাৰ নিৰ্দেশ প্রদান কৰিছে।