দেশৰ কেইবাখনো ৰাজ্যত অভাৱনীয়ভাৱে হ্রাস পাইছে পাৰাস্তম্ভ
ৰঙিলী বাৰ্ত্তাসেৱা- ধৰালৈ নামি আহিছে শীত। দেশৰ কেইবাখনো ৰাজ্যত অভাৱনীয়ভাৱে হ্রাস পাইছে পাৰাস্তম্ভ। যাৰ প্ৰতি লক্ষ্য ৰাখি বতৰ বিজ্ঞান কেন্দ্রই আগতীয়াকৈ সতর্কতা জাৰি কৰিছে। খবৰ অনুসৰি উত্তৰ-পশ্চিম আৰু মধ্য ভাৰতৰ ৰাজ্যসমূহত হাড় কঁপোৱা জাৰ অনুভূত হৈছে। ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰই মধ্যপ্রদেশ, মহাৰাষ্ট্ৰ, কৰ্ণাটক, তেলেংগানা, ছত্তিশগড় আৰু ওড়িশাত শীতপ্রৱাহৰ আগজাননী দিছে। সেইদৰে অসমকে ধৰি ১২খন ৰাজ্যক এই সময়ছোৱাত কুঁৱলীৰ ঘন আচ্ছাদনে ঢাকি ৰাখিব বুলি বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা কোৱা হৈছে । ৰাজ্যকেইখন হ’ল- হিমাচল প্রদেশ, পঞ্জাব, হাৰিয়ানা, চণ্ডীগড়, দিল্লী, উত্তৰ প্রদেশ, মেঘালয়, ত্ৰিপুৰা, মিজোৰাম, মণিপুৰ আৰু নাগালেণ্ড। এই সতর্কতাৰ প্ৰতি লক্ষ্য ৰাখি ১২ ৰাজ্যৰ বাসিন্দাসকলে যাত্রাকালত স্বাভাৱিকতে সতর্ক হ’ব লাগিব। লক্ষণীয়ভাবে ডিচেম্বৰৰ আৰম্ভণিতে মধ্যপ্ৰদেশৰ বেছিভাগ ঠাইতে তাপমাত্রা ১০ ডিগ্রী চেলছিয়াছৰ তললৈ হ্রাস পাইছে। ইয়াৰ মাজতে বর্তমান পর্যন্ত মধ্যপ্রদেশত শীতৰ সমস্ত ৰেকৰ্ড ভংগ কৰিছে ইন্দোৰে। তথ্য অনুসৰি বৃহস্পতিবাৰে নিশা চহৰখনৰ তাপমাত্রা আছিল ৪.৫ ডিগ্রী চেলছিয়াছ। যিয়ে বিগত ১০ বছৰৰ অভিলেখ ভংগ কৰিছে। বতৰ বিজ্ঞান কেন্দ্রই জানিবলৈ দিয়া মতে, ভূপাল, ইন্দোৰ, সীহোৰ, শাজাপুৰ, ৰাজগড়সহ কেইবাখনো জিলাত শুকুৰবাৰে শীতপ্ৰৱাহসদৃশ পৰিস্থিতিৰ উদ্ভৱ ঘটে। সেইদৰে উত্তৰাখণ্ডৰ বিভিন্ন অঞ্চলত বিগত কেইদিনমান ধৰি তুষাৰপাত অব্যাহত আছে। বতৰ বিজ্ঞান কেন্দ্রই জানিবলৈ দিয়া অনুসৰি ৰাজ্যখনত অনাগত কেইদিনমান ধৰি এই পৰিস্থিতি অব্যাহত থাকিব।
