ৰাষ্ট্ৰদ্ৰোহৰ অপৰাধত গ্ৰেপ্তাৰ ভাৰতীয় বায়ুসেনাৰ প্রাক্তন বিষয়া
ৰঙিলী বাৰ্ত্তাসেৱা- পাকিস্তানৰ সৈতে জড়িত থকাৰ অভিযোগত তেজপুৰত গ্ৰেপ্তাৰ প্ৰাক্তন ভাৰতীয় বায়ুসেনা বাহিনীৰ অৱসৰপ্ৰাপ্ত বিষয়া । দেশৰ সার্বভৌমত্ব-নিৰাপত্তাৰ সৈতে আপোচ কৰি চিৰবৈৰী ৰাষ্ট্ৰখনৰ চোৰাংচোৱা সংস্থা আইএছআইক তথ্য যোগান ধৰাৰ গোচৰত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে তেজপুৰৰ ভাৰতীয় বায়ুসেনা বাহিনীৰ অৱসৰপ্ৰাপ্ত বিষয়া কুলেন্দ্ৰ শৰ্মা। তেজপুৰৰ পটিয়া চুবুৰিৰ বাসিন্দা কুলেন্দ্ৰ শৰ্মাই দীর্ঘদিন ধৰি দেশৰ নিৰাপত্তা সম্পৰ্কীয় তথ্য পাকিস্তানৰ চোৰাংচোৱা সংস্থাক সৰবৰাহ কৰাৰ অভিযোগ আছে। অতি স্পৰ্শকাতৰ বিষয়টোৰ ওপৰত প্ৰাথমিক তদন্তৰ পাছতে আৰক্ষীয়ে কুলেন্দ্ৰ শৰ্মাক গ্ৰেপ্তাৰ কৰে। এই সন্দৰ্ভত শোণিতপুৰ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থই প্ৰকাশ কৰা অনুসৰি কুলেন্দ্ৰ শৰ্মাৰ বিৰুদ্ধে আইএছআইক তথ্য যোগান ধৰাৰ অপৰাধত ৭৮৫/২০২৫ নম্বৰৰ এটা গোচৰ ৰুজু কৰা হৈছে। বিয়লি ধৃত কুলেন্দ্র শর্মাক স্থানীয় আদালতত হাজিৰ কৰোৱা হয়। আদালতে ৫ দিনৰ বাবে কুলেন্দ্ৰ শৰ্মাক আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে। উল্লেখ্য যে তেজপুৰ বায়ুসেনা ঘাটিত জুনিয়ৰ ৱাৰেণ্ট অফিচাৰ পদৰ পৰা ২০০২ চনত কুলেন্দ্ৰ শৰ্মাই অৱসৰ গ্ৰহণ কৰিছিল। পৰৱৰ্তী সময়ত তেওঁ তেজপুৰ বিশ্ববিদ্যালয়ৰ ইলেক্ট্রনিক ছায়েঞ্চ বিভাগতো কাৰ্যনিৰ্বাহ কৰে। নলবাৰীৰ পৰা আহি কৰ্মসূত্রে তেজপুৰৰ গৰৈমাৰীত থাকিবলৈ লোৱা কুলেন্দ্ৰ শৰ্মাই পৰৱৰ্তী সময়ত পটিয়া চুবুৰিৰ স্থায়ী বাসিন্দা হয়। চিৰবৈৰী ৰাষ্ট্ৰ পাকিস্তানৰ সৈতে যোগাযোগ ৰখা তথা দেশৰ স্পৰ্শকাতৰ তথ্য যোগান ধৰা কুলেন্দ্ৰ শৰ্মাৰ লেপটপ আৰু ম’বাইল ফোন ইতিমধ্যে আৰক্ষীয়ে জব্দ কৰিছে। সমগ্ৰ বিষয়টো সন্দৰ্ভত জ্যেষ্ঠ আৰক্ষী অধীক্ষক পুৰকায়স্থই কয় যে প্রথম অৱস্থাত দুগৰাকী পাকিস্তানী যুৱতীৰ সৈতে ফেচবুকৰ জৰিয়তে চিনাকি হৈছিল কুলেন্দ্ৰ শৰ্মাই। পৰৱৰ্তী সময়ত তেওঁ এই যুৱতী দুগৰাকীৰ সৈতে সঘনাই বাৰ্তালাপ কৰিবলৈ ধৰে। পাকিস্তানৰ এই যুৱতী দুগৰাকীৰ পৰিচয়ৰ সত্যতাৰ ওপৰতো সন্দেহ ব্যক্ত কৰে জ্যেষ্ঠ আৰক্ষী অধীক্ষক পুৰকায়স্থই। তেওঁ কয় যে ধৃত কুলেন্দ্র শর্মাই যোগান ধৰা বহু তথ্য ইতিমধ্যে নিজৰ ম’বাইল ফোনৰ পৰা ডিলিট কৰিছে। অৱশ্যে সেয়া পুনৰ উদ্ধাৰৰ বাবে চেষ্টা চলাই থকা হৈছে। লক্ষণীয়ভাৱে ধৃত কুলেন্দ্ৰ শৰ্মাই ইতিমধ্যে পাক চোৰাংচোৱা সংস্থা আইএছআইৰ সৈতে সম্পৰ্ক ৰক্ষা কৰাৰ কথা স্বীকাৰ কৰা বুলি জানিবলৈ দিয়ে এক সূত্রই। জানিবলৈ দিয়া মতে, পাকিস্তানৰ সন্দেহজনক যুৱতী দুগৰাকীৰ সৈতে কুলেন্দ্ৰ শৰ্মাই কিমান দিনৰ পৰা সম্পৰ্ক ৰক্ষা তথা ভাৰতৰ সাৰ্বভৌমত্ব-অখণ্ডতা সম্পর্কীয় তথ্য যোগান ধৰি আহিছিল, সেই বিষয়ে সবিশেষ বর্তমানপর্যন্ত জানিব পৰা হোৱা নাই। অৱশ্যে অতিশয় স্পৰ্শকাতৰ বিষয়টোৰ আঁৰৰ সকলো ৰহস্য শীঘ্ৰে উদ্ঘাটন হ’ব। লক্ষণীয়ভাবে এগৰাকী কন্যাক ইতিমধ্যে বিয়া দিয়া কুলেন্দ্ৰ শৰ্মাৰ একমাত্র পুত্র সম্প্রতি ভাৰতীয় বায়ুসেনা বাহিনীত কৰ্মৰত। প্ৰসংগক্রমে উল্লেখ কৰিব পাৰি যে যোৱা ৫ ডিচেম্বৰত ধনৰ লেনদেনৰ এক গোচৰত গ্ৰেপ্তাৰ হোৱা তেজপুৰৰ জ্যোতিকা কলিতা নামৰ এগৰাকী মহিলাৰো পাকিস্তান সংযোগ পোহৰলৈ আহিছিল। পাক নাগৰিকৰে বিবাহপাশত আবদ্ধ হোৱা তেজপুৰৰ বৰঝাৰ গাঁৱৰ এই মহিলাগৰাকীৰ লগতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল জিতু কলিতা, চিমু দাস আৰু অভিজিৎ দাসক। প্রধানতঃ গাঁওখনৰ এটা পৰিয়ালৰ বেংক একাউণ্টত বিদেশৰ পৰা লাখে লাখে বৃহৎ পৰিমাণৰ ধন সোমোৱাৰ তথ্যৰ ভিত্তিতে এই বিষয়ত তৎপৰ হৈ পৰে আৰক্ষী। চলিত বৰ্ষৰ ২৫ ফেব্ৰুৱাৰীত বিবাহপাশত আবদ্ধ হোৱা জ্যোতিকাই ডুবাই, আৰব আমিৰশ্বাহীকে ধৰি কেইবাখনো বিদেশী ৰাষ্ট্ৰ ভ্ৰমণ কৰাৰ তথ্য আৰক্ষীয়ে লাভ কৰাৰ লগতে ধৃতসকলৰ পৰা ৪৪খন এটিএম কার্ড, ১৭খন বেংক পাছবুক, চেকবুক আদি জব্দ কৰিছে।
