গুৱাহাটী প্ৰেছ ক্লাবত বিনামূলীয়া সাংবাদিক স্বাস্থ্য শিবিৰ সম্পন্ন

গুৱাহাটী প্ৰেছ ক্লাবত বিনামূলীয়া সাংবাদিক স্বাস্থ্য শিবিৰ সম্পন্ন

ৰঙিলী বাৰ্ত্তাসেৱা-  গুৱাহাটী প্ৰেছ ক্লাবৰ উদ্যোগত শনিবাৰে অনুষ্ঠিত হয় এক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ মহিলা চিকিৎসকৰ সংগঠন সঞ্জীৱনীৰ সহযোগত অনুষ্ঠিত স্বাস্থ্য  পৰীক্ষা শিবিৰত ১৯গৰাকী অভিজ্ঞ চিকিৎসকে সেৱা আগবঢ়ায়। শিবিৰটোত সংবাদ প্রতিষ্ঠানসমূহৰ শতাধিক সাংবাদিকসহ তেওঁলোকৰ পৰিয়ালবৰ্গই স্বাস্থ্যৰ বিভিন্ন সমস্যাৰ পৰামৰ্শ বিশেষজ্ঞ চিকিৎসকসকলৰ পৰা লাভ কৰে। স্বাস্থ্য শিবিৰটোত সঞ্জীৱনীৰ তৰফৰ পৰা ৰোগীসকলক প্রয়োজনীয় ঔষধ বিনামূলীয়াকৈ বিতৰণ কৰা হয়। স্বাস্থ্য শিবিৰ সন্দৰ্ভত মন্তব্য কৰি সঞ্জীৱনীৰ সভাপতি ডাঃ মল্লিকা ভট্টাচার্যই কয়- ‘আমি গুৱাহাটীৰ বিভিন্ন স্থানত নিয়মিতভাৱে স্বাস্থ্য শিবিৰ আয়োজন কৰি আহিছোঁ। কিন্তু গুৱাহাটী প্ৰেছ ক্লাবৰ দৰে এটা প্রখ্যাত প্ৰতিষ্ঠানৰ সৈতে মিলি সাংবাদিক আৰু তেওঁলোকৰ পৰিয়ালবৰ্গৰ বাবে স্বাস্থ্য শিবিৰ আয়োজন কৰাটো আমাৰ বাবে প্ৰথম অভিজ্ঞতা। এই সুযোগ লাভ কৰি আমি অত্যন্ত আনন্দিত আৰু ভৱিষ্যতেও এনে সহযোগিতা অব্যাহত থাকিব বুলি আশা কৰোঁ।’ চিকিৎসকসকলৰ সেৱাক প্ৰশংসা কৰি গুৱাহাটী প্ৰেছ ক্লাবৰ সভাপতি খগেন কলিতাই কয়- ‘আমাৰ সাংবাদিক সহকর্মী আৰু তেওঁলোকৰ পৰিয়ালবৰ্গৰ বাবে স্বাস্থ্য শিবিৰ আয়োজন কৰিব পাৰি আমি অত্যন্ত সুখী। ব্যস্ত কৰ্মজীৱনৰ বাবে বহু সময়ত বহু বিশেষজ্ঞ চিকিৎসকৰ ওচৰত স্বাস্থ্য পৰীক্ষা কৰাবলৈ সময় নোপোৱা আমাৰ বহু সহকর্মীয়ে আজি সুযোগ লাভ কৰিলে। বহু খ্যাতনামা চিকিৎসকে আগবঢ়োৱা এই মহান সেৱা সঁচাকৈ প্রশংসনীয়। আগন্তুক দিনতো সঞ্জীৱনীৰ সৈতে এনে সহযোগিতা অব্যাহত থাকিব বুলি আমি আশাবাদী।’