৭৫মিনিট ধৰি সমুদ্র তীৰত চিকিৎসাৰ অবিহনে পৰি আছিল জুবিন গাৰ্গ
ৰঙিলী বাৰ্ত্তাসেৱা- সকলো জল্পনা-কল্পনাৰ অন্ত পেলায় শুকুৰবাৰে এছআইটিয়ে দাখিল কৰে বহু প্রতীক্ষিত অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যৰ তদন্তৰ চাৰ্জশ্বীট। এছআইটিয়ে দাখিল কৰা এই অভিযোগনামাত পোহৰলৈ আহিছে বহু বিস্ফোৰক তথ্য। বহুপ্রতীক্ষিত এই অভিযোগনামাত জুবিন হত্যাকাণ্ডৰ মূল অভিযুক্ত সিদ্ধার্থ শর্মা, শ্যামকানু মহন্ত, শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্তৰ বিৰুদ্ধে আৰোপ কৰা হৈছে বিএনএছৰ ১০৩ ধাৰা। জুবিন গাৰ্গক হত্যাৰ অভিযোগ আৰোপ কৰা হৈছে এই চাৰিজনৰ ওপৰতে। কামৰূপ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত এছআইটিয়ে দাখিল কৰা অভিযোগনামাত সিদ্ধার্থ শর্মা, শ্যামকানু মহন্ত, শেখৰজ্যোতি গোস্বামীৰ বিৰুদ্ধে সন্নিবিষ্ট কৰিছে একাধিক বিস্ফোৰক তথ্য। অভিযোগনামাত উল্লেখ কৰা অনুসৰি দীর্ঘদিনৰ পৰাই জুবিন গাৰ্গৰ হত্যাৰ ব্লু-প্রিন্ট ৰচনা কৰিছিল এই তিনিজনলোকে। জুবিন গাৰ্গৰ সৈতে হোৱা আর্থিক লেনদেন আৰু পৰৱৰ্তী সময়ত জুবিন গাৰ্গক ধন আদায় দিবলৈ বাকী থকাৰ কথা উল্লেখ কৰিছে অভিযোগনামাত। জুবিন গার্গে সংগীতানুষ্ঠান কৰি লাভ কৰা ধনৰ আত্মসাৎ কৰিছিল সিদ্ধার্থ শৰ্মাই। পিছত জুবিন গার্গে সিদ্ধার্থ শৰ্মাৰ পৰা এই ধনৰ হিচাপ খোজাত মনোমালিন্য হৈছিল দুয়োৰে মাজত। ইয়াৰ পিছৰ পৰাই জুবিন গাৰ্গৰ বিৰুদ্ধে আৰম্ভ হৈছিল ষড়যন্ত্র। একেদৰে শ্যামকানু মহন্তৰ সৈতে প্রত্যক্ষ সংঘাত হোৱা নাছিল যদিও জুবিন গার্গে বহু সময়ত শ্যামকানু মহন্তক ধেমালিৰ ছলেৰে অপমান কৰাক লৈ অসন্তুষ্ট হৈ আছিল শ্যামকানু মহন্ত। এছআইটিৰ মুৰব্বী মুন্নাপ্রসাদ গুপ্তাৰ নেতৃত্বত যোৱা দুজনীয়া দলে ছিংগাপুৰ আৰক্ষীৰ সৈতে যোগাযোগ কৰি ঘটনাস্থলীৰ নক্সা তথা বিভিন্ন ব্যক্তিৰ জবানবন্দী সংগ্ৰহ কৰিছিল। এই বিষয়বোৰ অভিযোগনামাত উল্লেখ কৰাৰ লগতে ছিংগাপুৰত সংঘটিত ঘটনাৰ এক ডিজিটেল নক্সা গাঁঠি দিছে অভিযোগনামাত। অভিযোগনামাত জুবিনক হত্যা কৰিবলৈ দীঘলীয়া পৰিকল্পনা সিদ্ধার্থ আৰু শ্যামকানুহঁতে ৰচনা কৰাৰ কথাও স্পষ্টকৈ উল্লেখ কৰিছে। সুৰামত্ত অৱস্থাত জুবিনক জাহাজলৈ লৈ যোৱা হৈছিল। য়াটৰ কেপ্টেইনৰ বাধা সত্ত্বেও জুবিনক লাইফ জেকেট খুলি সাগৰত সাঁতুৰিবলৈ যাওঁতে বাধা দিয়া নাছিল সিদ্ধার্থ, শেখৰ অথবা সন্দীপনে। এই ঘটনাৰ ছবি ইতিমধ্যে ভাইৰেল হোৱা ভিডিঅ’ত স্পষ্ট হৈছিল। জুবিনে সাঁতুৰি ভাগৰি যোৱাৰ সময়ত য়াটত থকা এজন প্রবাসী অসমীয়াই জুবিন গার্গে পানীত সাঁতুৰি আগুৱাই যোৱা দেখি চিঞৰি উঠিছিল আৰু জুবিনৰ ওচৰলৈ কোনোবা যাব লাগে বুলি পানীত থকা কেইবাজনকো আহ্বান জনাইছিল। কিন্তু সেই মুহূর্তত সিদ্ধার্থই নাৱৰ পৰা হাত জোকাৰি জুবিনৰ ওচৰলৈ কোনো যোৱাৰ প্ৰয়োজন নাই বুলি বাধা দিছিল পানীত থকা আন লোকসকলক। সুৰামত্ত অৱস্থাত থকা জুবিন তেনেদৰে ভাগৰি পৰি থমকি ৰৈছিল আৰু শ্বাস-প্রশ্বাস লোৱাত কষ্ট পাই মৃত্যু ঘটিছিল। অভিযোগনামাত উল্লেখ কৰা অনুসৰি ছিংগাপুৰত সংঘটিত ঘটনাৰ সময়ত য়াটখনত প্রায় ১১জন ছিংগাপুৰৰ প্ৰবাসী অসমীয়া আছিল। এছআইটিয়ে তেওঁলোকৰ জবানবন্দী গ্ৰহণ কৰাৰ পিছত স্পষ্ট হৈছিল যে সেই প্রবাসী লোককেইজনৰ জুবিনক হত্যা কৰাৰ কোনো অভিপ্রায় নাছিল। জুবিনৰ লগত নাছিল তেওঁলোকৰ কোনো শত্রুতা। আনকি জুবিনৰ মৃত্যুত হৈছিল যে জুবিনৰ ব্যৱহাৰত অসন্তুষ্ট হৈছিল শ্যামকানু। সেয়ে সিদ্ধাৰ্থৰ লগ লাগি জুবিনক হত্যা কৰাৰ পৰিকল্পনা কৰিছিল শ্যামকানুবে। ইয়াৰ বাবে ব্যৱহাৰ কৰা হৈছিল শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্রভা মহন্তক। ছিংগাপুৰত জুবিনক হোটেলত আছুতীয়া কোঠা দিয়া হোৱা নাছিল। জুবিনৰ সৈতে একেটা কোঠাতে থাকিবলৈ দিয়া হৈছিল অমৃতপ্রভাক আৰু শ্যামকানু-সিদ্ধার্থৰ নিৰ্দেশতে অমৃতপ্রভাই সেই নিশা জুবিনক যোগান ধৰিছিল সুৰা। আনকি শ্যামকানুৱে নিশা জুবিনৰ কোঠালৈ লৈ গৈছিল এটা বিশেষ সুৰাৰ বটল। যি সুৰা ছিংগাপুৰত পোৱা নাযায়। অমৃত প্রভাক নির্দেশ দিয়া হৈছিল যাতে জুবিনক অত্যাধিক সুৰাপান কৰোৱা হয়। যাৰ বাবে মৃত্যুৰ পিছত জুবিনৰ শৰীৰত সুৰাৰ পৰিমাণ অত্যধিক পোৱা গৈছিল। প’ষ্টমর্টেম ৰিপ’ৰ্টত মৃত্যুৰ পিছত জুবিনৰ শৰীৰত এলক’হলৰ পৰিমাণ ৩৬০তকৈ অধিক পোৱা গৈছিল। চার্জশ্বীটত উল্লেখ কৰা অনুসৰি হোটেল হেৰিটেজ, মহাবীৰ একুৱাতো সিদ্ধার্থ শৰ্মাই জুবিনৰ ধন বিনিয়োগ কৰিছিল। চার্জশ্বীটত স্পষ্ট কৰা হৈছে যে জুবিন গাৰ্গৰ মৃত্যু সাধাৰণ মৃত্যু নহয়।চার্জশ্বীটৰ তথ্য অনুসৰি, সিদিনা ৭৫ মিনিট ধৰি সমুদ্ৰ তীৰত চিকিৎসাৰ অবিহনে পৰি আছিল জুবিন গাৰ্গ। ডেৰঘণ্টা পিছতহে জুবিন গাৰ্গৰ বাবে এম্বুলেঞ্চৰ ব্যৱস্থা কৰা হৈছিল। সাগৰত ডুব যোৱাৰ খবৰ লাভ কৰাৰ পিছতো চিকিৎসাৰ ব্যৱস্থা কৰা নাছিল শ্যামকানুসহ সাগৰলৈ নিয়া লোকসকলে। আনকি ফিটনেছ প্রমাণ পত্র নোহোৱাকৈয়ে ছিংগাপুৰলৈ নিয়া হৈছিল জুবিন গাৰ্গক। উল্লেখ্য যে ১২ হাজাৰ পৃষ্ঠাতকৈ অধিক এই অভিযোগনামাখনৰ বহু তথ্য এতিয়াও পোহৰলৈ অহা নাই। পাতে পাতে থকা বিস্ফোৰক তথ্যসমূহ অভিযোগনামাখন বিস্তৃতভাৱে বিশ্লেষণৰ পাছতহে পোহৰলৈ আহিব। মুখ্য ন্যায়িক দণ্ডাধীশ আদালতৰ লোক-অধিবক্তা প্রদীপ কোঁৱৰে সংবাদ মাধ্যমত প্ৰকাশ কৰা অনুসৰি শুকুৰবাৰে দাখিল কৰা অভিযোগনামাখন তেওঁ ওপৰে ওপৰে পৰ্যবেক্ষণ কৰিছিল। তাৰ পৰাই স্পষ্ট হৈছিল যে অনুষ্ঠানৰ ধন বিচৰাৰ বাবেই জুবিন গাৰ্গৰ সৈতে মনোমালিন্য হৈছিল সিদ্ধার্থ শৰ্মাৰ। তাৰ পিছৰে পৰা সংঘাত আৰম্ভ হৈছিল। দৰাচলতে জুবিন গাৰ্গক হত্যা কৰাৰ দীৰ্ঘসময়ৰ পৰাই ব্লু-প্রিন্ট ৰচনা কৰা হৈছিল। এক বৃহৎ ষড়যন্ত্র যে ৰচনা হৈছিল সেয়া অভিযোগনামাত স্পষ্ট হৈছে। এছআইটিয়ে দাখিল কৰা অভিযোগনামা নিখুঁত বুলি উল্লেখ কৰি লোক-অধিবক্তাজনে কয়- ৯০ দিনৰ পূৰ্বে এছআইটিয়ে এনেদৰে নিখুঁত অভিযোগনামা দাখিল কৰাটো যথেষ্ট গুৰুত্বপূৰ্ণ বিষয়। যথেষ্ট পৰিশ্ৰমৰ পাছত দাখিল কৰা এই অভিযোগনামাত সন্নিৱিষ্ট কৰা হৈছে একাধিক তথ্য। অভিযুক্তক দোষী সাব্যস্ত কৰাৰ বাবে এই তথ্য যথেষ্ট।
