মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাক শ্রী চন্দ্ৰশেখৰেন্দ্ৰ ৰাষ্ট্ৰীয় বিশিষ্টতা বঁটা প্ৰদান

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাক শ্রী চন্দ্ৰশেখৰেন্দ্ৰ ৰাষ্ট্ৰীয় বিশিষ্টতা বঁটা প্ৰদান

ৰঙিলী বাৰ্ত্তাসেৱা-  শ্ৰীকাঞ্চী কামাকোটি পীঠমৰ ৬৮ সংখ্যক শংকৰাচাৰ্য পূজ্য চন্দ্রশেখৰেন্দ্ৰ সৰস্বতী মহাস্বামীগালৰ পৱিত্ৰ স্মৃতিত মুম্বাইত প্রতিষ্ঠা কৰা অতি সন্মানীয় চন্দ্রশেখৰেন্দ্ৰ সৰস্বতী ৰাষ্ট্ৰীয় বিশিষ্টতা বঁটা-২০২৫ অসমৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাক প্ৰদান কৰা হয়। মুখ্যমন্ত্রী ড° শৰ্মাই এই বঁটা গ্ৰহণ কৰি গভীৰভাৱে সন্মানিত হোৱা বুলি মন্তব্য কৰে আৰু এই স্বীকৃতি অসমৰ জনসাধাৰণ, তেওঁৰ পিতৃ-মাতৃ আৰু তেওঁক পথ প্ৰদৰ্শন কৰা সনাতন ধৰ্মৰ আদৰ্শৰ প্ৰতি উৎসর্গা কৰে। এই সন্মান প্রদান কৰাৰ বাবে মুখ্যমন্ত্ৰী ড° শৰ্মাই শ্রীকাঞ্চী কামাকোটি পীঠমৰ জগতগুৰু শংকৰাচাৰ্য পূজ্যশ্ৰী শংকৰ বিজয়েন্দ্ৰ সৰস্বতী স্বামীগাল আৰু দক্ষিণ ভাৰতীয় শিক্ষা সমাজক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে।  বঁটা গ্ৰহণ কৰি প্ৰদান কৰা ভাষণত মুখ্যমন্ত্রী ড° শৰ্মাই অসম আৰু ভাৰতবৰ্ষৰ সভ্যতাৰ মাজত থকা গভীৰ আধ্যাত্মিক সংযোগৰ ওপৰত বিশেষভাৱে আলোকপাত কৰে। তেওঁ কয় যে আদি- আদি শংকৰাচাৰ্যই স্বয়ং প্রাচীন কামৰূপলৈ যাত্ৰা কৰি নৱগুপ্তৰ দৰে মহান পণ্ডিতৰ সৈতে বিতৰ্ক কৰি উত্তৰ-পূৰ্বাঞ্চলত অদ্বৈত পৰম্পৰা স্থাপন কৰিছিল, যাৰ সাক্ষ্যস্বৰূপে কামাখ্যা মন্দিৰত এটা মণ্ডপম আজিও আছে। মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনত শ্রীশংকৰদেৱ নেত্ৰালয় আৰু পূৰ্ব তিৰুপতি মন্দিৰ প্ৰতিষ্ঠা কৰি এই সংযোগ গভীৰ কৰাৰ ক্ষেত্ৰত পূজ্য জয়েন্দ্ৰ সৰস্বতী স্বামীগালৰ কামৰ বিষয়েও কয়। তেওঁ শ্ৰীমন্ত শংকৰদেৱৰ নাম বহন কৰা শ্ৰীশংকৰদেৱ নেত্ৰালয়ক শংকৰাচাৰ্য আৰু শংকৰদেৱৰ অদ্বৈত আৰু ভক্তিৰ, কাঞ্চী আৰু অসমৰ এব সুন্দৰ সংগম বুলি বৰ্ণনা কৰে। মুখ্যমন্ত্ৰী ড° শৰ্মাই তেওঁৰ ভাষণত সনাতন ধৰ্মৰ চিৰন্তন আত্মাৰ বিষয়ে উল্লেখ কৰি ইয়াক কেৱল এক ধর্ম নহয়, বৰঞ্চ এক জীৱনশৈলী, এক নৈতিক দিক-নির্ণায়ক আৰু সত্যৰ এক চিৰম্ভসন্ধান বুলি বর্ণনা কৰে। তেওঁ গুৰুত্ব আৰোপ কৰে যে একক ভৱিষ্যদ্বাণীমূলক উদ্‌ঘাটনৰ ওপৰত আধাৰি বিশ্বাসৰ বিপৰীতে, সনাতন ধৰ্ম এই দৃঢ়তাৰ ওপৰত নিৰ্ভৰ কৰে যে সত্য আৱিষ্কাৰ কৰিব লাগিব, যি প্ৰতিজন ব্যক্তিৰ বাবে অনন্য আৰু পৱিত্ৰ পথক উৎসাহিত কৰে। কোনো বিবাদ নোহোৱাকৈ বহুত্বক ৰখাৰ বাবে সনাতন ধৰ্মৰ ক্ষমতাৰ কথা বৰ্ণনা কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই উদ্ধৃত কৰে, ‘সত্য এক, কিন্তু জ্ঞানীসকলে ইয়াক বহু ধৰণে বৰ্ণনা কৰে’। সনাতনী পৰম্পৰাৰ ভিতৰত থকা বৈচিত্র্যক সম্বোধন কৰি মুখ্যমন্ত্ৰীয়ে অসম আৰু উত্তৰ-পূৰ্বাঞ্চলক এই বৈচিত্র্যৰ আটাইতকৈ স্পন্দনশীল প্ৰকাশসমূহৰ ভিতৰত অন্যতম হিচাপে উল্লেখ কৰে। তেওঁ কয় যে হিন্দু ধৰ্ম উত্তৰ-পূৰ্বাঞ্চললৈ এক সাংস্কৃতিক সংগী হিচাপে আহিছিল, যিয়ে এই ভূমিত নিজকে খাপ খুৱাইছিল, স্থানীয় পৰম্পৰাসমূহক গ্ৰহণ কৰিছিল আৰু প্ৰকৃতি আৰু পূৰ্বপুৰুষৰ সৈতে জড়িত প্রাচীন আধ্যাত্মিক প্ৰেৰণাসমূহক সংৰক্ষণ কৰিছিল।

মুখ্যমন্ত্ৰী ড° শৰ্মাই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নেতৃত্বত হোৱা অসমীয়া নৱজাগৰণৰ বিষয়ে উল্লেখ কৰি কয় যে শ্রীমন্ত শংকৰদেৱৰ একশৰণ নাম ধৰ্ম এক গণতান্ত্রিক আধ্যাত্মিক আন্দোলন আছিল, যিয়ে সেই যুগত ভাৰতৰ ৰাজনৈতিক সীমাৰ ভিতৰত নাথাকিলেও অসমক ভাৰতৰ বৃহত্তৰ সভ্যতাগত আৰু সাংস্কৃতিক ঐক্যৰ সৈতে দৃঢ়ভাৱে সংযুক্ত কৰিছিল। মুখ্যমন্ত্ৰী ড০ শৰ্মাই বড়ো, ৰাভা, তিৱা, ডিমাচা, কার্বি, টাই আহোমসকলৰ ধৰ্মীয় আচাৰসমূহকে ধৰি বিভিন্ন থলুৱা ধৰ্মসমূহৰ কথাও শ্রদ্ধাসহকাৰে উল্লেখ কৰে, যাৰ ব্ৰহ্মাণ্ডতত্ত্ব সনাতন ধৰ্মৰ আদিম প্ৰেৰণাসমূহৰ সৈতে জড়িত আৰু যাৰ হিন্দু আচাৰ-ব্যৱহাৰৰ সৈতে সহাৱস্থানে অঞ্চলটোৰ স্বাভাৱিক বহুত্ববাদক প্ৰদৰ্শন কৰে। ড° শৰ্মাই স্বাধীনতাৰ পিছত ৰাজনৈতিক তুষ্টিকৰণ, বৌদ্ধিক উপহাস আৰু আদৰ্শগত শত্রুতাৰ বিষয়সমূহ উল্লেখ কৰি সনাতন ধর্মই ইয়াৰ জন্মভূমিত সম্মুখীন হোৱা প্ৰত্যাহ্বানসমূহৰ বিষয়েও আলোকপাত কৰে। মুখ্যমন্ত্ৰী ড০ শৰ্মাই ‘Places of Worship Act. 1991’, আৰু ‘Waqf Act. 1995’ৰ দ্বাৰা সৃষ্টি হোৱা আইনী বৈষম্য আৰু হিন্দু পৰিচয় হ্রাস কৰা ঐতিহাসিক বিকৃতকৰণৰ বিষয়ে আঙুলিয়াই দিয়ে। মুখ্যমন্ত্ৰী ড০ শৰ্মাই অসমত জনগাঁথনিগত আক্ৰমণৰ সভ্যতাগত প্ৰত্যাহ্বানৰ কথাও উল্লেখ কৰে। তেওঁ বিতংভাৱে কয় যে কেনেকৈ ১৯৪১ চনৰ ভূমি উন্নয়ন আঁচনিৰ দৰে নীতিৰ ফলত পূববংগৰ মুছলমান অনুপ্ৰৱেশকাৰীসকলৰ বৃহৎ বসতিয়ে ৰাজ্যৰ জনগাঁথনিক মৌলিকভাৱে সলনি কৰিছিল, থলুৱা সম্প্রদায়সমূহৰ সাংস্কৃতিক নিৰন্তৰতাৰ প্ৰতি ভাবুকি আনিছিল আৰু চৰকাৰী, বনাঞ্চল আৰু পৱিত্ৰ সত্ৰৰ ভূমি বেদখলৰ সৃষ্টি কৰিছিল। ড° শৰ্মাই দৃঢ়তাৰে কয় যে তেওঁৰ চৰকাৰে ইয়াৰ মোকাবিলা কৰিবলৈ সাহসী পদক্ষেপ গ্রহণ কৰিছে, যাৰ ভিতৰত আছে প্রায় পোন্ধৰ হাজাৰ হেক্টৰ (১,১০,০০০ বিঘাৰো অধিক) বনাঞ্চল বেদখলকাৰীৰ পৰা মুক্ত কৰা আৰু শ্ৰীমন্ত শংকৰদেৱৰ পৱিত্ৰ জন্মস্থান- বৰদোৱাক বেদখলমুক্ত কৰা। তেওঁ কয় যে জনসংখ্যাগত ভাৰসাম্য বজাই ৰখাৰ অৰ্থ হৈছে অসমক সহস্রাব্দ ধৰি বৰ্তাই ৰখা সাংস্কৃতিক ছন্দ আৰু সভ্যতাগত নিৰন্তৰতা সুৰক্ষিত কৰা। মুখ্যমন্ত্ৰীয়ে তেওঁৰ ভাষণত ৰাষ্ট্ৰৰ আধ্যাত্মিক ঐতিহ্যক লালন-পালন কৰা আৰু সক্ষমতাত আধুনিক, জ্ঞানত প্রাচীন আৰু দৃষ্টিভংগীত সার্বজনীন ভাৰত গঢ়ি তোলাৰ বাবে নিজৰ প্ৰতিশ্রুতিবদ্ধতাৰ কথা দৃঢ়তাৰে উল্লেখ কৰে। উল্লেখ্য যে এই বছৰ ২৮সংখ্যক শ্রীচন্দ্রশেখৰেন্দ্ৰ সৰস্বতী ৰাষ্ট্ৰীয় বিশিষ্টতা বঁটা-২০২৫ মুখ্যমন্ত্ৰী ড° শৰ্মাৰ উপৰি আন কেইবাগৰাকীও বিশিষ্ট ভাৰতীয়লৈ আগবঢ়োৱা হৈছে। বিজ্ঞান আৰু প্ৰযুক্তি বিভাগত এই বঁটা ব্রহ্মোছ এৰ’স্পেচৰ প্ৰতিষ্ঠাপক পৰিচালন সঞ্চালক আৰু মুখ্য কার্যবাহী বিষয়া পদ্মভূষণ ড° এ শিৱথানু পিল্লাই আৰু আকাশ মিছাইল ছিষ্টেমৰ প্ৰথম প্ৰকল্প সঞ্চালক পদ্মশ্রী ড° প্ৰহ্লাদ ৰামাৰাওক প্ৰদান কৰা হয়। সামুহিক নেতৃত্বৰ বঁটা মুম্বাইৰ জনপ্ৰিয় দুপৰীয়াৰ আহাৰ বিতৰণকাৰী নেটৱৰ্ক মুম্বাই ডাব্বাৱালাসকলক প্ৰদান কৰা হয় আৰু সামাজিক নেতৃত্ব আৰু দৰ্শন বিভাগত বঁটা ড° মণি দ্রাবিদ শাস্ত্রীগালক প্ৰদান কৰা হয়। মুম্বাইৰ সন্মুখানন্দ হলত অনুষ্ঠিত এই বঁটা প্রদান অনুষ্ঠানত পূজ্যশ্রী চন্দ্রশেখৰেন্দ্ৰ সৰস্বতীৰ আধ্যাত্মিক আদৰ্শ আৰু আদৰ্শসমূহৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱা হয়। অনুষ্ঠানত দক্ষিণ ভাৰতীয় শিক্ষা সমাজৰ সভাপতি ড° ভি শংকৰসহ বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত আছিল।