দক্ষিণ আফ্রিকাক ১০১ ৰানত পৰাস্ত কৰে টীম ইণ্ডিয়াই

Pc Outlook India

দক্ষিণ আফ্রিকাক ১০১ ৰানত পৰাস্ত কৰে টীম ইণ্ডিয়াই

ৰঙিলী বাৰ্ত্তাসেৱা- কটকত বাৰাবাটি ষ্টেডিয়ামত অনুষ্ঠিত মেচখনত ঘৰুৱা দল ভাৰতে দক্ষিণ আফ্রিকাক ১০১ ৰানত পৰাস্ত কৰি পাঁচখনীয়া টি-২০ শৃংখলাটোত ১-০ত অগ্রগতি লাভ কৰে ৷ মেচখনত টীম ইণ্ডিয়াই জয়ৰ বাবে বান্ধি দিয়া ১৭৬ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি বেটিং বিপৰ্যয়ৰ সন্মুখীন হৈ প্রটিয়াজ বাহিনীয়ে ১২.৩ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই মাত্র ৭৪ ৰানহে সংগ্ৰহ কৰে। দক্ষিণ আফ্রিকাৰ হৈ দেৱাল্ড ব্রেভিছে সর্বাধিক ২২ ৰান কৰে। দলটোৰ মাত্র ৪ গৰাকী বেটাৰে দহকৰ ঘৰ স্পৰ্শ কৰে। ভাৰতৰ হৈ আৰ্শদীপ, বুমৰাহ, বৰণ আৰু অক্ষৰে দুটাকে, হার্দিক আৰু শিৱমে এটাকে উইকেট লয়। ইয়াৰ পূর্বে প্রথমে বেটিং কৰিবলৈ আহি প্ৰাৰম্ভিক বিপৰ্যয় সত্ত্বেও হার্দিক পাণ্ডিয়াৰ বিস্ফোৰক অপৰাজিত অর্ধশতকৰ সহায়ত টীম ইণ্ডিয়াই নিৰ্ধাৰিত ২০ অভাৰত ৬টা উইকেট হেৰুৱাই ১৭৫ ৰান সংগ্ৰহ কৰে। ইনিংছ আৰম্ভণি সুখকৰ নাছিল ঘৰুৱা দলটোৰ। দলীয় স্ক’ৰ ৪৮ ৰানতে তিনিজনকৈ আগশাৰীৰ বেটাৰক হেৰুৱাই দলটো বিপদত পৰিছিল। আঘাতৰ পৰা সুস্থ হৈ প্ৰত্যাৱৰ্তন কৰা শুভমন গিলে মাত্ৰ ৪ ৰান কৰাৰ বিপৰীতে অভিষেক শৰ্মাই ১৭ আৰু অধিনায়ক সূর্যকুমাৰ যাদৱে ১২ ৰান কৰে। অৱশ্যে তিলক বাৰ্মাই অক্ষৰ পেটেলৰ সৈতে লগ লাগি চতুর্থ উইকেটত ৩০ ৰান সংগ্ৰহ কৰি দলৰ বিপৰ্যয় কিছু ৰোধ কৰে। তিলকে ২৬ আৰু অক্ষৰে ২৩ ৰান কৰি বিদায় লয়। হার্দিকে মাত্র ২৮টা বলত ৬টা চাৰি আৰু ৪টা ছয়েৰে অপৰাজিতভাবে ৫৯ ৰান সংগ্ৰহ কৰি দলক সন্তোষজনক স্থিতিত উপনীত কৰায়। শিৱম ডুবেই ১০ আৰু জিতেশ শৰ্মাই অপৰাজিত ১০ ৰান কৰে। দক্ষিণ আফ্রিকাৰ হৈ এনগিৰিয়ে সর্বাধিক ৩টা উইকেট, লুথো ছিপামলাই দুটা আৰু ড’নভান ফেৰেইৰাই এটাকৈ উইকেট লাভ কৰে।