নিজ বাসগৃহলৈ অনা হ’ল গোৱাৰ নাইট ক্লাবৰ অগ্নিকাণ্ডত নিহত ৰাহুল মনোজিতৰ নশ্বৰদেহ 

নিজ বাসগৃহলৈ অনা হ’ল গোৱাৰ নাইট ক্লাবৰ অগ্নিকাণ্ডত নিহত ৰাহুল মনোজিতৰ নশ্বৰদেহ 

ৰঙিলী বাৰ্ত্তাসেৱা- স্বগৃহলৈ অনা হ’ল গোৱা আৰপোৰাৰ জনপ্রিয় বার্চ বাই ৰোমিঅ’ লেন নাইট ক্লাবত অগ্নিকাণ্ডত মৃত্যু হোৱা কাছাৰৰ শিলিকুৰি গ্ৰাণ্টৰ মনোজিত মাল আৰু শিলচৰৰ কাঁঠাল চাহ বাগানৰ ৰাহুল তাঁতীৰ মৃতদেহ। শিলচৰৰ কুম্ভৰগ্ৰাম বিমানবন্দৰৰ পৰা কাছাৰ আৰক্ষীয়ে দুয়োৰে মৃতদেহ ঘৰলৈ লৈ যায়।  কাছাৰৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক পার্থপ্রতিম দাসকে ধৰি আন আন আৰক্ষী বিষয়াই ঘৰলৈ গৈ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে আৰু পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। গোৱা চৰকাৰে ৰাহুল আৰু মনোজিতৰ মৃতদেহ বিমানযোগে শিলচৰলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰিছে। মৃতদেহ পোৱাৰ পিছত দুয়োখন ঘৰ আৰু সমগ্র অঞ্চলটোত শোকাকুল পৰিৱেশৰ সৃষ্টি হয়। মন কৰিবলগীয়া যে দুয়োজনেই নাইট ক্লাবত কাম কৰি আছিল। মনোজিত মালে যোৱা পাঁচ মাহ ধৰি ক্লাবত চেফ হিচাপে কাম কৰিছিল। মনোজিত আছিল পৰিয়ালটোৰ জ্যেষ্ঠ পুত্র। আনহাতে ৰাহুল তাঁতী ২৪ নৱেম্বৰত কাম বিচাৰি গোৱালৈ গৈছিল।অগ্নিকাণ্ড সংঘটিত হোৱাৰ দিনা ৰাহুলে নাইট ক্লাবত ৱেটাৰ হিচাপে কামত যোগ দিছিল। ইপিনে, মন্ত্রী কৌশিক ৰয়ে শোকসন্তপ্ত পৰিয়ালক সাক্ষাৎ কৰে। তেওঁ যুৱক দুজনৰ বিদেহ আত্মাৰ চিৰশান্তিৰ বাবে প্ৰাৰ্থনা কৰাৰ লগতে পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। মন্ত্ৰীগৰাকীয়ে শোকসন্তপ্ত পৰিয়াল দুটাৰ সৈতে আলোচনা কৰাৰ লগতে মৃতকৰ মৃতদেহ অনাৰ ব্যৱস্থা সন্দৰ্ভত গোৱা ৰাজ্য প্ৰশাসনৰ সৈতে আলোচনা কৰে। তেওঁ কয় যে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই গোৱাত সংঘটিত দুর্ভাগ্যজনক অগ্নিকাণ্ডৰ বিষয়ে অহৰহ অৱগত কৰি আছে আৰু তেওঁলোকৰ মৃতদেহ বিমানযোগে শিলচৰত উপস্থিত হ’ব বুলিও তেওঁ কয়। এই সন্দৰ্ভত গোৱা ৰাজ্য প্ৰশাসনৰ সৈতে আলোচনা কৰা হৈছে। যুৱক দুজনৰ মৃতদেহ ঘৰলৈ অনাৰ ব্যৱস্থা কৰিছে গোৱা প্ৰশাসন আৰু অসম চৰকাৰে। ইফালে, মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই গোৱাৰ আৰপোৰাৰ জনপ্ৰিয় বার্চ বাই ৰোমিঅ’ লেন নাইট ক্লাবত ভয়ংকৰ অগ্নিকাণ্ডত নিহত কাছাৰ জিলাৰ দুজন যুৱক মনোজিত মাল আৰু ৰাহুল তাঁতীৰ অকাল মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে মৃতকৰ পৰিয়াললৈ গভীৰ শোক প্রকাশ কৰে। উল্লেখ্য যে, নৰ্থ গোৱাৰ আৰপোৰাত শনিবাৰে মাজনিশা এটা নাইট ক্লাবত সংঘটিত হোৱা বিধ্বংসী অগ্নিকাণ্ডত পৰ্যটকসহ কমেও ২৫ জন লোকৰ মৃত্যু ঘটিছিল ৷ এই অগ্নিকাণ্ডত নিহত লোকসকলৰ মাজত আছিল অসমৰ তিনিজনকৈ লোক ৷ তেওঁলোকক ক্ৰমে কাছাৰৰ ৰাহুল তাঁতী, মনজিৎ মাল আৰু ধেমাজিৰ দিগন্ত পাতিৰ বুলি চিনাক্ত কৰা হৈছিল ৷ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত সদৰী কৰিছিল এই কথা ৷ আনহাতে, গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্তে দুৰ্ঘটনাত নিহত লোকসকলৰ পৰিয়ালবৰ্গলৈ ৫ লাখ টকা আৰু আহতসকলৰ বাবে ৫০ হাজাৰ টকাৰ এককালীন সাহায্য প্ৰদানৰ কথা ঘোষণা কৰিছিল ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে শ্বৰ্ট চাৰ্কিটৰ ফলত এই শোকাৱহ ঘটনাটো সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰি ক্লাবটোৰ মুখ্য মহাপ্ৰবন্ধককে ধৰি চাৰিজন কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰাৰ কথা নিশ্চিত কৰিছিল ৷