চাহ জনগোষ্ঠীৰ ১২০গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান মুখ্যমন্ত্ৰীৰ
ৰঙিলী বাৰ্ত্তাসেৱা- দিছপুৰস্থিত জনতা ভৱন প্রাংগণত আয়োজিত এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই অসম আৰক্ষী আৰু গৃহ বিভাগৰ অধীনৰ অন্যান্য সঞ্চালকালয়ৰ বিভিন্ন পদত চাহ জনজাতি সম্প্ৰদায়ৰ ১২০গৰাকী প্রার্থীক নিযুক্তি পত্র প্রদান কৰে। উল্লেখ্য যে এই প্ৰাৰ্থীসকলৰ ৪ গৰাকী উপ-পৰিদৰ্শক (ইউ বি) পদত, ২০ গৰাকী ড্ৰাইভাৰ কনিষ্টবল পদত, ৩৩গৰাকী কনিষ্টবল (ইউ বি) পদত, ৪৮গৰাকী কনিষ্টবল (এ বি) পদত, ৫ গৰাকী কমাণ্ডো বেটেলিয়নৰ কনিষ্টবল (এ বি) পদত, ৩ গৰাকী অসম আৰক্ষী অনাতাঁৰ সংগঠনত আৰক্ষী কনিষ্টবল (যোগাযোগ) পদত, ৭ গৰাকীক গৃহৰক্ষী আৰু অসামৰিক প্ৰতিৰক্ষাত কনিষ্টবল (তৃতীয় বর্গ) পদত নিযুক্তি দিয়া হৈছে। এই কাৰ্যসূচীত বিতৰণ কৰা নিযুক্তি পত্ৰৰ ফলত বৰ্তমান ৰাজ্য চৰকাৰে এতিয়ালৈকে প্ৰদান কৰা মুঠ নিয়োগৰ সংখ্যা ১,৪১,৯৮৬ গৰাকীলৈ বৃদ্ধি পালে। এই অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্রী ড° শর্মাই কয় যে বৰ্তমান ৰাজ্য চৰকাৰে চাহ জনজাতি আৰু আদিবাসী সমাজৰ কল্যাণৰ বাবে নিষ্ঠাৰে নিৰন্তৰ পদক্ষেপ গ্ৰহণ কৰি আহিছে।

কিছুদিন পূৰ্বে ৰাজ্য চৰকাৰে ৫ হাজাৰ যুৱক-যুৱতীক অসম আৰক্ষীত নিযুক্তি পত্ৰ প্ৰদান কৰিছিল আৰু চাহ জনগোষ্ঠী সম্প্ৰদায়ৰ বাবে সংৰক্ষিত ৩ শতাংশ পদত উত্তীর্ণ বিবেচিত প্রার্থীসকলক এক পৃথক কার্যসূচীত নিযুক্তি পত্ৰ বিতৰণৰ বিবেচনা কৰা হৈছিল। ইয়াৰ উদ্দেশ্য আছিল এইসকল যুৱক-যুৱতীৰ সফলতাত বাগিচাৰ আন আন যুৱক-যুৱতীসকলো যাতে উৎসাহিত হয়। বৰ্তমান ৰাজ্য চৰকাৰে প্ৰতিটো বিভাগৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিত বাগিচাৰ যুৱক-যুৱতীসকলৰ বাবে ৩ শতাংশ পদ সংৰক্ষণৰ ব্যৱস্থা কৰিছে। ইয়াৰ ফলত চৰকাৰখনত বাগিচাৰ যুৱক-যুৱতীৰ প্রতিনিধিত্ব বাঢ়িব। তেওঁ কয় যে কিছুদিন পূর্বে শিক্ষা বিভাগতো নিযুক্তি পত্ৰ প্ৰদান কৰা হৈছিল আৰু তাতো বাগিচাৰ যুৱক-যুৱতীসকলক সুকীয়াকৈ নিযুক্তি পত্ৰ প্ৰদান কৰা হৈছিল। অহা কেইদিনমান পিছত অসম প্রত্যক্ষ নিযুক্তি পৰীক্ষাত বাগিচাৰ বাবে সংৰক্ষিত ৩ শতাংশ পদতো উত্তীর্ণ প্রার্থীসকলক সুকীয়াকৈ নিযুক্তি পত্ৰ প্ৰদান কৰা হ’ব। যেতিয়া এডিআৰই, অসম আৰক্ষী আৰু অন্যান্য বিভাগসমূহৰ বিভিন্ন পদত নিযুক্তিৰ বাবে বিজ্ঞাপন দিয়া হ’ব, তেতিয়া বাগিচাৰ যুৱক-যুৱতীসকলে যাতে বুজি উঠে ৰাজ্যখনত অন্যান্য পিছপৰা শ্ৰেণীৰ বাবে সংৰক্ষণৰ উপৰি অতিৰিক্তকৈ বাগিচাৰ যুৱক-যুৱতীসকলৰ বাবেও ৩ শতাংশ পদ সংৰক্ষণৰ ব্যৱস্থা আছে। ইয়াৰ ফলত বাগিচাসমূহত শিক্ষাৰ মান বাঢ়িব, বাগিচাৰ ল’ৰা-ছোৱালীসকল চৰকাৰী চাকৰিৰ প্রতি আগ্রহী হ’ব আৰু চাহ বাগিচাসমূহৰ সামাজিক পৰিৱৰ্তনত ই সহায়ক হ’ব। তেওঁ কয় যে মৰিয়নিত অনুষ্ঠিত চাহ জনজাতি ছাত্ৰ সন্থাৰ অধিৱেশনত তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ চাকৰিৰ উপৰি এই বছৰৰ পৰা ৰাজ্য চৰকাৰে প্রথম আৰু দ্বিতীয় শ্ৰেণীৰ চাকৰিৰ ক্ষেত্ৰতো চাহ জনগোষ্ঠী আৰু আদিবাসী সমাজৰ বাবে ৩ শতাংশ পদ সংৰক্ষণ কৰিব বুলি ঘোষণা কৰা হৈছিল। অসম অসামৰিক সেৱা, অসম আৰক্ষী সেৱা, চিকিৎসা, অভিযান্ত্রিক আদি সকলো চাকৰিৰ ক্ষেত্ৰত ৩ শতাংশ পদত বাগিচাৰ যুৱক-যুৱতীসকলৰ বাবে সংৰক্ষণৰ ব্যৱস্থা কৰা হ’ব।

ইয়াৰ ফলত বাগিচাৰ যুৱক-যুৱতীসকলে নিশ্চিতভাৱে চৰকাৰী চাকৰি লাভ কৰিব পাৰিব। বাগিচাৰ সামাজিক পৰিৱৰ্তনত এই ৩ শতাংশ সংৰক্ষণৰ ব্যৱস্থাই এক বৃহৎ অৱদান আগবঢ়াব বুলি তেওঁ কয়। প্রায় ২০০ বছৰ আগতে বিভিন্ন ৰাজ্যৰ পৰা অসমৰ চাহ বাগিচাসমূহলৈ বাগিচাৰ শ্ৰমিক হিচাপে লৈ অনা এই সমাজক আজি বহল সমাজৰ বুকুত আন ছাত্র-ছাত্রীসকলৰ দৰে আগবঢ়াই লৈ যোৱাৰ প্ৰয়াস আৰু প্ৰচেষ্টা কৰিব লাগিব। যোৱা পাঁচটা বছৰত ৰাজ্য চৰকাৰে তেওঁলোকৰ বাবে যুগান্তকাৰী পৰিৱৰ্তন অনাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। বাগিচাৰ লাইনসমূহ প্ৰথমবাৰৰ বাবে লোকনির্মাণ বিভাগে পকীকৰণৰ প্ৰচেষ্টা হাতত লৈছে, ব্যক্তিগত বৈদ্যুতিক মিটাৰ স্থাপন কৰা হৈছে, পাইপেৰে গেছ সংযোগৰ বাবে উজনিত ব্যৱস্থা কৰা হৈছে, জলজীৱনৰ আঁচনিসমূহ ৰূপায়ণ হৈছে, বাগিচাৰ গৰ্ভৱতী মহিলাক মজুৰি ক্ষতিপূৰণ প্ৰদানৰ ব্যৱস্থা আৰম্ভ কৰা হৈছে। বাগিচাসমূহত শিক্ষাৰ বিকাশৰ বাবে উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয় নিৰ্মাণৰ প্ৰচেষ্টা কৰা হৈছে। এই আটাইবোৰ প্ৰচেষ্টাৰ সৈতে বাগিচাৰ যুৱক-যুৱতীৰ বাবে ৩ শতাংশ পদত সংৰক্ষণ ব্যৱস্থাই এক বৈপ্লবিক পৰিৱৰ্তন আনিছে। চিকিৎসা মহাবিদ্যালয়সমূহত প্ৰতিবছৰে তিনিখনকৈ আসন বাগিচাৰ যুৱক-যুৱতীসকলৰ বাবে সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে। তেওঁ কয় যে এই বছৰৰ পৰা বাগিচাৰ ৪ গৰাকীকৈ যুৱক-যুৱতীক প্ৰতিখন চিকিৎসা মহাবিদ্যালয়তে আসন প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ ফলত অসমৰ বাগিচাসমূহত প্ৰতিবছৰে ৪৮ বা ৫০ গৰাকীকৈ চিকিৎসক সৃষ্টি হ’ব। ভাষণত মুখ্যমন্ত্রী ড° শর্মাই নিযুক্তি লাভ কৰা যুৱক-যুৱতীসকলক পেছাদাৰী উৎকৰ্ষতা আৰু সততাৰ সৰ্বোচ্চ মান বজাই ৰাখি জনসাধাৰণৰ সমস্যাৰ প্ৰতি সহানুভূতিশীল হ’বলৈ, তেওঁলোকৰ ভয় আৰু আকাংক্ষাৰ প্ৰতি সংবেদনশীল হ’বলৈ আহ্বান জনায়। নিযুক্তি লাভ কৰা প্ৰতিগৰাকী প্রার্থীক তেওঁ সমাজৰ লগতে পিতৃ-মাতৃৰ প্ৰতি দায়বদ্ধতা প্ৰদৰ্শন কৰিবলৈও আহ্বান জনায়। এই অনুষ্ঠানত শ্রমিক কল্যাণ, চাহ জনজাতি আৰু আদিবাসী কল্যাণ বিভাগৰ মন্ত্ৰী ৰূপেশ গোৱালা, বিধায়কসকল সঞ্জয় কিষাণ, ৰূপজ্যোতি কুর্মী, দিগন্ত ঘাটোৱাল, কৃষ্ণকমল তাঁতী, গৃহ আৰু ৰাজনৈতিক বিভাগৰ অতিৰিক্ত মুখ্য সচিব অজয় তিৱাৰী, আৰক্ষী সঞ্চালকপ্ৰধান হৰমিত সিং প্ৰমুখ্যে উচ্চপদস্থ বিষয়াবর্গ আৰু গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে।
