গৃহ নিৰ্মাণ-নগৰ পৰিক্ৰমা বিভাগত ৬৭২ প্ৰাৰ্থীক নিযুক্তি-পত্ৰ প্ৰদান

গৃহ নিৰ্মাণ-নগৰ পৰিক্ৰমা বিভাগত ৬৭২ প্ৰাৰ্থীক নিযুক্তি-পত্ৰ প্ৰদান

ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্রীমন্ত শংকৰদেৱ আন্তর্জাতিক প্রেক্ষাগৃহত অনুষ্ঠিত এক অনুষ্ঠানত  মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ অধীনত ৭১খন পৌৰসভাৰ ৬৬৪ গৰাকী পৌৰ কৰ্মচাৰী আৰু নগৰ তথা গাঁও পৰিকল্পনা সঞ্চালকালয়ৰ ৮গৰাকী সহকাৰী সঞ্চালকক নিযুক্তি-পত্র প্রদান কৰে। এই নিযুক্তিৰ জৰিয়তে বৰ্তমানৰ ৰাজ্য চৰকাৰে প্ৰদান কৰা মুঠ নিযুক্তিৰ সংখ্যা ১,৪১,৮৬৬গৰাকীলৈ বৃদ্ধি পালে। এই উপলক্ষে প্রদান কৰা ভাষণত মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে ৰাজ্যৰ পৌৰসভাসমূহৰ কৰ্মচাৰীসকলে তেওঁলোকৰ চাকৰি প্ৰাদেশিকীকৰণৰ বাবে দীর্ঘদিন ধৰি চৰকাৰক আবেদন জনাই আহিছিল। কিন্তু পৌৰ নিগম-পৌৰসভাসমূহ চৰকাৰৰ প্ৰত্যক্ষভাৱে অন্তর্গত নোহোৱাত তথা পৌৰ নিগম আৰু পঞ্চায়তক চৰকাৰী ব্যৱস্থাৰ তৃতীয় খলপ হিচাপে গণ্য কৰাৰ বাবে এয়া হৈ উঠা নাছিল। বিগত দুটা দশক ধৰি চাকৰি প্রাদেশিকীকৰণক লৈ বিভিন্ন প্রক্রিয়া চলি থকাৰ পিছত অৱশেষত বিভিন্ন আইনগত অসুবিধা দূৰ কৰি এই বছৰ অসম পৌৰ নিকায় কৰ্মচাৰী (প্রাদেশীকৃত) আইন, ২০২৫ অসম বিধানসভাত পাৰিত কৰা হৈছিল। যাৰ ফলত ২০১৩ চনৰ ৪ ছেপ্টেম্বৰৰ পূৰ্বৰ পৰা কৰ্মৰত অসমৰ সাধাৰণ এলেকাৰ ৮১খন পৌৰসভাৰ ভিতৰত ৭১খন পৌৰসভাৰ ১০৪৪ গৰাকী পৌৰ কৰ্মচাৰীৰ চাকৰি প্ৰদেশিকীকৰণৰ অনুমোদন প্রদান কৰা হয়।

ইয়াৰে সাধাৰণ এলেকাৰ ৭১খন পৌৰসভাৰ ৬৬৪ গৰাকী পৌৰ কৰ্মচাৰীৰ অনুমতি সাপেক্ষে তেওঁলোকৰ চাকৰি প্ৰাদেশিকীকৰণ কৰা হৈছে। এই নিযুক্তি প্ৰদানৰ জৰিয়তে ৰাজ্যৰ পৌৰ নিগম আৰু পৌৰসভাৰ কৰ্মচাৰীসকলে প্ৰথমবাৰৰ বাবে চৰকাৰী কৰ্মচাৰীৰ মৰ্যাদা লাভ কৰিলে আৰু ইয়াৰ ফলত তেওঁলোকৰ বহুকেইটা চৰকাৰী সা-সুবিধা লাভৰপথ প্রশস্ত হৈ পৰিল। তেওঁ উল্লেখ কৰে যে পৌৰ নিগম আৰু পৌৰসভাৰ কৰ্মচাৰীসকলে এতিয়াৰে পৰা নিয়মীয়া দৰমহা লাভ কৰাৰ উপৰি এনপিএছ নতুবা ইউপিএছৰ জৰিয়তে অৱসৰকালীন সা-সুবিধা লাভ কৰিব। মুখ্যমন্ত্রী ড° শৰ্মাই পুনৰ কয় যে ৰাজ্য চৰকাৰে চৰকাৰী কৰ্মচাৰীসকলৰ সামাজিক সুৰক্ষা যথেষ্ট বৃদ্ধি কৰিছে। চৰকাৰে চৰকাৰী কৰ্মচাৰীসকলৰ চিকিৎসাজনিত ব্যয় নগদবিহীন কৰাৰ দিশত ক্রমান্বয়ে অগ্ৰসৰ হৈছে। আজিৰ পৰা চাকৰি প্ৰাদেশিকীকৰণ হোৱাৰ ফলত পৌৰ নিগম আৰু পৌৰসভাৰ কৰ্মচাৰীসকলে ‘স্বাগত সতীর্থ’ প’ৰ্টেলৰ জৰিয়তে পাৰস্পৰিক বদলিৰ সুবিধাও ল’ব পাৰিব।নিযুক্তি-পত্র প্রদান অনুষ্ঠানত গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্রী জয়ন্ত মল্ল বৰুৱা, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া, ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ ড° সৈকত পাত্র, গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগৰ সচিব জীৱন বি-ৰ উপৰি কেইবাগৰাকীও গণ্যমান্য ব্যক্তি উপস্থিত থাকে।