মুখ্যমন্ত্ৰীৰ বিস্ফোৰক অভিযোগ,
কংগ্ৰেছৰ ২২টা ছীটত ১ৰ পৰা ১০ কোটিলৈকে দৰদাম চলিছেঃমুখ্যমন্ত্ৰী
ৰঙিলী বাৰ্ত্তাসেৱা- কংগ্ৰেছত এতিয়া বিধানসভা নিৰ্বাচনৰ বাবে টিকটৰ দাম উঠিছে ১ কোটিৰ পৰা ১০ কোটি টকালৈকে দৰ-দাম চলিছে। বিধানসভা নির্বাচনক লৈ ৰাজ্যত আৰম্ভ হোৱা তৎপৰতাৰ মাজতে বিৰোধী কংগ্ৰেছৰ বিৰুদ্ধে এই বিস্ফোৰক অভিযোগ উত্থাপন কৰিলে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীৰ এই বিস্ফোৰক অভিযোগে এতিয়া ৰাজ্যৰ ৰাজনীতিত জোকাৰণি তুলিছে ।মুখ্যমন্ত্ৰীৰ অভিযোগ- প্রার্থিত্ব বিচৰাজনে ১ কোটি টকা এডভাঞ্চ হিচাপে দিছে, বাকী ৯ কোটি টিকট পালেই দিব। সংবাদ মাধ্যমৰ আগত এই অভিযোগ তুলি মুখ্যমন্ত্রী ড° শর্মাই কয়-কংগ্ৰেছৰ ২২টা সমষ্টিত টিকটৰ বাবে ১ কোটিৰ পৰা ১০ কোটি টকালৈ দাম উঠিছে। কেৱল ২২টা ছাঁটতহে এই দাম উঠিছে। মুখ্যমন্ত্রীয়ে কয়- অহা ১৪ ডিচেম্বৰত নতুন দিল্লীত কংগ্ৰেছৰ এখন সভা আছে। এই সভালৈ মানুহ নিয়াৰ দায়িত্ব প্রদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে প্রার্থিত্ব বিচৰাসকলক দিছে। কিন্তু একোটা সমষ্টিত কেইবাজনো প্রার্থিত্ব বিচৰা লোক থাকিব। সকলোকে প্রার্থিত্ব দিয়া নহয়, গতিকে আনসকলে মানুহ নিয়াৰ বাবদ কি পাব? এয়া যুক্তিসংগত নহয়। মন কৰিব এইকেইদিন মিঞা এৰিয়াত প্লেন আৰু ট্ৰেইনৰ টিকট কটাৰ ধুম উঠি আছে। গৌৰৱ গগৈয়ে কৈছে- পার্টীয়ে মানুহ নিব ৩০০। প্রতিখন জিলাৰ পৰা ১০জনকৈ লোক দলে নিব। বাকী যিসকল লোক ১৪ ডিচেম্বৰৰ সভালৈ যাব তেওঁলোকক প্রার্থিত্ব বিচৰাসকলে লৈ যাব লাগিব। কিন্তু এতিয়াও প্রার্থিত্ব দিয়া হোৱাই নাই। এই লোকসকলে টিকট বিচাৰিছেহে, নিৰ্বাচনৰ প্ৰাৰ্থিত্ব এজনেহে পাব, বাকীকেইজনে খৰচ কৰা এই ধন এনেই যাব। মুখ্যমন্ত্ৰীয়ে পুনৰ কয়- কংগ্ৰেছৰ ভিতৰৰ কথা দলৰ মানুহৰ পৰাই মই গম পাওঁ। কোনো কংগ্ৰেছীয়ে যদি ঘৰতো দলৰ কথা কয় মই গম পাওঁ, তেওঁলোকে এই টেপটো বন্ধ কৰিব নোৱাৰে। তেওঁলোকে ইজনৰ পাছত সিজনক সন্দেহ কৰি থাকে। কংগ্ৰেছত থকা মোৰ এজেন্ট শেষ কৰিব নোৱাৰে। অসমৰ খিনিয়ে খবৰ নিদিলে, দিল্লীত থকা কংগ্রেছী ছ’র্চ লগাই দিম। ইফালে, বহু সংখ্যালঘু কংগ্ৰেছীয়ে হিন্দুৰ নামত ফেচবুক একাউন্ট খুলি অভদ্র আচৰণ কৰা বুলিও আজি গুৰুতৰ অভিযোগ তোলে মুখ্যমন্ত্রী ড° শর্মাই। শেহতীয়াকৈ প্রদেশ কংগ্ৰেছৰ নেতা প্রফুল্ল দাসৰ পদত্যাগৰ পিছতে এই তথ্য পোহৰলৈ আহিছে। মুখ্যমন্ত্রী ড° শর্মাই এই বিষয়টো উল্লেখ কৰি কয়- কংগ্ৰেছীসকলৰ হাতত ছদ্মবেশী একাউন্ট থাকে। এই ছদ্মবেশী একাউণ্টৰ পৰা অভদ্রভাবে মোক, মোৰ পৰিয়াল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ওপৰত বেয়া বেয়া বক্তব্য প্রকাশ কৰাটোৱেই হৈছে তেওঁলোকৰ কাম। যাৰ ব্যক্তিত্ব আছে বা অলপ হ’লেও বিবেক আছে তেওঁলোকে এই কাম কৰিব নোৱাৰে। কংগ্ৰেছে এই ছদ্মবেশী একাউণ্টবোৰ ৰাখিছে কেৱল মানুহৰ মান-সন্মান নষ্ট কৰাৰ বাবে। কংগ্ৰেছ এৰি অহা প্রফুল্ল দাসৰ পৰাই এই কথা জানিব পাৰিব। কংগ্ৰেছৰ ৱাৰৰূমত কি কি পৰিকল্পনা চলি থাকে সেয়া প্রকাশ কৰিব নোৱাৰি। মুখ্যমন্ত্রীয়ে কয় যে কংগ্রেছ ত্যাগ কৰি অহা প্রফুল্ল দাসে অহা ৯ ডিচেম্বৰত বিজেপিত যোগদান কৰিব।
