অহা ১ জানুৱাৰীত ছাত্ৰসকলৰ বাবে আহিব ‘নিযুত বাবু’ আঁচনিঃমুখ্যমন্ত্রী

অহা ১ জানুৱাৰীত ছাত্ৰসকলৰ বাবে আহিব ‘নিযুত বাবু’ আঁচনিঃমুখ্যমন্ত্রী

ৰঙিলী বাৰ্ত্তাসেৱা- নৱবৰ্ষৰ প্ৰথম দিনটোতে ভাগিন মইনাহঁতৰ দৰে ভাগিন বাবুহঁতকো মামাই দিব উপহাৰ।ৰাজ্যৰ ছাত্ৰসকলে লাভ কৰিব মাহিলি জলপানি। ছাত্ৰসকলক অধ্যয়নৰ ক্ষেত্ৰত উৎসাহ যোগাবলৈ ৰাজ্য চৰকাৰে অহা ১ জানুৱাৰীৰ পৰা আনিব নিযুত বাবু আঁচনি।  শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত ড০ বাণীকান্ত কাকতি মেধা বঁটা প্ৰদানৰ আৰম্ভণি অনুষ্ঠানত উপস্থিত থাকি এই কথা জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ।নিযুত মইনা আঁচনিৰ পিছত আনিব লগা নিযুত বাবু আঁচনিৰ জৰিয়তে দাৰিদ্র্য সীমাৰেখাৰ তলৰ ছাত্ৰসকল উপকৃত হ’ব।  মুখ্যমন্ত্রী ড° শর্মাই কয় যে ছাত্রীসকলৰ বাবে নিযুত মইনা আঁচনি অনাৰ পিছত ছাত্রসকলেও তেওঁলোকৰ বাবে এখন আঁচনিৰ দাবী কৰি আহিছিল। সেয়েহে ১ জানুৱাৰীত কেইবাখনো বিশেষ আঁচনি ঘোষণা কৰা হ’ব। এই আঁচনিসমূহৰ ভিতৰত ছাত্ৰসকলৰ বাবেও অনা হ’ব নিযুত বাবু আঁচনি। অৱশ্যে নিযুত মইনা আঁচনিৰে যেনেকৈ সকলো ছাত্রীকে সাঙুৰি লোৱা হৈছে, নিযুত বাবু আঁচনিৰ জৰিয়তে কেৱল আর্থিকভাৱে দুৰ্বল তথা বিপিএলৰ ছাত্ৰসকলকহে সাঙুৰি লোৱা হ’ব। এই আঁচনিখন সকলো ছাত্ৰৰ বাবে নহয়। উল্লেখ্য যে নিযুত মইনা আঁচনিৰ জৰিয়তে ছাত্রীসকলক প্রতি মাহে ৰাজ্য চৰকাৰে জলপানি প্ৰদান কৰি আহিছে। মুখ্যমন্ত্রীয়ে এই আঁচনিৰ কথা ঘোষণা কৰি কয় যে এই আঁচনিৰ জৰিয়তে মুখ্যতঃ চৰকাৰখনে অসমত এটা শৈক্ষিক পৰিৱেশ নিৰ্মাণ কৰিব বিচাৰিছোঁ।