কটকত আজি ভাৰত-দক্ষিণ আফ্ৰিকাৰ প্ৰথম টি-২০
ৰঙিলী বাৰ্ত্তাসেৱা- আজিৰে পৰা ঘৰুৱা দল টীম ইণ্ডিয়া আৰু দক্ষিণ আফ্রিকাৰ মাজৰ ৫খনীয়া টি-২০ মেচৰ শৃংখলাটো আৰম্ভ হ’ব। শৃংখলাটোৰ প্ৰথমখন অৰ্থাৎ আজিৰ মেচখন কটকৰ বাৰাৱতী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব। মেচখনৰ পূৰ্বে বেটিংক্রমক লৈ চিন্তাত পৰিছে ভাৰতীয় দলটোৰ অধিনায়ক সূর্য কুমাৰ। সমস্যা হৈছে শুভমন গিল আৰু সঞ্জু ছেমছনক লৈ। মেচখনৰ পূৰ্বে আয়োজিত এক সংবাদ মেল সম্বোধন কৰি টীম ইণ্ডিয়াৰ অধিনায়ক সূৰ্য কুমাৰ যাদৱে কয় যে শুভমন গিল আৰু হার্দিক পাণ্ডিয়াৰ প্ৰত্যাৱৰ্তনে দলটোক আৰু অধিক শক্তিশালী কৰি তুলিছে। গিল এতিয়া সম্পূর্ণ সুস্থ হৈ উঠিছে আৰু দললৈ উভতি আহিছে। গতিকে আজিৰ মেচত গিলে ইনিংছ মুকলি কৰাটো একপ্ৰকাৰ নিশ্চিত। গিলৰ সংগী হ’ব অভিষেক শর্মা। তেনেস্থলত সঞ্জু ছেমছনে কোন নম্বৰ স্থানত বেটিং কৰিব বুলি সাংবাদিকে সোধা প্রশ্নক লৈ বিমোৰত পৰে সূৰ্য কুমাৰ যাদৱ। যাদৱে কয় যে সঞ্জু ছেমছন এগৰাকী পূৰ্ণাংগ বেটাৰ। তেওঁ যিকোনো স্থানতে খেলিব পৰা সামর্থ্য আছে। গিল আৰু অভিষেকে যদি দলৰ ইনিংছ মুকলি কৰে তেন্তে ছেমছনে চতুর্থ নাইবা পঞ্চম স্থানত বেটিং কৰিব। আৰু যদি গিলে মেচত খেলিব নোৱাৰে তেন্তে অভিষেকৰ সংগী হ’ব ছেমছন। ইফালে, হার্দিক পাণ্ডিয়াৰ অন্তর্ভুক্তিয়েও কিছু আউল লগাইছে অধিনায়কগৰাকীক। মেচখনৰ সন্দৰ্ভত ভাৰতীয় দলটোৰ অধিনায়কগৰাকীয়ে লগতে কয় যে বিশ্বকাপৰ পূর্বে আমি দুটা ভাল দলৰ বিৰুদ্ধে ১০খন টি-২০ মেচ খেলিম। এতিয়াৰ বাবে আমি সেই মেচকেইখনৰ ওপৰত গুৰুত্ব দিছোঁ। প্রতিযোগিতাখন আগবাঢ়ি যোৱাৰ লগে লগে আমি বিশ্বকাপৰ ওপৰত অধিক গুৰুত্ব দিওঁ। মই এতিয়া সেই বিষয়ে চিন্তা কৰা নাই। ২০২৪ চনৰ বিশ্বকাপ শেষ হোৱাৰ পিছত আমি পৰৱৰ্তী টি-২০ বিশ্বকাপৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছিলোঁ। এনে নহয় যে আমি বিশ্বকাপৰ দুমাহ আগতে আহি কৈছিলোঁ, এইবাৰ আমাৰ প্ৰস্তুতি আৰম্ভ হ’ব। সেই কাম বহু আগতেই আৰম্ভ হৈছে। আনহাতে, আজিৰ মেচখনত শিৱম ডুবেৰ স্থানত হার্দিকে খেলাটো নিশ্চিত বুলি উল্লেখ কৰি অধিনায়কগৰাকীয়ে কয় যে হার্দিক যেতিয়া দললৈ আহে তেতিয়া বহু বিকল্প হাতলৈ আহে। তেওঁৰ অভিজ্ঞতা অমূল্য। তেওঁৰ আগমনে দলৰ ভাৰসাম্য বৃদ্ধি কৰিব বুলি অধিনায়কগৰাকীয়ে কয়। সন্ধিয়া ৭ বজাৰ পৰা খেলখন আৰম্ভ হ’ব।
