ৰাজ্যৰ ২৮ সাহিত্যিকক সাহিত্য বঁটা সাহিত্যিক পেন্সন প্রদান

ৰাজ্যৰ ২৮ সাহিত্যিকক সাহিত্য বঁটা সাহিত্যিক পেন্সন প্রদান

ৰঙিলী বাৰ্ত্তাসেৱা- উচ্চ শিক্ষা বিভাগে ৰাজ্যৰ ২৮গৰাকী সাহিত্যিকলৈ ২০২৫ বৰ্ষৰ সাহিত্যিক পেন্সন আৰু বঁটা প্ৰদান কৰে। কটন বিশ্ববিদ্যালয়ৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা প্রেক্ষাগৃহত কথাশিল্পী হোমেন বৰগোহাঞিৰ জন্ম দিৱস তথা ৰাজ্যৰ ২৮গৰাকী সাহিত্যিকলৈ ২০২৫ বৰ্ষৰ সাহিত্যিক পেন্সন আৰু বঁটা প্রদান অনুষ্ঠানত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগু উপস্থিত থাকে। এই অনুষ্ঠানত উপস্থিত থাকি শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে অসমৰ লেখক-সাহিত্যিসকলক ডিজিটেল প্লেটফর্ম তথা প্রযুক্তিগত সুবিধাৰ জৰিয়তে নিজৰ সাহিত্যকৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰিবলৈকো আহ্বান জনায়। মূলতঃ বর্তমান সময়ত গ্ৰন্থ বিক্ৰীৰ পৰিমাণ হ্রাস হোৱাৰ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে কয় যে বর্তমানেও অসমত গ্ৰন্থ বিক্ৰীৰ পৰিমাণ আশাব্যঞ্জক। অসমত হৈ থকা গ্রন্থমেলাসমূহে ইয়াৰ প্ৰমাণ দিয়ে। কিন্তু ইয়াৰ সমান্তৰালকৈ লেখক-সাহিত্যিকসকলে ই-বুকৰ জৰিয়তে গ্ৰন্থৰ অধ্যয়ন, গ্ৰন্থৰ বিক্ৰী, প্ৰকাশন আদিৰ ওপৰত মনোযোগ দিব লাগিব। তাৰ বাবে ডিজিটেল মাধ্যমৰ বাবে প্রয়োজনীয় লার্জ লেংগুৱেজ মডেল প্ৰগ্ৰামৰ ওপৰত গুৰুত্ব দিব লাগিব; যিটো অসমত পর্যাপ্ত নহয়। বিশ্ববিদ্যালয়সমূহৰ কেতবোৰ গ্ৰন্থাগাৰেও এই লাৰ্জ লেংগুরেজ মডেল প্রগ্রামত তথ্য অন্তর্ভুক্ত কৰিব লাগে যাতে তথ্যসমূহ পাঠকে ই-বুকৰ জৰিয়তে লাভ কৰিব পাৰে।

মন্ত্ৰীগৰাকীয়ে অনলাইন মঞ্চখনৰ জৰিয়তে লেখক-সাহিত্যিক এগৰাকী এতিয়া এগৰাকী প্রকাশকো হ’ব পাৰে বুলি মন্তব্য কৰি কয় যে ইয়াৰ ফলত লেখকগৰাকীয়ে এতিয়া প্রকাশক বিচাৰি প্ৰকাশকৰ দুৱাৰে দুৱাৰে ঘূৰি ফুৰিব নালাগে। এতিয়া লেখক এগৰাকী নিজেই নিজৰ গ্ৰন্থৰ লেখক-প্রকাশক হ’ব পাৰে। এইক্ষেত্রত আঞ্চলিক ভাষাৰ লগতে বহু সৰু সৰু ভাষাৰ বাবে অনলাইন ডিজিটেল প্রযুক্তিয়ে আশাৰ সঞ্চাৰ কৰিছে।

অসমৰ লেখক-সাহিত্যিকসকলে তাৰ সুযোগ ল’ব লাগে। সৃষ্টিশীল ৰচনা এতিয়া এটা সাধাৰণ শিক্ষাৰ অংগ হৈ থকা নাই বুলি মন্তব্য কৰি শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে সৃষ্টিশীল লেখাক পূৰ্বৰ দৰে এতিয়া ব্যক্তিগত প্রতিভা বা স্বতঃস্ফূর্ত প্রতিভা বিকাশৰ ওপৰত এৰি দিব নালাগে। তাৰ পৰিৱৰ্তে ইয়াক দক্ষতা বিকাশৰ এক অংগ কৰি তুলিব লাগে যাতে আমি এজন লেখকৰ পৰা সৰ্বোত্তম ৰচনা বা সাহিত্য লাভ কৰিব পাৰোঁ।  ২০২৫ বৰ্ষৰ সাহিত্যিক বঁটাপ্ৰাপকসকলৰ ভিতৰত আছে- ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰী, ড° সূর্যকান্ত হাজৰিকা, কিশোৰী মোহন দাস, পূর্ণকান্ত শর্মা, অর্পণা কোঁৱৰ, আশুতোষ দাস, ড° পূর্ণ ভট্টাচার্য, সজল পাল, উর্মিলা চক্রবর্তী, ভবেন চন্দ্র কোচ, সাৰদা প্রসাদ মোছাহাৰী, গুৰমাইল সিং, ফণী কৈৰী, ড° যতীন বৰুৱা, সুভাষ চন্দ্ৰ সিন্‌হা, বৰুৱা কান্ত ব্রহ্ম, গিৰীশ সন্দিকৈ আৰু সুৱৰ্ণ শইকীয়া। আনহাতে ২০২৫ বৰ্ষৰ সাহিত্যিক পেন্সনাৰসকল হ’ল- গুঞ্জন কুমাৰ ফুকন, দিলীপ চন্দন শর্মা, শান্তনু কৌশিক বৰুৱা, মিহিৰ দেউৰী, ৰঞ্জিত হাজৰিকা, শশীধৰ দেউৰী, কমল কুমাৰ জৈন, সোণবৰ বৰুৱা, যতীন মৰাণ আৰু থানেশ্বৰ গয়াৰী। উক্ত অনুষ্ঠানত বিধায়ক অতুল বৰা, কটন বিশ্ববিদ্যালয়ৰ উপাচার্য অধ্যাপক ৰমেশ চন্দ্ৰ ডেকা, হোমেন বৰগোহাঞিৰ পুত্ৰ অধ্যাপক প্রদীপ্ত বৰগোহাঞিকে ধৰি বহু গণ্য-মান্য ব্যক্তি উপস্থিত আছিল।