ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনক ৰাষ্ট্ৰপতি ভৱনত উষ্ম আদৰণি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনক ৰাষ্ট্ৰপতি ভৱনত উষ্ম আদৰণি

ৰঙিলী বাৰ্ত্তাসেৱা- দুদিনীয়া ভ্রমণসূচীৰে বৃহস্পতিবাৰে ভাৰতত উপস্থিত হোৱা ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক শুকুৰবাৰে পুৱা ৰাষ্ট্ৰপতি ভৱনত আনুষ্ঠানিক আদৰণি জনোৱা হয় ৷ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক ৰাষ্ট্ৰপতি ভৱনত আদৰণি জনায় ।অনুষ্ঠানস্থলী তিনি সেনাৰ গার্ড অৱ অনাৰেৰে মুখৰ হয়। লগতে বাজি উঠে ৰাছিয়া আৰু ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত।আদৰণী অনুষ্ঠানত উপস্থিত থাকে কেন্দ্রীয় মন্ত্রী এছ জয়শংকৰ, সৰ্বানন্দ সোণোৱাল, দিল্লীৰ লেফটেনেন্ট গৱৰ্ণৰ ভি কে ছাক্সেনা, চি ডি এছ জেনেৰেল অনিল চৌহান আৰু বহুতো বিশিষ্ট ব্যাক্তি। ৰাষ্ট্ৰপতি মুর্মু আৰু পুটিনে ইজনে সিজনৰ সৈতে চিনা-পৰিচয় হয়। পুটিনৰ সৈতে ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্রী আন্দ্রে বেলৌছভ আৰু ক্রেমলিন সহায়ক ডিমিট্রি পেস্কোভো উপস্থিত থাকে। আদৰণিৰ পিছত ৰাষ্ট্ৰপতি পুটিন ৰাজঘাটলৈ লৈ মহাত্মা গান্ধীৰ স্মৃতিসৌধত পুষ্পাঞ্জলি অর্পণ কৰে। তেওঁ দর্শনার্থী গ্রন্থতো স্বাক্ষৰ কৰে। এই সময়ত তেওঁৰ সৈতে থাকে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্রী কীর্তি বর্ধন সিং। ইফালে প্ৰায় ৪ বছৰৰ অন্তত ভাৰতত ভ্ৰমণ কৰা ৰাষ্ট্ৰপতি পুটিনে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ সৈতে অনুষ্ঠিত দ্বিপাক্ষিক বৈঠকত অংশ লয়। উল্লেখযোগ্য, ২০২১ চনৰ ডিচেম্বৰ মাহত পুটিনে অন্তিমবাৰৰ বাবে ভাৰত ভ্ৰমণ কৰিছিল। বৃহস্পতিবাৰে নিশা পালম বিমানবন্দৰত ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন উপস্থিত হোৱাৰ লগে লগেই প্রধানমন্ত্রী মোদীয়ে তেওঁক আদৰণি জনায়।

সামাজিক মাধ্যম এক্সত পোষ্ট কৰি প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰে- “মোৰ বন্ধু ৰাষ্ট্ৰপতি পুটিনক ভাৰতলৈ আদৰণি জনাবলৈ পাই বিশেষ আনন্দিত।”দুয়ো নেতা একেলগে বাহন প্রধানমন্ত্রী মোদীৰ লোককল্যাণ মাৰ্গৰ বাসগৃহলৈ যায়, য’ত ৰাষ্ট্ৰপতি পুটিনক ৰাছিয়ান ভাষাত অনুদিত এখন ‘গীতা’ উপহাৰ হিচাপে আগবঢ়ায় প্ৰধানমন্ত্ৰী মোদীয়ে। প্রধানমন্ত্রীয়ে মন্তব্য কৰে- “ভাৰত-ৰাছিয়া বন্ধুত্বই দুয়ো দেশৰ জনসাধাৰণক উপকৃত কৰি আহিছে।”আনহাতে, ভাৰতত ভৰি দিয়েই পুটিনে কয় যে নতুন দিল্লী আৰু মস্কোৰ প্ৰতি ৱাশ্বিংটনৰ আগ্ৰাসী দৃষ্টিভংগী আছে ৷ ভাৰত-ৰাছিয়াৰ সহযোগিতা কোনো দেশৰ বিৰুদ্ধে নিৰ্দেশিত নহয় আৰু ইয়াৰ লক্ষ্য কেৱল দুয়োপক্ষৰ জাতীয় স্বাৰ্থ সুৰক্ষিত কৰাটোহে বুলি তেওঁ মন্তব্য কৰে ৷