ডিব্ৰুগড়ৰ লাহোৱাল প্ৰেছক্লাবৰ তেইশ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন

ডিব্ৰুগড়ৰ লাহোৱাল প্ৰেছক্লাবৰ তেইশ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন

এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা-  বিগত বৰ্ষৰ দৰেই এইবাৰো ডিব্ৰুগড়ৰ বৃহত্তৰ লাহোৱাল অঞ্চলৰ একমাত্র সংবাদসেৱী প্ৰতিষ্ঠান লাহোৱাল প্ৰেছ ক্লাবৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱসটি ৭ ডিচেম্বৰ দেওবাৰে বিস্তৃত কাৰ্যসূচীৰে লাহোৱাল এছ কে এছ ইংলিছ একাডেমীত উদযাপন কৰা হয়। কাৰ্যসূচী অনুসৰি পুৱা ৯ বজাত লাহোৱাল প্ৰেছক্লাবৰ পতাকা উত্তোলন কৰে সভাপতি হোমেন ফুকনে। ৯.১৫ বজাত স্মৃতি তৰ্পণ কৰে সম্পাদক দিবাকৰ দত্তই। প্ৰাণৰ শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পাছতেই বৃক্ষৰোপণ কৰে ,লাহোৱাল প্ৰেছক্লাবৰ উপদেষ্টা ক্ৰমে ভূষণজ্যোতি সন্দিকৈ, কণৌজ শইকীয়া আৰু মুক্তামণি হাজৰিকাই। পুৱা এঘাৰ বজাৰ পৰা আৰম্ভ হোৱা মুকলি সভাত সভাপতিত্ব কৰে ক্লাবৰ সভাপতি হোমেন ফুকনে। প্ৰেছক্লাবৰ সম্পাদক দিবাকৰ দত্তই উদ্দেশ্য ব্যাখ্যা কৰাৰ পাছতেই সংগীত শিল্পী পিংকু কাশ্যপৰ তত্বাৱধানত হ’লিনেম মিউজিক চেন্টাৰৰ কণ কণ শিল্পীসকলে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ‘মায়াবিনি ৰাতিৰ’ শীর্ষক গীতটো পৰিৱেশন কৰাৰ লগতে শুভ্ৰজিৎ পাইকে পৰিৱেশন কৰা গীতে উপস্থিত সকলোকে আপ্লুত কৰে। অনুষ্ঠানত বিশিষ্ট সমাজকৰ্মী, সমাজ সংগঠক, সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ কেন্দ্রীয় উপ-সভাপতি অজয় গগৈক লাহোৱাল প্ৰেছক্লাবৰ তৰফৰ পৰা সম্বৰ্ধনা জনাই এখনি গামোছা, চেলেং, জাঁপি, শৰাই আৰু সম্বৰ্ধনা পত্ৰ প্ৰদান কৰা হয়। ভাষণ প্ৰসংগত অজয় গগৈয়ে লাহোৱাল প্ৰেছক্লাবৰ সক্রিয় আৰু বলিষ্ঠ কৰ্মপন্থাৰ শলাগ লয় আৰু আগন্তুক ৰূপালী জয়ন্তী অনুষ্ঠানৰ বাবে তেওঁ একলাখ টকা আৰু সকলো সহায়-সহযোগ কৰিব বুলি ঘোষণা কৰে । লাহোৱাল প্ৰেছক্লাবৰ উপদেষ্টা প্ৰতিষ্ঠা কালৰপৰা জড়িত জ্যেষ্ঠ সাংবাদিক ক্ৰমে ভূষণজ্যোতি সন্দিকৈ, কণৌজ শইকীয়া, মুক্তামণি হাজৰিকা আদিয়ে লাহোৱাল প্ৰেছক্লাবৰ প্ৰতিষ্ঠাৰ প্ৰথম দিনটো, জড়িত ব্যক্তিসকল তথা বিগত সময়ৰ সকলো উত্থান-পতনৰ কথা সোঁৱৰে। উল্লেখ্য যে, ৰূপালী জয়ন্তী উপলক্ষে প্ৰেছক্লাবৰ প্ৰতিগৰাকী সাংবাদিকৰ একোখনকৈ গ্ৰন্থ প্ৰকাশ কৰাৰ পৰিকল্পনাৰ কথা প্ৰকাশ কৰে সভাপতি হোমেন ফুকনে। সভাত উপস্থিত থকা লাহোৱাল অঞ্চলৰ বিশিষ্ট সমাজকৰ্মী, এছ কে এছ ইংলিছ একাডেমীৰ স্বত্বাধিকাৰী দয়ানন্দ শ্বাহ, বৃহত্তৰ ডিব্ৰুগড় প্ৰেছক্লাবৰ সম্পাদক ৰাতুল বুঢ়াগোহাঁই প্ৰমুখ্যে কেইবাগৰাকী সাংবাদিকে মূল্যৱান বক্তব্য আগবঢ়ায়। শলাগৰ শৰাই আগবঢ়ায় ক্লাবৰ কাৰ্যকৰী সভাপতি ৰশ্মিৰেখা সাউদ কলিতাই। অনুষ্ঠানত লাহোৱাল প্ৰেছক্লাবৰ সহকাৰী সম্পাদক প্ৰাঞ্জল গগৈ, সদস্য উজ্জ্বল শইকীয়া, কুশল দত্ত, দীপিকা বৰুৱা, ফাৰহানা চুলতানা আদি ভালেমান সদস্যৰ লগতে চাবুৱা প্ৰেছক্লাবৰ সম্পাদক বিশ্বজিৎ ফুকন, বৃহত্তৰ ডিব্ৰুগড় প্ৰেছক্লাবৰ কেইবাগৰাকীও বিষয়ববীয়াৰ লগতে স্থানীয় ৰাইজ উপস্থিত থাকে।