ভাৰতত উপস্থিত ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন
ৰঙিলী বাৰ্ত্তাসেৱা- দুদিনীয়া ভ্রমণসূচীৰে বৃহস্পতিবাৰে নতুন দিল্লীত উপস্থিত হয় ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন। সন্ধিয়া প্রট’কল উলংঘাৰে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনক উষ্ম আদৰণি জনায় প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে। হাইপ্রফাইল অতিথিগৰাকী উপস্থিত হোৱাত ৰানৱে’ত থিয় হৈয়েই ৰাষ্ট্ৰপতি পুটিনক আলিংগন কৰি নতুন দিল্লী আৰু মস্কোৰ মাজৰ মিত্ৰতাৰ বাৰ্তাক তুলি ধৰে প্ৰধানমন্ত্ৰী মোদীয়ে। তাৰ পিছতে দুয়োগৰাকী ৰাষ্ট্ৰীয় নেতাই তাৰ পৰা ৰাওনা হয়। উল্লেখ্য যে সাধাৰণ প্ৰট’কল অনুযায়ী কোনো বিদেশী ৰাষ্ট্ৰনেতা ভাৰত ভ্ৰমণলৈ আহিলে তেওঁক আদৰণি জনাবলৈ বিমানবন্দৰত উপস্থিত থাকে বৈদেশিক কেবিনেট অথবা ৰাজ্যিক মন্ত্রী। অৱশ্যে কেতিয়াবা এই দায়িত্ব আন মন্ত্ৰীৰ ওপৰতো পৰে। কিন্তু প্রধানমন্ত্রী মোদীয়ে যেন এই পৰম্পৰাৰ ঊর্ধ্বলৈ গৈ আন এক নতুন পৰম্পৰা গঢ়ি তুলিছে। ২০১৭ বর্ষত বাংলাদেশৰ সেই সময়ৰ প্রধানমন্ত্রী শেখ হাছিনাক আদৰণি জনাবলৈ প্রট’কল ভাঙি দিল্লী বিমানবন্দৰত উপস্থিত হৈছিলগৈ প্রধানমন্ত্রী মোদী। ২০১৮ বৰ্ষতো ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যেহুক মোদীয়ে নিজেই গৈ বিমানবন্দৰত অভ্যর্থনা জনাইছিল। এইবাৰৰ ৰাষ্ট্ৰপতি পুটিনৰ ভাৰত ভ্ৰমণত তেওঁ ২৩সংখ্যক ভাৰত-ৰাছিয়া বছৰেকীয়া শীর্ষ বৈঠকত ভাগ ল’ব। এই সময়ছোৱাতে শুক্ৰবাৰে দিল্লী হায়দৰাবাদ হাউছৰ বৈঠকত দ্বিপাক্ষিক সহযোগিতা সম্পর্কীয় একাধিক চুক্তিত স্বাক্ষৰ হোৱাৰো সম্ভাৱনা আছে। তাৰ ভিতৰত অন্যতম হ’ল ৰাছিয়াৰ পৰা আৰঅ’এছ-৪০০ আকাশী প্ৰতিৰক্ষা ব্যৱস্থা ক্রয় কৰা। এই প্ৰসংগত ৰাষ্ট্ৰপতিগৰাকীয়ে কয়- মহাকাশ গৱেষণা, পাৰমাণৱিক শক্তি, জাহাজ নির্মাণ, বিমান নির্মাণসহ একাধিক ক্ষেত্ৰত ভাৰত আৰু ৰাছিয়াই ভৱিষ্যতৰ স্বাৰ্থত একেলগে কাম কৰিছে। ভাৰতলৈ অহাৰ পূর্বে ৰাষ্ট্ৰপতিগৰাকীয়ে এক সাক্ষাৎকাৰত ক’লে- প্রধানমন্ত্রী মোদীয়ে কোনো হেঁচাৰ ওচৰত নতি স্বীকাৰ নকৰে। মার্কিন শুল্ক আৰোপ সন্দৰ্ভত সোধা এটা প্ৰশ্নৰ উত্তৰত ৰাষ্ট্ৰপতিগৰাকীয়ে কয়- চাপৰ ওচৰত নতি স্বীকাৰ কৰা লোক নহয় প্রধানমন্ত্রী মোদী। ৰাষ্ট্ৰপতিগৰাকীয়ে ভাৰতৰ প্ৰধানমন্ত্ৰীক বন্ধু বুলি অভিহিত কৰি প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বক প্রশংসা কৰে। তেওঁ কয়- ভাৰত এখন বিশেষ দেশ। এই দেশৰ অৰ্থনীতি ৭.৭ শতাংশ হাৰে বৃদ্ধি পাইছে। এয়া প্রধানমন্ত্রী মোদীৰ নেতৃত্বৰ এক সাফল্য। সকলো ক্ষেত্রতে সমালোচক থাকেই। যিসকলে কয় যে আৰু ভাল হ’ব পাৰিলেহেঁতেন।উল্লেখ্য যে, ২০২২ চনৰ ফেব্ৰুৱাৰী মাহত ৰাছিয়া-ইউক্ৰেইন যুদ্ধ আৰম্ভ হোৱাৰ পিছত এইটোৱেই ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ প্ৰথম ভাৰত ভ্ৰমণ । ২০২১ চনৰ ৬ ডিচেম্বৰত ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীয়ে ২১ সংখ্যক ভাৰত-ৰাছিয়া বাৰ্ষিক সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ভাৰতত উপস্থিত হৈছিল ।
