ড° মামণি ৰয়চম গোস্বামীৰ মৃত্যুতিথিত উন্নাভ পৰিয়ালৰ দুখনকৈ গ্ৰন্থ উন্মোচন
মৃদুস্মিতা শৰ্মা,ৰঙিলী বাৰ্ত্তাসেৱা- ২৯/১১/২০২৫ তাৰিখে জ্ঞানপীঠ বঁটা বিজয়িনী শ্ৰদ্ধাৰ ড° মামণি ৰয়ছম গোস্বামী বাইদেউৰ মৃত্যু তিথিৰ দিনা বিশিষ্টা লেখিকা গৰাকীক শ্ৰদ্ধাঞ্জলি জনাই “উন্নাভ” গ্ৰুপৰ পৰা ড° মামণি ৰয়ছম গোস্বামী বিশেষ, বামুণীমৈদামৰ পৰা ‘জীৱন জোনাক আৰু সান্নিধ্য’ শীৰ্ষক এখনি ই-বুক গুগল মিটৰ জৰিয়তে উন্মোচন হৈ যায়। সন্ধিয়া ৭-৩০ বজাৰ পৰা আৰম্ভ হোৱা গুগল মিটৰ অনুষ্ঠানটিত অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰৰ পৰা লেখক-লেখিকা সকল সংযোগ হৈ অনুষ্ঠানটিৰ সৌষ্ঠৱ বৃদ্ধি কৰে। লেখিকা কল্পনা দেৱীয়ে আঁত ধৰা অনুষ্ঠানটিত আদৰণি ভাষণেৰে অনুষ্ঠান আৰম্ভ কৰে ছৈয়দা আঞ্জুম আৰা হুছেইনে ৷ সুদূৰ মুম্বাইৰ পৰা ত্ৰিনয়ন সন্দিকৈ, সদানন্দ গগৈ, ভুৱনেশ্বৰৰ পৰা মালবিকা শৰ্মা, গোলাঘাটৰ পৰা পাৰিজাত বৰুৱা ,বন্তি বৰা আদি বিশিষ্ট লোক অনলাইন অনুষ্ঠানটিত উপস্থিত থাকে। উল্লেখনীয় যে,’উন্নাভ’ গ্ৰুপৰ পৰা উক্ত অনুষ্ঠানতে “উন্নাভ বোকাখাত” গল্প সংকলন এখনিও উন্মোচন কৰা হয়। আমন্ত্ৰিত উন্মোচক হিচাপে উপস্থিত থাকে বোকাখাত জে. ডি.এছ.জি. মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰাক্তন সহযোগী অধ্যাপিকা তথা বিশিষ্টা লেখিকা ড° ৰুবী । “জীৱন জোনাক আৰু সান্নিধ্য” উন্মোচন কৰি তেখেতে ড° মামণি ৰয়ছম গোস্বামীৰ সাহিত্যৰ বিষয়ে আলোকপাত কৰে। মামণি ৰয়ছম গোস্বামীৰ সান্নিধ্য লাভ কৰা সময়ক সুঁৱৰি তেখেত নষ্টালজিক হৈ পৰে। গ্ৰন্থখনিৰ সম্পাদনাৰ দায়িত্বত থকা নিৰ্মিতা বৰগোহাঁয়ে গ্ৰন্থখনিৰ বিষয়ে কিছু আভাস দিয়ে।

‘উন্নাভ বোকাখাত’ গল্প সংকলনখনি উন্মোচন কৰে আমন্ত্ৰিত উন্মোচক তথা বিশিষ্ট গল্পকাৰ অপু ভৰদ্বাজে । তেখেতে উক্ত অনুষ্ঠানত গল্পৰ বিষয়বস্তু আৰু গল্প কেনেদৰে লিখা উচিত এই বিষয়ে গুৰুত্বপূৰ্ণ বক্তব্য ৰাখে। গল্প সংকলনখনিৰ সম্পাদক মনালিছা শইকীয়াই গ্ৰন্থখনৰ বিষয়ে আভাস দিয়ে। ত্ৰাতৃ এপৰ স্বত্বাধিকাৰী ত্ৰিদীপ বৰুৱা ডাঙৰীয়াই ই-বুক দুখনিৰ কিছূ দৃশ্যাংশ স্ক্ৰিনত প্ৰদৰ্শন কৰে। “উন্নাভ” গ্ৰুপৰ মুখ্য প্ৰশাসিকাৰ লগতে “উন্নাভ” গ্ৰুপৰ বিষয়ববীয়া, সদস্য-সদস্যা সকলৰ প্ৰচেষ্টাত গুগল মিটৰ গ্ৰন্থ উন্মোচনী অনুষ্ঠানটি সফলভাবে অসম সংগীতেৰে সমাপ্ত কৰা হয়।
