আন্তঃৰাষ্ট্ৰীয় গণতন্ত্র তথা নির্বাচনী সাহায্য সংস্থাৰ অধ্যক্ষ হিচাপে দায়িত্ব অৰ্পণ জ্ঞানেশ কুমাৰলৈ 

আন্তঃৰাষ্ট্ৰীয় গণতন্ত্র তথা নির্বাচনী সাহায্য সংস্থাৰ অধ্যক্ষ হিচাপে দায়িত্ব অৰ্পণ জ্ঞানেশ কুমাৰলৈ 

ৰঙিলী বাৰ্ত্তাসেৱা- আন্তঃৰাষ্ট্ৰীয় গণতন্ত্র তথা নির্বাচনী সহায়তা সংস্থা (ইণ্টাৰনেচনেল ইনষ্টিটিউট ফৰ ডেমক্রেচী এণ্ড ইলেক্ট’ৰেল এছিষ্টেন্সৰ) ২০২৬ বৰ্ষৰ অধ্যক্ষ হিচাপে দায়িত্ব অর্পণ কৰা হৈছে দেশৰ মুখ্য নির্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰক। ছুইডেনৰ ষ্টকহমত থকা সংস্থাটোৰ কাউঞ্চিল অৱ মেম্বাৰ ষ্টেট্‌ট্ৰৰ বৈঠকত জ্ঞানেশ কুমাৰক সংস্থাটোৰ অধ্যক্ষৰ দায়িত্ব দিয়া হয়।  বৈঠকত উপস্থিত আছিল ছুইডেনত থকা ভাৰতৰ ৰাষ্ট্ৰদূত অনুৰাগ ভূষণ।  ১৯৯৫ চনত প্রতিষ্ঠিত এই সংস্থাটোৱে বিশ্বজোৰা গণতান্ত্রিক পৰিকাঠামো আৰু নির্বাচনী প্রক্রিয়াক শক্তিশালী কৰাৰ চেষ্টা চলাই আহিছে। ৩৫খন দেশ এই সংস্থাৰ সদস্য বর্তমান লগতে ভাৰত এই সংস্থাৰ প্ৰতিষ্ঠাপক সদস্য। আগন্তুক বছৰটোত  সংস্থাৰ অধ্যক্ষৰ দায়িত্ব পালন কৰিব জ্ঞানেশ কুমাৰে।  দায়িত্ব লৈ তেওঁ কয়-‘শান্তিপূর্ণ, সু-সংহত, দীর্ঘকালীন সুস্থিৰতাৰ বাবে গণতন্ত্ৰৰ কিমান প্রয়োজন তাকেই বুজাব ভাৰতে।’ বিশ্বৰ অন্যতম বিশ্বাসযোগ্য নিকায় হিচাপে পৰিচিত ভাৰতৰ মুখ্য নির্বাচন আয়োগৰ আয়ুক্তগৰাকীয়ে এই সংস্থাৰ শীৰ্ষ পদত অধিষ্ঠিত হোৱাটোৰ অৰ্থ হ’ল ভাৰতৰ গণতন্ত্র এতিয়াও বিশ্ববন্দিত। যি সময়ত দেশৰ বিৰোধী পক্ষই ভোটাৰ তালিকা যুগুত কৰাৰ পৰা আৰম্ভ কৰি সমগ্ৰ নিৰ্বাচন প্রক্ৰিয়াটোকে কাঠগৰাত তুলিছে সেই সময়ত নির্বাচন আয়োগৰ আয়ুক্তগৰাকীলৈ এই স্বীকৃতি নিশ্চয়কৈ তাৎপর্যপূর্ণ।