লিমাৰিক – ৰাজুমণি বৰা

Pc Vecteezy

লিমাৰিক

ৰাজুমণি বৰা,গুৱাহাটী


খুতৰিয়া বিলাহিটেঙা মাছ আনিলো
জুতিৰেযে পিঠাগুৰিদি আঞ্জা ৰান্ধিলোঁ
ঢাকোন মাৰি থৈ দিলো
কামতযে লাগি গ’লোঁ
দুপৰীয়া খাবলৈ লৈ সুদা চৰু পালোঁ
(২)
পাৰ্লাৰত আহিলো চেলাউৰি খুৰাই
ঘৰলৈ আহিলোঁ চকু মুদাই মুদাই
পাৰ্লাৰত ভয় খালোঁ
সূতাৰযে টান খালোঁ
আইঐ কি যে কষ্ট চকু পানী ওলাই।