নুমলীগড় শোধনাগাৰক নৱৰত্নৰ মৰ্যাদা কেন্দ্ৰীয় চৰকাৰৰ

নুমলীগড় শোধনাগাৰক নৱৰত্নৰ মৰ্যাদা কেন্দ্ৰীয় চৰকাৰৰ

ৰঙিলী বাৰ্ত্তাসেৱা- কেন্দ্ৰীয় চৰকাৰে নুমলীগড় শোধনাগাৰলৈ নৱৰত্নৰ মৰ্যাদা প্রদান কৰিছে। কেন্দ্ৰীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণে নুমলীগড় শোধনাগাৰক কেন্দ্ৰীয় ৰাজহুৱা খণ্ড (নৱৰত্ন চিপিএছই)ৰ প্ৰতিষ্ঠান হিচাপে শেহতীয়াকৈ অনুমোদন জনাইছে। উল্লেখ্য যে অসম চুক্তি অনুসৰি স্থাপন হোৱা নুমলীগড় শোধনাগাৰ কিছুদিন আগলৈকে লোকচানৰ সন্মুখীন হৈ বন্ধ হোৱাৰ উপক্রম হৈছিল। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ তৎপৰতাত পুনৰ ঠন ধৰি উঠা নুমলীগড় শোধনাগাৰৰ ২০২৪-২৫ বিত্তীয় বৰ্ষত ব্যৱসায় আছিল ২৫,১৪৭ কোটি টকা আৰু লভ্যাংশ আছিল ১,৬০৮ কোটি টকা। পূর্বে নুমলীগড় শোধনাগাৰক মিনি নৱৰত্নৰ মৰ্যাদা প্ৰদান কৰা হৈছিল। কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ জৰিয়তে ধন্যবাদ জনায়।মুখ্যমন্ত্রী ড° শর্মাই প্রতিক্রিয়া প্রকাশ কৰি সামাজিক মাধ্যমত এইবুলি উল্লেখ কৰিছে-অসমৰ বাবে গৌৰৱৰ মুহূৰ্ত। নুমলীগড় শোধনাগাৰ লিমিটেড এতিয়া নৱৰত্ন কেন্দ্ৰীয় ৰাজহুৱা খণ্ড প্রতিষ্ঠান (চিপিএছই)। কিছুদিন আগলৈকে পিএছইউৰ মৰ্যাদা হেৰুওৱাৰ পথত অগ্ৰসৰ হোৱাৰ উপক্ৰম হোৱাৰ সময়তে কেন্দ্ৰীয় চৰকাৰৰ সমৰ্থনত আমি উদ্যোগটোৰ সামৰ্থ্যৰ ওপৰত বিশ্বাস পুনৰাবৃত্তি কৰিবলৈ সক্ষম হৈছিলোঁ। ইয়াত আমাৰ অংশ বৃদ্ধি কৰিছিলোঁ। জনাবলৈ পাই ভাল লাগিছে যে মাত্ৰ চাৰি বছৰৰ ভিতৰত ই ভাৰতৰ এক নৱৰত্ন হৈ পৰিল। অসমৰ তৈল আৰু গেছ খণ্ডৰ প্ৰতি আস্থা প্ৰদৰ্শন কৰি আগুৱাই নিয়াত সৰৱ ভূমিকা গ্ৰহণ কৰাৰ বাবে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ ওচৰত আমি কৃতজ্ঞ। কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰীৰ অকুণ্ঠ সমর্থন অবিহনে এই মাইলৰ খুঁটিপ্রাপ্তি সম্ভৱ নহ’লহেঁতেন। ৰাজ্যবাসীৰ হৈ তেওঁলৈও আন্তৰিক ধন্যবাদ জনাইছোঁ।