ছৈয়দ মুস্তাক আলী টি-২০ ক্রিকেটত ইতিহাস ৰচিলে বৈভৱে
ৰঙিলী বাৰ্ত্তাসেৱা- পুনৰ ইতিহাস ৰচিলে বৈভৱ সূৰ্যবংশীয়ে। এইবাৰ ছৈয়দ মুস্তাক আলী ট্ৰফীত বেটিং কৰি ধুমুহাৰ সৃষ্টি কৰিলে ১৪ বছৰীয়া ক্ৰিকেটাৰজনে। ইডেন গার্ডেনত অনুষ্ঠিত ছৈয়দ মুস্তাক আলী টি-২০ত মহাৰাষ্ট্ৰৰ বিপক্ষে খেলা মেচখনত বিহাৰক প্ৰতিনিধিত্ব কৰা বৈভৱে মাত্র ৫৮টা বলত শতক অৰ্জন কৰি প্রতিযোগিতাখনৰ ইতিহাসত সর্বকনিষ্ঠ খেলুৱৈ হিচাপে শতৰান কৰাৰ ইতিহাস গড়ে। বৈভৱে ১৪ বছৰ ২৫০ দিনত এই অভিলেখ গঢ়ে। বৈভৱৰ পূৰ্বে এই অভিলেখৰ গৰাকী আছিল মহাৰাষ্ট্ৰৰ বিজয় জ’লৰ নামত। ২০১৩ চনৰ মাৰ্চত বিজয়ে মুম্বাইৰ বিৰুদ্ধে খেলা মেচখনত ১৮ বছৰ ১১৮ দিনত শতক অৰ্জন কৰিছিল। মেচখনত বৈভবে ৬১টা বলত ৭টা চাৰি আৰু সমসংখ্যক ছয়েৰে ১০৮ ৰান কৰি অপৰাজিত হৈ থাকে। উল্লেখ্য যে কলকাতাৰ ইডেন গার্ডেনত বৈভৱ সূর্যবংশীয়ে প্রথমটো শতৰান কৰি স্মৰণীয় কৰি ৰাখিলে। অৱশ্যে বৈভৱে ইতিহাস ৰচিলেও মেচখনত বিহাৰে মহাৰাষ্ট্ৰৰ হাতত ৩ উইকেটত পৰাজিত হয়। বিহাৰে ৩টা উইকেটত ১৭৬ ৰান কৰাৰ প্ৰত্যুত্তৰত মহাৰাষ্ট্ৰই ১৯.১ অভাৰত ৭টা উইকেট হেৰুৱাই জয়ৰ লক্ষ্যত উপনিত হয়।
