আজি গৃহ বিভাগত ৫,৮১৮গৰাকী প্ৰাৰ্থীক আনুষ্ঠানিকভাৱে প্ৰদান কৰা হ’ব নিযুক্তিপত্ৰ

আজি গৃহ বিভাগত ৫,৮১৮গৰাকী প্ৰাৰ্থীক আনুষ্ঠানিকভাৱে প্ৰদান কৰা হ’ব নিযুক্তিপত্ৰ

ৰঙিলী বাৰ্ত্তাসেৱা- নিযুক্তি প্রদান প্রক্রিয়া অব্যাহত ৰাখি পুনৰ গৃহ বিভাগত প্রদান কৰা হ’ব নিযুক্তি। সৰুসজাইত আজি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই গৃহ বিভাগত ৫,৮১৮গৰাকী প্রার্থীক নিযুক্তি-পত্র প্রদান কৰিব। উল্লেখ্য যে শেহতীয়াকৈ সম্পন্ন হোৱা আৰক্ষীৰ কনিষ্টবল আৰু উপ-পৰিদৰ্শকৰ নিযুক্তি পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছিল। এই ফলাফল ঘোষণাৰ পাছতে যোৱা দীর্ঘসময় ধৰি নিযুক্তি প্ৰদানৰ প্ৰক্ৰিয়া কাৰ্যকৰী হোৱাক লৈ যথেষ্ট চর্চা চলিছিল। অলপতে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই বিষয়টো সন্দর্ভত ফেচবুক লাইভযোগে স্পষ্ট কৰিছিল যে অহা তিনি ডিচেম্বৰত কনিষ্টবল আৰু উপ-পৰিদৰ্শকৰ নিযুক্তি-পত্ৰ বিতৰণ কৰা হ’ব। সেই অনুসৰি আজি সৰুসজাইত ১৫৬গৰাকী উপ-পৰিদৰ্শক আৰু ৫,৪১০ গৰাকী কনিষ্টবলক প্ৰদান কৰা হ’ব নিযুক্তি-পত্র। ইফালে চাহ জনগোষ্ঠীৰ বাবে সংৰক্ষিত ১২০টা পদৰ বিপৰীতে ১২০ গৰাকী প্ৰাৰ্থীক অহা ৮ ডিচেম্বৰত প্ৰদান কৰা হ’ব নিযুক্তি-পত্র।