বীৰত্ব আৰু সাহসৰ অনন্য প্ৰতীক : স্বৰ্গদেউ চাওলুং চুকাফা
নিবেদিতা হাজৰিকা,
লখিমপুৰ
স্বদেশ আৰু স্বজাতিৰ একনিষ্ঠ সাধক, দুৰ্দান্ত বীৰ, নিৰ্ভীক দেশপ্ৰেমিক, মধ্যযুগীয় অসমৰ প্ৰথম ৰজা আৰু আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক আছিল স্বৰ্গদেও চাওলুং চুকাফা।৬০০ বছৰীয়া আহোম ৰাজত্বকালৰ প্ৰথম গৰাকী স্বৰ্গদেউ আছিল চুকাফা। ।
অসমীয়া জাতিৰ পিতৃ স্বৰূপ বুলি গণ্য কৰা স্বৰ্গদেউ চুকাফাই অসমত আহোম সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল ।চুকাফা ৰজাই গঢ় দিয়া অসমখন সময়ত বৰ অসমত পৰিণত হৈছিল।থানবান হৈ থকা বিভিন্ন জাতি- জনগোষ্ঠী সমূহক একত্ৰিত কৰি , সাতৰাজ মাৰি একৰাজ কৰি অসমীয়া জাতিৰ বুনিয়াদ গঢ়ি এক সমন্বয়ৰ দৃষ্টান্ত গঢ়ি তুলিবলৈ সক্ষম হৈছিল স্বৰ্গদেউ চুকাফা দেৱ।
কষ্ট সহিষ্ণু, বীৰ আৰু সাহসী যোদ্ধা হিচাপে নাম থকা চাওলুং চুকাফা আছিল প্ৰকৃততেই এজন নায়ক।যিয়ে অনৈক্যৰ মাজত ঐক্য প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল।অসমৰ ইতিহাসৰ এহেজাৰৰো অধিক কালৰ ভিতৰত শ্ৰেষ্ঠ আৰু অদ্বিতীয় ৰাজনীতিবিদ চাওলুং চুকাফাই তেখেতৰ কৰ্ম, চিন্তা-দৰ্শনে সমগ্ৰ জাতিটোকে আলোড়িত কৰি আহিছে।বহুধা ব্যক্তিত্ব সম্পন্ন চুকাফা দেৱে এক অনন্য , আদৰণীয় আৰু আদৰ্শনীয় ৰাজনৈতিক ধাৰা প্ৰতিষ্ঠা কৰি এক উচ্চ আদৰ্শ দেখুৱাই গৈছে। ৰাজ্য জয়ৰ ক্ষেত্ৰত এইজনা বীৰ আছিল অনন্য।ৰাজ্য জয়ৰ ক্ষেত্ৰত তেওঁ পৰাক্ৰমী হোৱাৰ লগতে ৰাজ্য শাসনৰ ক্ষেত্ৰতো তেখেতৰ বিচক্ষণতাৰ তুলনা নাছিল।পূৰ্ব পুৰুষ সকলৰ ন্যায় আৰু ৰীতি আখৰে -আখৰে পালন কৰি চলা চুকাফাদেৱে উপযুক্ত জনক যথাযোগ্য বিষয়বাব বা দায়িত্ব দিবলৈ কেতিয়াও কুণ্ঠাবোধ কৰা নাছিল।গুণী জনক যথোচিত পুৰস্কাৰ আৰু দোষীক উপযুক্ত শাস্তি দিবলৈ পিছ হুহকি অহা নাছিল।
চাওলুং চুকাফা যে কেৱল এজন অসাধাৰণ বীৰ, সাহসী তথা দুৰদৰ্শী ৰাজনীতিজ্ঞই আছিল তেনে নহয়, তেখেত এজন দক্ষ প্ৰশাসকো আছিল।কোনো এক নতুন অঞ্চল জয় কৰাৰ পাছতেই তেওঁ সেই অঞ্চলটোত নিখুত শাসন ব্যৱস্থা প্ৰতিষ্ঠাৰ বাবে সচেষ্ট হৈছিল।সাংগঠনিক আৰু ৰাজনৈতিক ভাৱে দক্ষ তথা অভিজ্ঞ চুকাফাই বুজি পাইছিল যে কাৰোবাক দমন কৰাতকৈ মিত্ৰতা তথা স-সন্মানেৰে বুকুৰ মাজত আঁকোৱালি লৈ এক শক্তিশালী ৰাজ্য গঠন কৰিব পাৰি।সেই নীতিকে সাৰোগত কৰি একে বিশ্বাস আৰু আস্থাৰে স্বৰ্গদেউ চুকাফাই চুবুৰীয়া ৰাজ্য তথা জাতিৰ শাসন কৰ্তাক আঁকোৱালি লৈছিল।অসমীয়া জাতি-জনগোষ্ঠীক একতাৰ ডোলেৰে বান্ধি তেওঁ বিশেষ বিচক্ষণতাৰ পৰিচয় দিছিল।তেখেতৰ ৰাজনৈতিক প্ৰমূল্যবোধত আছিল সু-শাসন আৰু জনসাধাৰণৰ প্ৰতি দায়িত্ববোধ।অসম তথা ব্ৰহ্মপুত্ৰ উপত্যকাত উপস্থিত হৈ স্বৰ্গদেউ চুকাফাই পোন প্ৰথমে মৰাণ তথা বৰাহী সকলৰ প্ৰতি গ্ৰহণ কৰা যি সম্প্ৰীতিৰ নীতি সেই নীতিতেই তেখেতৰ ৰাজনৈতিক দূৰদৰ্শিতা তথা কূটনৈতিক প্ৰতিভা প্ৰথম পৰিস্ফূৰ্ত হৈ উঠিছিল।তেখেতৰ অসীম সাহস, অদম্য আকাংক্ষা তথা অপৰাজেয় মনোবলৰ অধিকাৰী চুকাফাদেৱে ৰাজ্য অধিকাৰ কৰিবৰ বেলিকা নিজাকৈ কিছুমান কৌশল অৱলম্বন কৰিছিল।তেখেতে স্থানীয় লোক সকলৰ লগত যুঁজ-বাগৰ কৰাৰ পৰিৱৰ্তে তেওঁলোকৰ ভাষা- সংস্কৃতি, ধৰ্ম-কৰ্ম আদি আয়ত্ব কৰাৰ লগতে তেওঁ যেন সেই লোক সকলৰ মাজৰে এজন সেই হিচাপে নিজকে গঢ়ি তুলিবলৈ প্ৰয়াস কৰিছিল।আৰু সেই বাবেই হয়তো অতি সহজে স্বৰ্গদেউজনাই তেওঁলোকৰ মন অতি সোনকালে জয় কৰিবলৈ সক্ষম হৈছিল।
সমন্বয়ৰ সাধক চুকাফাৰ সপোন আছিল অসম খনক বৰ অসম হিচাপে গঢ়ি তোলা।তেওঁ জাতি-জনগোষ্ঠী সমূহৰ স্বকীয়তা, স্বাভিমান ,সাংস্কৃতিক ঐতিহ্য ,ৰাজনৈতিক সুৰক্ষা ,অৰ্থনৈতিক বিকাশৰ গতিধাৰা অব্যাহত ৰাখি এক একত্ৰিত স্ৰোত প্ৰৱাহিত কৰাৰ বাবে গ্ৰহণ কৰা দূৰদৰ্শী পদক্ষেপৰ বাবেই আজি আমাৰ পৰিচয় অসমীয়া জাতি।অসমীয়া জাতি গঠণত তেখেতৰ যি অৱদান সেই অৱদান তথা ত্যাগৰ কথা আজিও সকলোৱে শ্ৰদ্ধাৰে স্মৰণ কৰে।যুদ্ধ -বিগ্ৰহ ত্যাগ কৰি অতি বিচক্ষণতাৰে চাওলুং চুকাফাই ব্ৰহ্মপুত্ৰৰ দুয়োফালে/দুয়োপাৰে থকা সৰু-সৰু জনগোষ্ঠীয় ৰাজ্যসমূহক একত্ৰিত কৰি ‘অসম’ আৰু ‘অসমীয়া জাতি’ গঢ় দিয়াৰ লগতে সকলোৰে মাজত মিত্ৰতা বজাই ৰাখিবলৈ নিজৰ মাতৃভাষা ‘টাই ‘ ভাষা তথা নিজৰ ধৰ্ম পৰ্যন্ত ত্যাগ কৰি সকলো জনগোষ্ঠীৰ সৈতে মিলেৰে থাকি এক নতুন দিগন্তৰ সূচনা কৰিবলৈ প্ৰয়াস কৰা অনন্য ব্যক্তিত্বৰ অধিকাৰী এইজন স্বনাম ধন্য আহোম বীৰ পুৰুষ স্বৰ্গদেউ চাওলুং চুকাফাৰ জীৱন তথা তেখেতৰ কৰ্মোদ্দীপ্ত কৰ্মৰাজীয়ে অসমীয়া জাতিক সদায়ে উদ্ধুদ্ধ কৰিব।
