অধৰ্মিক মৰম
চিমী বৰুৱা, মৰিগাঁও, চৰাইবাঁহী
জনা নাছিলোঁ—
মানুহ এজনৰ বাবে
আঁঠুৰ ওচৰত চুই চুই
অশ্ৰু বোৱাব লাগিব বুলি।
নিজকে হেৰুৱাই
অন্যজনৰ চিন্তাৰ আঁচলত
এতিয়া ইমান নিমজাব লাগিব বুলি
কল্পনাতো নাছিল কেতিয়াও।
কিমান সলনি কৰে মানুহক
এই মৰম নামৰ নীৰৱ শক্তিয়ে—
অনুভৱবোৰক নিৰে আঁচুৰি ধৰে,
হিয়াৰ সকলো দ্বাৰ উলি-ধলি বাগৰিব খুজে।
প্ৰতি ৰাতি, নীৰৱতাৰ মাজত,
তেওঁৰ নামটো আহে নিভৃতিতে—
ভাবি ভাবি শুৰুৱা নিশবোৰো
এতিয়া নীৰৱ বেদনাৰ সঙ্গী।
মোৰ বুকুৰে একো গোপন নহয়,
মাত্ৰ এটা কথাই প্ৰতি নিশাই কয়—
মৰমে সলনি কৰিব পাৰে মানুহক,
কিন্তু পাহৰা?
সেয়া সেইজনৰ দৰে সহজ নহয়…
