অক্ষমতাক লালন-পালন কৰোঁ আহক – বন্দিতা শৰ্মা কন্দলি

Pc DepositPhotos

( ৩ ডিচেম্বৰ দিব্যাংগ দিৱস উপলক্ষে)

অক্ষমতাক লালন-পালন কৰোঁ আহক

বন্দিতা শৰ্মা কন্দলি, দেৰগাঁও

তিনি ডিচেম্বৰ এটা বিশেষ দিন। বিশেষ মানে বিশেষ ভাৱে সক্ষম অৰ্থাৎ দিব্যাংগ সকলৰ বাবে বিশেষ দিন।দিব্যাংগতা শব্দই কোনো এজন ব্যক্তিৰ শাৰীৰিক বা মানসিক সক্ষমতাক বুজায় যিয়ে ব্যক্তিজনৰ সাধাৰণ কাৰ্যকলাপত বাধাৰ সৃষ্টি কৰে। ১৯৮২ চনৰ পৰা ৰাষ্ট্ৰসংঘই ৩ ডিচেম্বৰত দিব্যাংগ দিৱস পালন কৰি আহিছে। এই দিৱস পালনৰ উদ্দেশ্য হৈছে ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিক আৰু সাংস্কৃতিক জীৱনৰ প্ৰতিটো দিশতে দিব্যাংগ ব্যক্তি সকলৰ অধিকাৰ আৰু কল্যাণৰ বাবে সজাগতা বৃদ্ধি কৰা।

সমগ্ৰ বিশ্বতে ১ বিলিয়ন তকৈ অধিক লোকে কোনোবা নহয় কোনোবা ক্ষেত্ৰত শাৰীৰিক বা মানসিক অক্ষমতাৰ সৈতে বসবাস কৰি আছে। তেওঁ লোকৰ সমস্যা বোৰৰ বিষয়ে সজাগতা সৃষ্টি কৰা বা সকাহ দিবৰ বাবে একাধিক ব্যৱস্থা গ্ৰহণ কৰা হৈছে যদিও বিশেষ বিশেষ স্থানত তেওঁলোকক প্ৰায়ে উপেক্ষা কৰা দেখা যায়। এনে বৈষম্যৰ অন্ত পেলাবলৈ দিব্যাংগ ব্যক্তি সকলৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁলোকক সমাজত সমানে অংশগ্ৰহণ কৰিবলৈ আৰু সামৰ্থ্য অনুসৰি নিজ নিজ ক্ষেত্ৰত অৱদান আগবঢ়াবলৈ অনুপ্ৰাণিত কৰাৰ উদ্দেশ্যে প্ৰতি বছৰে দিব্যাংগ দিৱস পালন কৰা হয়। এই দিনটোত সুযোগহীনতা, বৈষম্য আৰু সহানুভূতিৰ অভাৱৰ বাবে বিশেষ ভাৱে সক্ষম ব্যক্তি সকলে যাতে দুখ-যান্ত্ৰণা ভুগিব লগা নহয় তাৰ ওপৰত আলোকপাত কৰা হয়। প্ৰতি বছৰে দিৱসটোৰ প্ৰতি লক্ষ্য ৰাখি এটা বিষয়বস্তু নিৰ্বাচন কৰা হয়। বিষয়বস্তুৰ ওপৰত গুৰুত্ব আৰোপ কৰি বছৰটোৰ বাবে কিছুমান বিশেষ কাৰ্যসূচী হাতত লোৱা হয়।২০২৫ বৰ্ষৰ দিব্যাংগ দিৱসৰ বিষয়বস্তু হৈছে – সামাজিক প্ৰগতিৰ উন্নতিৰ বাবে অক্ষমতা অন্তৰ্ভুক্ত সমাজক লালন-পালন কৰা (Fostering disability – inclusive societies for advancing social progress)।

মানসিক বলেৰে বিশ্ব জয় কৰি নিজৰ জীৱন কালতেই কিম্বদন্তি পুৰুষ হৈ পৰা ষ্টিফেন উইলিয়াম হকিঙে কৈছিল ” প্ৰতিবন্ধকতা সফলতাৰ বাধা হ’ব নোৱাৰে। মই মোৰ যৌৱন কাল মটৰ নিউৰন নামৰ ৰোগ বিধৰ লগত কটাইছোঁ। তথাপিতো ই মোৰ কেৰিয়াৰত বা পাৰিবাৰিক জীৱনত কোনো বাধা জন্মাব পৰা নাই”। হকিঙে হতাশা জোকাৰি পেলাই শৰীৰত থকা পক্ষাঘাত ৰোগৰ লগত সহবাস কৰি অফুৰন্ত জীৱনী শক্তিৰে গণিত বিজ্ঞান আৰু মহাকাশ বিজ্ঞানত যুগান্তকাৰী অৰিহণা যোগালে। এইসকল ব্যক্তি দিব্যাংগ সকলৰ বাবে প্ৰেৰণা আৰু সাহসৰ প্ৰতীক।

২০১১ চনৰ ভাৰতীয় লোকপিয়লৰ গণনাৰ হিচাপ অনুসৰি ভাৰতত প্ৰায় ২ কোটি ৬৮ লাখ প্ৰতিবন্ধক লোক আছে। ইয়াৰ অধিকাংশই পুৰুষ। এই লোকসকলৰ স্বাস্থ্য, শিক্ষা, সংস্থাপন, সামাজিক স্বীকৃতি আদি নানান ধৰণৰ ব্যৱস্থাৰ উন্নীতকৰণৰ বাবে “জাতিসংঘৰ দিব্যাংগ ব্যক্তিৰ অধিকাৰ সম্পৰ্কীয় সন্মিলন” আৰু ভাৰতৰ ” সামাজিক ন্যায় আৰু অধিকাৰ মন্ত্ৰালয়ে” বিশেষ ভূমিকা পালন কৰি আহিছে। মন কৰিবলগীয়া কথাটো হ’ল ৰাষ্ট্ৰসংঘ , জাতিসংঘ, চৰকাৰ সকলোৱে নিজৰ দায়িত্ব পালন কৰাৰ পাছতো জৰুৰী অৱস্থাত দিব্যাংগ সকল প্ৰায়ে অৱহেলিত হৈ ৰোৱা দেখা যায়। সমাজৰ এটা শ্ৰেণীক উপেক্ষা কৰি সমাজ এখনে সামাজিক প্ৰগতিৰ দিশত আগুৱাই যোৱা সম্ভৱ নহয়। সমাজ হৈছে ব্যক্তিৰ সমষ্টি। সমাজৰ প্ৰতি গৰাকী ব্যক্তিৰ সুস্থ মানসিকতাই সুস্থ সমাজ এখন গঢ়ি তুলিব পাৰে।

ঘৰ খনেই হৈছে শিশু শিক্ষাৰ কঠিয়াতলী।দিব্যাংগ শিশু থকা ঘৰ এখনৰ প্ৰতিজন সদস্যই শিশু জনৰ লালন-পালনৰ ক্ষেত্ৰত সহানুভূতিশীল হ’ব লাগিব। শিশুজনৰ সক্ষমতাৰ দিশটো চিনাক্ত কৰি সেই দিশত কেনেদৰে আগুৱাই লৈ যাব পাৰে তাৰ প্ৰতি বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। তেনে ব্যক্তিক প্ৰেৰণামূলক জীৱনী গ্ৰন্থ পঢ়িবলৈ দিব লাগে নতুবা পঢ়ি শুনাব লাগে অন্যথা ছবিৰ সহায়ত বুজাবলৈ চেষ্টা কৰিব লাগে। পৰিয়ালৰ সম্পূৰ্ণ সহযোগিতা অবিহনে দিব্যাংগ শিশু জনে জীৱন উৎযাপন কৰা সম্ভৱ নহয়। দ্বিতীয়তে এনে শিশু সকলৰ প্ৰতি সমাজৰ ভূমিকাই বিশেষ প্ৰভাৱ পেলায়। সমাজৰ সামাজিক, সাংস্কৃতিক অনুষ্ঠানত এই সকল শিশুৰ অংশগ্ৰহণ বাধ্যতামূলক কৰিব লাগে।যাতে তেওঁলোকে মানসিক ভাৱে সাহস পায়। তেওঁলোকৰ অক্ষমতাক উপলুঙা কৰা উচিত নহয়। প্ৰয়োজন সাপেক্ষে তেওঁলোকে বিচৰাৰ আগতে সহায়ৰ হাত আগবঢ়াব লাগে।

এনে শিশু সকলৰ উত্তৰণৰ বাবে সমাজৰ সাহিত্য – সংস্কৃতিৰ লগত জড়িত প্ৰতিজন ব্যক্তিয়েই দায়বদ্ধ হোৱা উচিত।দিব্যাংগ শিশু সকলৰ বিভিন্ন সমস্যা সমুহ লগত লৈ কেনেদৰে আগবাঢ়ি যাব পাৰি সেই বিষয়ে শিশু পুথি ৰচনা কৰি শিশু সকলক উৎসাহিত কৰিব পাৰে। উদাহৰণ স্বৰূপে কিৰণ তামুলীৰ “অপৰাজেয়” তেনে এখন শিশু পুথি, য’ত প’লিঅ’ ৰোগত আক্ৰান্ত শিশু এজনৰ সফলতাৰ কথা বৰ্ণনা কৰা হৈছে। শেহতীয়াকৈ সকলোৰে প্ৰাণৰ শিল্পী জুবিন গাৰ্গে অন্ধতাৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা চিনেমা ” ৰৈ ৰৈ ৰিনালে” এখন প্ৰেৰণা মূলক চিনেমা। চিনেমা খনত অন্ধতাক জয় কৰি সফলতা লাভ কৰাৰ কথা প্ৰতিফলিত হৈছে। সদৌ শেষত জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জনাই তেখেতৰ মানসিকতাৰে এখন সমভাৱাপন্ন আৰু সম দৃষ্টি সম্পন্ন সমাজ গঢ়ি তুলিবলৈ হ’লে আমি দিব্যাংগ সকলৰ সৈতে হাতে হাত ধৰি আগুৱাই যাবলৈ বদ্ধপৰিপক্ক হ’ব লাগিব।