আজি মেঘেও কান্দিছে  – উদয়ন চেতিয়া

Pc Unsplash

আজি মেঘেও কান্দিছে 

উদয়ন চেতিয়া,ধেমাজি 

আজি মেঘেও কান্দিছে
কিয়? নাজানো।
আজি ৩১ অক্টোবৰ
জুবিন দাৰ হেঁপাহৰে নিৰ্মাণ কৰা
চিনেমা ‘ৰৈ ৰৈ বিনালে’
আজি শুভ মুক্তিৰ দিন।
কিন্তু চিনেমাখন মুক্তি দিবলৈ
মুল মানুহজন আজি আমাৰ মাজত নাই।
গৰিমা বৌয়েও গৈছে
চিনেমাখন চাবলৈ
আৰু লগতে গৈছে
জুবিন দাৰ সৰু ভনীয়েক
ড° পালমী বৰঠাকুৰ।
চিনেমা হলত তোমাৰ বাবে
আসনো ৰাখিছে।
সকলোবোৰ আছে,
সকলোখিনিয়ে কৰিছে,
নাই মাথোঁ তুমি
কেৱল তুমি।
তুমি বিহীন যেন আজি
প্ৰায় তিনি মাহতকৈও অধিক হ’ল
কিন্তু, আজিলৈকে তুমি
ন্যায় পাবলৈ সক্ষম নহ’লা।
এতিয়াও সকলোৱে
অপেক্ষাৰে ৰৈ আছে
যেন তুমি ঘূৰি আহিবা,
কিন্তু, সেয়া যেন সম্ভৱ হ’ব।
এতিয়া যেন ভগৱানেও ভাবিছে
তোমাক ইমান সোনকালে
কিয় লৈ গ’ল
আমাৰ মাজৰ পৰা।
সেয়েহে হয়টো প্ৰকৃতিয়ে
আমাক তোমাৰ প্ৰতিচ্ছবি দেখুৱাইছে।
তুমি চিন্তা নকৰিবা
আমি আছোঁ, আমি সাৰ নামানো
আমি তোমাক ন্যায় দিবলৈ
সক্ষম হ’মে।
তুমি মাথোঁ জিৰণি লোৱা
তেতিয়ালৈ বিদায়…