ভাগৰুৱা জীৱনৰ আকুতি – মৰমী আহমেদ 

Pc- Mokshdwar Hindu Cremation Services

ভাগৰুৱা জীৱনৰ আকুতি 

মৰমী আহমেদ 

 জ্বলি জ্বলি ছাই হোৱা জুইকুৰাৰ মাজত
  চিঞৰি আছে
  এটি আত্মাৰ আকুতি
  নিষিদ্ধ চেতনাৰ বাটত
  এতিয়াও ৰৈ থাকে
  মৃত আশাৰ সেই সঞ্জীৱনী
  যাৰ নাই কোনো স্থিতি
 ব্যথাৰ কোলাত শুই থকা
 ই মাথোঁ এটি ভাগৰুৱা জীৱনৰ কাহিনী।