আজি ৰাঁচীত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত প্ৰথমখন এদিনীয়া

Pc-Press Trust of India

আজি ৰাঁচীত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত প্ৰথমখন এদিনীয়া

ৰঙিলী বাৰ্ত্তাসেৱা- ঘৰুৱা দল ভাৰত আৰু দক্ষিণ আফ্রিকাৰ মাজৰ তিনিখনীয়া এদিনীয়া মেচৰ শৃংখলাটোৰ প্ৰথমখন মেচ  আজি ৰাঁচীত অনুষ্ঠিত হ’ব। স্থায়ী অধিনায়ক শুভমন গিলৰ অনুপস্থিতিত শৃংখলাটোত ভাৰতীয় দলটোক নেতৃত্ব দিব লোকেশ ৰাহুলে। প্রটিয়াজ বাহিনীৰ হাতত টেষ্ট শৃংখলাত শোচনীয় পৰাজয়ৰ পিছত ভাৰতীয় দলটোৰ বাবে এদিনীয়া শৃংখলাটো অধিক গুৰুত্ব হিচাপে বিবেচিত হৈছে। দুই জ্যেষ্ঠ তাৰকা খেলুৱৈ ৰোহিত শৰ্মা আৰু বিৰাট কোহলিৰ প্ৰত্যাৱৰ্তনে এদিনীয়া শৃংখলাটোত ভাৰতীয় দলটোৰ মনোবল বহুখিনি বৃদ্ধি কৰি তুলিব। শৃংখলাটোত ৰোহিত আৰু কোহলিৰ ওপৰত সকলোৰে দৃষ্টি নিবদ্ধ থাকিব। এদিনীয়া মেচখনৰ পূৰ্বে সংবাদ মেল সম্বোধন কৰি টীম ইণ্ডিয়াৰ অধিনায়ক লোকেশ ৰাহুলে কয় যে টেষ্ট শৃংখলাটোত পৰাজয়ৰ পিছত এদিনীয়া শৃংখলাটো আমাৰ বাবে মৰণপণ যুঁজ হিচাপে বিবেচিত হৈছে। প্ৰথম এদিনীয়া মেচত বিজয় সাব্যস্ত কৰি আমি শৃংখলাটোত অভিযান আৰম্ভ কৰিব বিচাৰিছোঁ। সৰহসংখ্যক খেলুৱৈ নৱাগত যদিও বিৰাট কোহলি আৰু ৰোহিত শৰ্মাৰ উপস্থিতিয়ে দলটোৰ মনোবল যথেষ্টখিনি বৃদ্ধি কৰি তুলিব। আশা কৰিছোঁ ৰোহিত আৰু কোহলিয়ে দীঘলীয়া ইনিংছ খেলি শৃংখলাটো দখল কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। ইফালে, মূল একাদশত ঋষভ পন্টে স্থান লাভকৰাৰ সম্ভাৱনা নাই বুলি উল্লেখ কৰি অধিনায়ক ৰাহুলে লগতে কয় যে তেওঁ নিজেই উইকেটকীপৰৰ দায়িত্ব পালন কৰিব। গতিকে, পণ্টক কাইলৈ মেচখনৰ মূল একাদশত অন্তৰ্ভূক্ত কৰাৰ সম্ভাৱনা ক্ষীণ। ইফালে, ৭১২ দিনৰ অন্তত ভাৰতীয় এদিনীয়া দললৈ প্ৰত্যাৱৰ্তন কৰিব ৰুতুৰাজ গাইকোৱাডে। মূল একাদশত গাইকোৱাডে স্থান লাভ কৰাটো প্রায় নিশ্চিত বুলি উল্লেখ কৰি ৰাহুলে লগতে কয় যে যশপ্রীত বুমৰাহৰ অনুপস্থিতিৰ ফলত শৃংখলাটোত ভাৰতীয় দলটোৰ বলিং শক্তি কিছু পৰিমাণে হ্রাস পাব। বুমৰাহক শৃংখলাটোত শ্রাম দিয়া হৈছে। বুমৰাহৰ অনুপস্থিতিত অর্শদীপ সিং আৰু প্ৰসিদ্ধ কৃষ্ণই পেচ বলিওৱ দায়িত্ব চম্ভালিব।