মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ মালিকানাধীন চাহ বাগিচাসমূহৰ শ্ৰমিকসকলক প্ৰথমে ভূমিৰ অধিকাৰ প্ৰদান কৰকঃ গৌৰৱ গগৈ

মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ মালিকানাধীন চাহ বাগিচাসমূহৰ শ্ৰমিকসকলক প্ৰথমে ভূমিৰ অধিকাৰ প্ৰদান কৰকঃ গৌৰৱ গগৈ
১৪ ডিচেম্বৰত দিল্লীৰ ৰামলীলা ময়দানৰ প্ৰতিবাদী কাৰ্যসূচীলৈ অসমৰ পৰা যাব ২ সহস্ৰাধিক প্ৰতিনিধি

ৰঙিলী বাৰ্ত্তাসেৱা-”চাহ জনগোষ্ঠীলৈ ভূমি পট্টা প্ৰদান সন্দৰ্ভত সন্দেহ আছে।’’- চাহ জনগোষ্ঠীলৈ ৰাজ্য চৰকাৰৰ ভূমি পট্টা প্ৰদান সম্পৰ্কে চৰকাৰে লোৱা সিদ্ধান্তক লৈ এই মন্তব্য কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈয়ে। সিদ্ধান্ত গ্ৰহণৰ সময় সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰি গগৈয়ে কয়, ”কেৱল কাগজে-কলমেহে এই সিদ্ধান্ত কৰা হৈছে নে প্ৰকৃতাৰ্থত কাৰ্যকৰী কৰা হ’ব? যদিহে চাহ জনগোষ্ঠীৰ লোকসকলক ভূমি পট্টা দিবলৈ চৰকাৰৰ সদিচ্ছা আছিল তেন্তে সেই কাম কিয় বিগত ১০ বছৰত নকৰিলে? নিৰ্বাচনলৈ মাজত মাত্ৰ ৪ মাহ থকাৰ সময়তহে কিয় অনা হৈছে এই আইন?’’ চাহ জনগোষ্ঠীৰ লোকসকলক ভূমি পট্টা দিয়াৰ বাবে চৰকাৰৰ সদিচ্ছা থাকিলে সৰ্বানন্দ সোণোৱালৰ দিনতে অথবা হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈয়েই কৰিলেহেতেন বুলিও কয় গগৈয়ে। বাস্তৱত চাহ জনগোষ্ঠীৰ লোকসকলক লৈ চৰকাৰৰ কোনো সদিচ্ছা নাই বুলি উল্লেখ কৰি গগৈয়ে আৰু কয়, ”চৰকাৰে আজি চাহ বাগিচাসমূহৰ ভূমি অধিগ্ৰহণ কৰিছে। বাগানসমূহ এনেকুৱা মালিকক গতাই দিলে যিয়ে ভালকৈ চলাব পৰা নাই। শ্ৰমিকসকলৰ পিএফ বন্ধ কৰি দিয়া হ’ল। পূজা, বৰদিনত যি সুবিধা পাই আহিছিল সেইবোৰ নোপোৱা হ’ল।’’ বিগত ৫ বছৰত শ্ৰমিকসকলক ভূমি পট্টা দিয়াৰ পৰিৱৰ্তে হিমন্ত বিশ্ব শৰ্মাই নিজে ইখনৰ পিছত সিখনকৈ কিমানখন চাহ বাগিচা ক্ৰয় কৰিলে তাৰ হিচাপ নাই। চাহ শ্ৰমিকসকলক ভূমিৰ অধিকাৰ দিবলৈ মন থকা হ’লে হিমন্ত বিশ্ব শৰ্মাই নিজে বাগান ক্ৰয় কৰাৰ পৰিৱৰ্তে ইমানদিনে সেয়া কৰিব পাৰিলেহেতেন বুলিও কয় গগৈয়ে। এতিয়া নিৰ্বাচনলৈ দিন চমু চাপিছে বাবেহে এই বিধেয়কখন আনিছে বুলিও কয় প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে। গগৈয়ে কয়, ”প্ৰথমে মুখ্যমন্ত্ৰী আৰু তেওঁৰ পৰিয়ালৰ লোকসকলে যিসমূহ বাগান ক্ৰয় কৰিলে সেই বাগানসমূহৰ তালিকা ৰাজহুৱা কৰক। তাৰপিছত মিডিয়াক মাতি নি কেমেৰাৰ সমুখত সেই বাগানৰ শ্ৰমিকসকলক মাটিৰ অধিকাৰ প্ৰদান কৰক। তেতিয়াহে গম পোৱা যাব যে চৰকাৰে নিৰ্বাচন আহিছে বাবে নহয়, প্ৰকৃতাৰ্থত চাহ জনগোষ্ঠীক ভূমিৰ অধিকাৰ দিব বিচাৰিছে।’’ চাহ শ্ৰমিকসকলৰ লগতে ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ সমস্যাসমূহ সমাধান কৰিবলৈকো গগৈয়ে চৰকাৰক আহ্বান জনায়। গগৈয়ে আৰু কয় যে চাহ শ্ৰমিকসকলৰ অৱস্থা আজিও শোচনীয় হৈ আছে। উন্নত শিক্ষা, উন্নত চিকিৎসা ব্যৱস্থাৰ পৰা আজিও চাহ শ্ৰমিকসকল বঞ্চিত হৈ আহিছে। এনিমিয়াৰ সমস্যা বৃদ্ধি পাইছে। বাগানসমূহৰ ভিতৰত মদ আৰু ড্ৰাগছৰ প্ৰচলন ভয়াৱহভাৱে বৃদ্ধি পাইছে। বাগান অঞ্চলত মুখ্যমন্ত্ৰী ঘনিষ্ঠ মন্ত্ৰীয়ে জলজীৱন মিছনৰ নামত বৃহৎ অনিয়ম সংঘটিত কৰিছে বুলিও গগৈয়ে কয়। এই সমস্যাসমূহ সমাধানৰ দাবীত বিভিন্ন জিলাত থকা বাগান অঞ্চলসমূহত অহা ১০ ডিচেম্বৰৰ পৰা কংগ্ৰেছে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব বুলিও গগৈয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়ে।