পুনৰ মুখ্যমন্ত্রী হ’লে ইউ চি চি আনিম : মুখ্যমন্ত্রী

পুনৰ মুখ্যমন্ত্রী হ’লে ইউ চি চি আনিম : মুখ্যমন্ত্রী

ৰঙিলী বাৰ্ত্তাসেৱা- অসম  বিধানসভাৰ অধিৱেশনত বহুবিবাহ প্ৰতিৰোধী আইন পাৰিত কৰাক লৈ হোৱা বিতৰ্কত অংশ লৈ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই বিৰোধীক টাৰ্গেট কৰি কয়, মই পুনৰ মুখ্যমন্ত্রী হৈ উভতি আহিলে সদনত ইউচিচি(অভিন্ন দেৱানী বিধি) আনিম। বিৰোধীক উদ্দেশ্যি মুখ্যমন্ত্ৰীৰ মন্তব্য- মোক যিমান পাৰে ৰখাই লওক, যিয়ে যেনেকৈ পাৰে বাধা দিয়ক। কিন্তু ভুলতো মই মুখ্যমন্ত্রী হ’লে প্রথম অধিৱেশনতেই ইউচিচি আনিম। বিৰোধী বিধায়ক অখিল গগৈক কটাক্ষ কৰি সদনত মুখ্যমন্ত্ৰীয়ে কয়- মোক ৰখোৱাৰ বাবে অখিল গগৈৰ দায়িত্ব বাঢ়িল। আপোনালোকে আৰু কষ্ট কৰক আৰু চেষ্টা কৰক যাতে আপোনালোকে আমাক ৰখাব পাৰে আৰু যদি আমাক ৰখাব নোৱাৰে, মই প্রতিশ্রুতি দিলোঁ- অসমত ইউচিচি আনিম। অসমৰ মুখ্যমন্ত্ৰী হৈ যদি মই উভতি আহিব পাৰোঁ, ইউচিচি আনিমেই। আনহাতে অসমত ছোৱালীৰ বিবাহৰ বয়স ন্যূনতম ২১ বছৰ কৰা হ’ব বুলিও বিধানসভাত ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে। বাল্যবিবাহ ৰোধ কৰাৰ লক্ষ্যৰে আৰু বিধানসভাত গৃহীত হোৱা বহুবিবাহ প্ৰতিৰোধী আইনৰ পাছত এইবাৰ চৰকাৰে যুৱতীৰ বিবাহৰ বয়স ২১ বছৰ কৰিব বুলি মুখ্যমন্ত্রী ড° শৰ্মাই ঘোষণা কৰি কয়- মোক যদি ভগৱানে শক্তি দিয়ে, অহাবাৰ মহিলাৰ বিয়াৰ ন্যূনতম বয়স হ’ব ২১ বছৰ। ১৮ বছৰৰ পৰা বিবাহৰ বয়স ২১ বছৰলৈ বৃদ্ধি কৰা হ’ব। এই চৰকাৰখনৰ টার্গেটত আছিল বহুবিবাহ প্ৰতিৰোধ আৰু বাল্যবিবাহ বন্ধ কৰা। এই দুয়োটাই হোৱাৰ পাছত যুৱতীৰ বিয়াৰ ন্যূনতম বয়স হ’ব ২১ বছৰ। অহা ১ জানুৱাৰীত অৰুণোদয়ৰ ধনৰ পৰিমাণ ৩ হাজাৰ টকাতকৈ বেছি কৰাৰ ইংগিত প্ৰদান কৰি মুখ্যমন্ত্রীয়ে বিধায়ক অখিল গগৈক উদ্দেশ্যি কয়- ১ জানুৱাৰীত এইক্ষেত্ৰত কৰা হ’ব ঘোষণা। আপুনি নিশ্চিত থাকক, ১ জানুৱাৰীত মই যিটো গুলী ফুটাম আপুনি নির্বাচনত উঠিব নে নাই চিন্তা কৰিব। মুখ্যমন্ত্ৰীয়ে অহা ফেব্ৰুৱাৰী মাহত বিধানসভাৰ অধিৱেশনত লাভ জেহাদৰ বিৰুদ্ধেও আইন আনিব বুলি মন্তব্য কৰে।